নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰ’নাল্ডোৰ বিলাসী হোটেলত ক’ৰোনাত আক্রান্তক সেৱা–শুশ্রূষা

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ফুটবলৰ পথাৰত গগনচুম্বী সাফল্য অর্জন কৰা পর্তুগালৰ ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ সামাজিক দায়বদ্ধতা আৰু সেৱাৰ মনোভাব বিশ্ববাসীয়ে ইতিমধ্যে প্রত্যক্ষ কৰিছে৷ সময়ে সময়ে তেওঁ দুর্যোগৰ সন্মুখীন হোৱা বিভিন্ন দেশৰ নাগৰিকৰ সন্মুখত ত্রাণকর্তাৰ ৰূপত অৱতীর্ণ হৈছে৷ সম্প্রতি বিশ্বজুৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ এইবাৰ আগবাঢ়ি আহিছে বিশ্ব ফুটবলৰ অন্যতম শ্রেষ্ঠ ষ্ট্রাইকাৰগৰাকী৷ স্পেনিছ সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰি অনুসৰি ৰ’নাল্ডোৱে তেওঁৰ সকলো বিলাসী হোটেলত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকসকলক চিকিৎসা আৰু উপযুক্ত শুশ্রূষাৰ ব্যৱস্থা কৰি দিছে৷ সম্পূর্ণ বিনামূলীয়াকৈ তেওঁ নিজৰ বিলাসী হোটেলসমূহক চিকিৎসালয়লৈ ৰূপান্তৰিত কৰিছে৷ ক’ৰোনা ভাইৰাছত আক্রান্ত লোকসকলৰ চিকিৎসাৰ সৈতে জড়িত হৈ থকা চিকিৎসক আৰু চিকিৎসা কর্মীসকলৰ ব্যয় ৰ’নাল্ডোৱে নিজে বহন কৰা বুলিও স্পেনিছ সংবাদ মাধ্যমত প্রকাশ পাইছে৷

উল্লেখ্য যে জুভেণ্টাছৰ তাৰকাগৰাকীয়ে ইয়াৰ পূর্বে তেওঁৰ অনুৰাগীসকলক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছিল৷ ‘সমগ্র বিশ্বই এতিয়া ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ এই মুহূর্তত মানুহৰ জীৱন সুৰক্ষিত কৰাটো সকলোৰে প্রাধান্যৰ বিষয় হোৱা উচিত৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা মানৱ সমাজক মই সকলো ধৰণে সহযোগ কৰি যাম৷’ ৰ’নাল্ডোৱে এইদৰে কৈছিল৷ মন কৰিবলগীয়া যে জুভেণ্টাছৰ সতীর্থ খেলুৱৈ ডেনিয়েল ৰুগানি শেহতীয়াকৈ এই ভাইৰাছত আক্রান্ত হোৱাৰ বাবে ক্রিষ্টিয়ানো ৰ’নাল্ডোক যোৱা সপ্তাহত পর্তুগালৰ মাডেইৰা চহৰত গৃহবন্দী কৰি ৰখা হৈছিল৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজৰ বিলাসী হোটেলক চিকিৎসালয়লৈ ৰূপান্তৰিত কৰি ৰ’নাল্ডোৱে পুনৰ এবাৰ মানৱসেৱাৰ উৎকৃষ্ট নির্দশন দাঙি ধৰিলে৷

You might also like