নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ এডভাণ্টেজ আছাম ২.০ই কেৱল অর্থনৈতিক ক্ষেত্রখনলৈয়ে নহয়, ৰাজ্যৰ উদ্যমীসকললৈও আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বিভিন্ন ক্ষেত্রত টাটা, ৰিলায়েঞ্চ, জে এছ ডব্লিউ আদিৰ দৰে আগশাৰীৰ প্রতিষ্ঠানে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰাৰ সময়তে ৰাজ্যৰ বহু ন–উদ্যমীয়ে লাভ কৰিছে বিনিয়োগকাৰীৰ নতুন বতৰা৷ এডভাণ্টেজ আছাম ২.০ৰ সৈতে সংগতি ৰাখি খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্রদর্শিত হৈছে অসমৰ থলুৱা উদ্যোগীসকলে প্রস্তুত কৰি উলিওৱা বিভিন্ন সা–সামগ্রী৷ অসমৰ কাজি নেমুৰ পৰা পিঠা–লাড়ুলৈকে, বাঁহ–বেত–মেটেকাৰ সামগ্রীৰ পৰা পাট–মুগাৰ কাপোৰলৈকে সকলো ধৰণৰ সা–সামগ্রীয়ে এই প্রদর্শনীত উপলব্ধ হৈছে৷ য’ত এডভাণ্টেজ আছাম ২.০ত অংশগ্রহণ কৰা বিনিয়োগকাৰীসকলে অসমৰ থলুৱাভাৱে উৎপাদিত সা–সামগ্রীসমূহৰ উমান লাভ কৰিছে৷ আনকি দেশ–বিদেশৰ বহু বিনিয়োগকাৰীয়ে থলুৱাভাৱে উৎপাদিত এই সামগ্রীসমূহ ক্রয় কৰিবলৈও আগ্রহ প্রকাশ কৰিছে৷ যাৰ পৰিপ্রেক্ষিতত এই সন্মিলনৰ মঞ্চৰ পৰাই বহু থলুৱা উদ্যমীয়ে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় পর্যায়ত এখন নতুন বজাৰ লাভ কৰিব বুলিও আশা কৰা হৈছে৷ প্রদর্শনীস্থলীত কাজি নেমুৰ পৰা প্রস্তুত কৰা বিভিন্ন ধৰণৰ সা–সামগ্রী প্রদর্শন কৰিছে লেমনষ্টৰী নামৰ প্রতিষ্ঠানটোৱে৷ ক্লাছিল লেমন ড্রিংক, মচালা লেমন ড্রিংক আদিয়ে প্রদর্শনীলৈ অহা লোকসকলৰ বিশেষ আকর্ষণ লাভ কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে সন্মিলনখনলৈ অহা লোকসকলৰ বিশেষ দৃষ্টি আকর্ষণ কৰিছে গ’ল্ডেন থ্রেডছ অৱ আছামৰ বিপণীয়ে৷ য’ত এৰী–পাট–মুগাৰ কাপোৰৰ শাল স্থাপন কৰি বিপণীখনৰ জৰিয়তে দর্শনার্থীসকলৰ আকর্ষণ লাভ কৰিছে৷ ইয়াৰ বিপণীত কুচন, বিছনা চাদৰ, পুৰুষৰ বিভিন্ন পোছাক, মহিলাৰ বিভিন্ন পোছাক, শিশুৰ পোছাক আদিও উপলব্ধ৷ তদুপৰি স্থানীয়ভাৱে উৎপাদিত জহা চাউল, চাহ বিপণীত প্রদর্শন কৰা হৈছে৷ কালি প্রদর্শনী উদ্বোধন কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও বিপণীখন পৰিদর্শন কৰে৷ ইয়াৰ সমান্তৰালভাৱে অনামিকা হেণ্ডলুমে পাট, মুগাকে ধৰি বিভিন্ন ধৰণৰ সাজ–পোছাক প্রদর্শন কৰিছে তেওঁলোকৰ বিপণীৰ জৰিয়তে৷ কাঠ–বাঁহৰ বিভিন্ন সা–সামগ্রী, ঘৰ সজোৱা সামগ্রী, মিলেট, হার্বেল ৱাইন, টি ৱাইন আদিও প্রদর্শনীত বহু উদ্যমীয়ে প্রদর্শন কৰিছে৷ তদুপৰি বিভিন্ন বিত্তীয় প্রতিষ্ঠান, আগশাৰীৰ প্রযুক্তি প্রতিষ্ঠান, ইলেকট্র’নিক প্রতিষ্ঠান আদিয়েও প্রদর্শনীৰ জৰিয়তে তেওঁলোকৰ উৎপাদিত সা–সামগ্রী প্রদর্শন কৰি দর্শনার্থী তথা বিনিয়োগকাৰীৰ দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰিছে৷ প্রদর্শনীত অংশগ্রহণ কৰা থলুৱা উদ্যমীসকলে ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে আগন্তুক সময়ত এখন বজাৰ লাভ কৰিব বুলি আশা প্রকাশ কৰে৷