নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিটিচি নির্বাচনত পূর্ণ শক্তিৰে নামিব বিজেপিয়ে’

নিয়মীয়া বার্তা, ১৬ মার্চঃ বিজেপি দলৰ মন্ত্রী–বিধায়কসকল বিটিচিৰ বিভিন্ন অঞ্চলত প্রৱেশ কৰি প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে ৷ লক্ষণীয় যে যোৱা ১৪ মার্চৰ পৰা বাগ্সা জিলাৰ তামুলপুৰত বাহৰ পাতি আছে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা ৷ সমষ্টিয়ে সমষ্টিয়ে প্রৱেশ কৰি দলীয় সাংগঠনিক ভেটি পর্যবেক্ষণ আৰু নিৰীক্ষণ কৰাত ব্যস্ত হৈ পৰিছে মন্ত্রীগৰাকী ৷ দেওবাৰে দিনৰ ভাগত তামুলপুৰ মহকুমাৰ অন্যতম সমষ্টি ২৮নং গয়বাৰী পৰিষদীয় সমষ্টিৰ দলীয় কর্মকর্তাৰ সৈতে আলোচনাত মিলিত হৈছে মন্ত্রীগৰাকী ৷ তামুলপুৰৰ দুর্গা মন্দিৰ প্রাংগণত দলীয় সভাত অংশগ্রহণ কৰাৰ পিছত দেওবাৰেও দিনৰ ১ বজাত পুনৰ তামুলপুৰৰ সাংস্কৃতিক ভৱনত এখন দলীয় সভাত মন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰে আৰু বাগ্সা জিলা আৰু মণ্ডল পর্যায়ৰ নেতাসকলৰ লগত দলৰ আভ্যন্তৰীণ বিষয়ত আলোচনা কৰে ৷ সভাৰ প্রাকমুহূর্তত সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত ১৬ মার্চৰ ভিতৰত বিজেপি দলে চূড়ান্ত প্রার্থীৰ তালিকা ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে মন্ত্রীগৰাকীয়ে ৷

ইপিনে জয়ন্ত মল্ল বৰুৱাই শনিবাৰে বিটিচি নির্বাচনত বিজেপিৰ মূল শত্রু বিপিএফ হ’ব বুলি কোৱা কথাৰ প্রতিক্রিয়া জানিব বিচৰাত মন্ত্রীগৰাকীয়ে কয় যে বিজেপিয়ে বিপিএফক শত্রু বুলি গণ্য নকৰে ৷ মন্ত্রীগৰাকীয়ে কয় সমাগত বিটিচি নির্বাচনত বিপিএফৰ সৈতে বিজেপিয়ে বন্ধুত্বপূর্ণভাৱে প্রতিদ্বন্দ্বিতা কৰিব ৷ কিন্তু বিটিচি নির্বাচনত বিজেপি দলে পূর্ণ শক্তিৰে অংশ ল’ব আৰু এক ভাল সংখ্যাৰ আসন লাভ কৰিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ তেওঁ পুনৰ সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে কয় যে বিটিচি পৰিষদ গঠনত বিজেপি দলে নির্ণায়ক ভূমিকা গ্রহণ কৰিব আৰু বিজেপিক বাদ দি কোনেও বিটিচি পৰিষদ গঠন কৰিব নোৱাৰে ৷ ইপিনে ক’ৰোনাক লৈ সমগ্র বিশ্বতে আতংকই বিৰাজ কৰাৰ সময়তে আজি পুৱাৰ ভাগত হঠাতে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই তামুলপুৰৰ ভাৰত–ভূটান সীমান্ত পৰিদর্শন কৰে ৷ মন্ত্রীগৰাকীয়ে দেওবাৰে ইষ্টার্ন ভূটানৰ ছামদ্রুপ ঝংখাৰৰ সীমান্তৱর্তী এলেকা এন কে দৰঙা, গেৰেজ লাইন পৰিদর্শন কৰে৷ পৰিদর্শন কালত মন্ত্রীগৰাকীয়ে সর্বসাধাৰণ ৰাইজৰ লগত মত বিনিময় কৰে ৷ ক’ৰোনা ভাইৰাছৰ ক্ষেত্রত আতংকিত নহৈ এই সংক্রমণৰ পৰা ৰক্ষা পোৱাৰ বাবে বাৰে বাৰে হাত ধুবলৈ ৰাইজক আহ্বান জনায় ৷ জ্বৰ–কাহ–হাঁচি মাৰি থকা মানুহৰ পৰা নিৰাপদ দূৰত্বত থাকিবলৈও তেওঁ ৰাইজক পৰামর্শ দিয়ে ৷ ইপিনে বাগ্সা জিলা যুটীয়া সঞ্চালকৰ নির্দেশমর্মে স্বাস্থ্য বিভাগৰ দল এটাই ভাৰত–ভূটান সীমান্তত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিও সজাগতাৰ সৃষ্টি কৰা দেখা গৈছে ৷

You might also like