চাবোনৰ কথা
নিউয়র্কৰ বিশ্ব বাণিজ্য কেন্দ্রত সন্ত্রাসবাদীৰ আক্রমণৰ পিছত আৰু এক নতুন ধৰণৰ সন্ত্রাসবাদী অভিযান আৰম্ভ হৈছিল৷ সেইটো আছিল ডাকযোগে চিঠিৰ খামত এনথ্রাক্স নামৰ ভয়াৱহ ৰোগৰ বীজাণু প্রেৰণ৷ এই অভিনৱ সন্ত্রাস–ভিযানৰ সহজ প্রতিকাৰ একো নাছিল৷ সেই কাৰণে আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰে নাগৰিকসকলক এইবুলি উপদেশ দিছিল যে তেওঁলোকে যেন যিকোনো বস্তু স্পর্শ কৰাৰ পিছত চাবোনেৰে হাত ধোৱাৰ কামটো এটা নিয়মিত অভ্যাসত পৰিণত কৰে৷
এই চৰকাৰী নির্দেশৰ পৰা এটা কথা বুজা গ’ল যে আমেৰিকা যুক্তৰাষ্ট্রৰ নিচিনা এখন ধনী আৰু উন্নত দেশৰ মানুহকো চাবোনৰ উপকাৰিতাৰ কথা বুজাবলৈ চৰকাৰী প্রচাৰ অভিযানৰ প্রয়োজন হয়৷ তেনেস্থলত আমাৰ নিচিনা দৰিদ্র আৰু অনুন্নত দেশৰ বেছিভাগ মানুহৰ কাৰণেই যে চাবোন নিত্য–ব্যৱহার্য সামগ্রী নহয়– বৰং সি এক বিলাসৰহে সামগ্রী– সেই কথা প্রমাণ কৰিবলৈ নিশ্চয় কোনো সমীক্ষাৰ প্রয়োজন নাই৷ আমাৰ দেশত এতিয়াও এনেকুৱা কোটি কোটি মানুহ আছে– যিসকলে গোটেই জীৱনত এবাৰৰ কাৰণেও চাবোন ব্যৱহাৰ কৰি পোৱা নাই৷ গা ধুবলৈ বা হাত ধুবলৈ চাবোন ব্যৱহাৰ কৰা দূৰৰ কথা– আনকি মলত্যাগৰ পিছত হাতেৰে শৌচদ্বাৰ চাফা কৰি সেই হাতখন ধুুবলৈকো চাবোন ব্যৱহাৰ কৰাৰ কথা বেছিভাগ মানুহে কল্পনা কৰিব নোৱাৰে৷ ভাৰতীয় হিন্দু মানুহে বাঁওহাতখনক অলপ ঘৃণাৰ চকুৰে চায়৷ যিকোনো কামৰ কাৰণে বাঁওহাতখনক আগবঢ়াই দিয়াটোক তেওঁলোকে কু–ৰুচিৰ পৰিচায়ক বুলি ভাবে৷ আর্থাৰ কোয়েষ্টলাৰ যেতিয়া প্রথমবাৰৰ কাৰণে ভাৰত ভ্রমণ কৰিবলৈ আহিছিল, তেতিয়া এই কথাটো লক্ষ্য কৰি তেওঁ অতি বিস্মিত আৰু বিমূঢ় হৈছিল৷ কিন্তু ভাৰতত কিছুদিন থাকি এই দেশৰ ৰীতি–নীতিৰ লগত পৰিচিত হোৱাৰ পিছতেই তেওঁ ঘৃণিত বাঁওহাতৰ আচল তাৎপর্যটো বুজি পালে৷ শৌচদ্বাৰ চাফা কৰিবলৈ বাঁওহাত ব্যৱহাৰ কৰা হয়, –কেৱল সেই কাৰণেই ভাৰতীয় হিন্দু মানুহে বাঁওহাতখনক অলপ ঘৃণা আৰু সংকোচৰ দৃষ্টিৰে চায়৷ আর্থাৰ কোয়েষ্টলাৰে এই কথা তেওঁৰThe Lotus and the Robot নামৰ কিতাপত লিখি থৈ গৈছে৷ অৱশ্যে শৌচদ্বাৰ চাফা কৰিবলৈ বাঁওহাত ব্যৱহাৰ কৰিলেও তাক যথাবিধি যত্নসহকাৰে চাফা কৰিলে বাঁওহাতখনকো নিশ্চয় ঘৃণামুক্ত কৰি বীজাণুমুক্ত কৰি ৰাখিব পাৰি৷ বহুতো মানুহে ৰাখেও৷ কিন্তু এটা বিষয়ে কোনো সন্দেহ নাই যে বেছিভাগ মানুহেই– বিশেষকৈ দৰিদ্র আৰু অশিক্ষিত মানুহে– মলত্যাগৰ পিছত বাঁওহাতখন ভালকৈ পৰিষ্কাৰ নকৰে বা কৰিব নাজানে৷ মলত্যাগৰ পিছত বাঁওহাত পৰিষ্কাৰ কৰাৰ আটাইতকৈ নিৰাপদ আৰু নির্ভৰযোগ্য উপায় হ’ল বীজাণুনাশক চাবোন ব্যৱহাৰ কৰা৷ কিন্তু নিয়মিতভাৱে চাবোনৰ ব্যৱহাৰ কৰিবলৈ আমাৰ নিচিনা দৰিদ্রপ্রধান দেশত কিমান মানুহৰ উপযুক্ত শিক্ষা আৰু আর্থিক সংগতি আছে? যিস্থলত আমেৰিকাৰ নিচিনা ধনী আৰু উন্নত দেশত হাত ধুবৰ কাৰণে চাবোনৰ ব্যৱহাৰ কৰিবলৈ চৰকাৰে সর্বসাধাৰণ মানুহক সকীয়াই দিব লগা হয়, তেনেস্থলত আমাৰ নিচিনা দৰিদ্র আৰু নিৰক্ষৰপ্রধান দেশত চাবোনৰ ব্যাপক আৰু নিয়মিত ব্যৱহাৰ আশা কৰিব পাৰিনে?
এইখিনিতে এটা প্রশ্ণ উঠিব পাৰে ঃ চাবোনৰ ব্যৱহাৰনো কেতিয়াৰ পৰা আৰম্ভ হ’ল? চাবোন উদ্ভাৱিত হোৱাৰ আগতে মানুহে কেনেকৈ নিজৰ শৰীৰ পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰিছিল? উদৰ সাতপুৰুষ গ’ল কেঁচা মাছ খাই এতিয়া আকৌ ভজা মাছৰ কথা উলিয়াব লগা হৈছে কিয়?
অসমত সৌ সিদিনালৈকে চাবোনৰ ব্যৱহাৰ নিশ্চয় নাছিল৷ মহাপুৰুষীয়া বৈষ্ণৱ ধর্মাধিকাৰসকলে শাৰীৰিক পৰিষ্কাৰ–পৰিচ্ছন্ন ওপৰত অত্যধিক গুৰুত্ব দিছিল সেই কাৰণে শৌচাচাৰৰ পিছত ‘মাটি–পানী লৈ’ হাত পৰিষ্কাৰ কৰাৰ কামটোক তেওঁলোকে ধর্মাচাৰৰ অংগীভূত কৰিছিল৷ কিন্তু সেই কামটোক কিমানে কেৱল যান্ত্রিকভাৱে কৰিছিল আৰু কিমানে জানি–বুজি যত্নসহকাৰে কৰিছিল সেই বিষয়ে নিশ্চয় সন্দেহৰ অৱকাশ আছে৷ প্রায় দুহাজাৰ বছৰৰ আগৰ ৰোমান পণ্ডিত প্লিনিৰ লেখাত চাবোনৰ উল্লেখ পোৱা যায়৷ কিন্তু ইউৰোপত চাবোনৰ বাণিজ্যিক উৎপাদন পোন্ধৰ শতিকাৰ শেষৰ ফালৰ পৰাহে আৰম্ভ হয়৷ অৱশ্যে, চাবোনৰ ব্যৱহাৰ আছিল অতি সীমিত৷ চাবোন ব্যৱহাৰ কৰা দূৰৰ কথা, আনকি পানীৰে নিয়মিতভাৱে গা ধোৱাটোও বেছিভাগ ইউৰোপীয়ৰ কাৰণে আছিল কেৱল বিলাসিতা৷ শৰীৰত পুঞ্জীভূত হোৱা ময়লাৰ দুর্গন্ধ নাশ কৰিবলৈকে ফ্রান্সত সুগন্ধি–দ্রব্যৰ উদ্ভাৱন কৰা হৈছিল৷ মহাৰাণী ভিক্টোৰিয়াৰ ৰাজত্বৰ সময়লৈকে আনকি অভিজাত ইংৰাজ মহিলায়ো শৰীৰৰ নিম্নাংগ পৰিষ্কাৰ কৰিবৰ কাৰণে– চাবোন দূৰৰ কথা – আনকি পানীও ব্যৱহাৰ কৰা নাছিল৷ ইংলেণ্ডতেই যদি এই অৱস্থা, তেন্তে ভাৰতৰ নিচিনা দৰিদ্র আৰু নিৰক্ষৰপ্রধান দেশৰ বেছিভাগ মানুহেই অজ্ঞতাবশতঃ আৰু সুবিধাৰ অভাৱত গোটেই জীৱন কেনেধৰণৰ অপৰিষ্কাৰ আৰু পূতিগন্ধ শৰীৰৰ অভিশাপ বহন কৰে সেই কথা অনুমান কৰিবলৈ খুব বেছি কল্পনাশক্তিৰ নিশ্চয় প্রয়োজন নাই৷ ৰোগৰ বীজাণুৰ এটা প্রধান আশ্রয় আৰু উৎপত্তিস্থল হ’ল শৰীৰৰ ময়লা৷ ছক্রেটিছৰ সমসাময়িক এজন গ্রীক লেখকে লিখি থৈ গৈছে যে এবাৰ এথেন্সত কিবা এবিধ ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰোঁতে নগৰখনৰ বেছিভাগ মানুহেই ৰোগাক্রান্ত হৈছিল বহুত মানুহ মৰিছিল৷ ৰোগে কিন্তু সমূলি স্পর্শ কৰিব পৰা নাছিল ছক্রেটিছক৷ কাৰণ তেওঁ আছিল শাৰীৰিক আৰু মানসিক নির্মলতাৰ জীৱন্ত প্রতিমূর্তি৷
আপাত–দৃষ্টিত তুচ্ছ যেন লগা আৰু ব্যৱহাৰ–জীর্ণ কেইটামান বস্তুৱে মানুহৰ জীৱনধাৰা আৰু সমাজ–সভ্যতালৈ বৈপ্লৱিক পৰিৱর্তন আনিছে৷ যেনে– ছেনিটেৰি পায়খানা, জন্ম–নিৰোধক কণ্ডম, চাবোন৷ এনথ্রাক্সৰ বিভীষিকাৰ সন্মুখীন হৈ আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰে নতুনকৈ স্মৰণ কৰিছিল চাবোনক৷ ৰোগৰ বীজাণু শৰীৰত প্রৱেশ কৰিব নোৱাৰিলেই মানুহ বহু পৰিমাণে ৰোগমুক্ত হৈ থাকিব পাৰে৷ বহুতো ৰোগৰ বীজাণু মানুহৰ শৰীৰত প্রৱেশ কৰে কেৱল হাতৰ যোগেদি৷ গতিকে চাবোনেৰে হাত দুখন ভালকৈ ধুই পৰিষ্কাৰ কৰি ৰাখিব পাৰিলে বহুতো ৰোগৰ আক্রমণৰ পৰা মুক্ত হৈ থকাটো সম্ভৱ৷ বিশেষকৈ জনাকীর্ণ আৰু আৱর্জনাপূর্ণ নগৰ–চহৰত বাস কৰা মানুহে বাহিৰৰ পৰা ঘৰলৈ আহিয়েই চাবোনেৰে হাত দুখন ভালকৈ ধুবলৈ অভ্যাস কৰা উচিত৷ যিকোনো আহাৰ খোৱাৰ আগতে চাবোনেৰে হাত ধোৱাটো নিজে নিজৰ কাৰণে বাধ্যতামূলক কৰা উচিত৷ কিন্তু কেৱল নিজে পৰিষ্কাৰ হৈ থাকিলেই নহ’ব৷ যিবোৰ মানুহে ৰান্ধনী আৰু কাম কৰা মানুহৰ ওপৰত নির্ভৰ কৰি চলে, তেওঁলোকে ৰান্ধনী আৰু লগুৱা–লিগিৰীকো চাবোনৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিব লাগিব৷