বিহুনৃত্যৰ তালে তালে কঁকাল ভাঙিলে বিদেশীয়ে
বিশেষ বাৰ্তা, ২৬ ফ্ৰেব্ৰুৱাৰীঃ অসমৰ চৰকাৰ উদ্যোগত গুৱাহাটীত আৰম্ভ হোৱা এডভান্টেজ আছাম ২.০ উপলক্ষে বিভিন্ন দেশৰ ৰাস্ট্ৰদূত সকল অসমত উপস্থিত হৈছে৷ ইয়াৰে ১৯খন দেশৰ ৰাষ্ট্ৰদূত শুৱালকুছি ইনষ্টিটিউটত অফ ফেশ্বন টেকন’লজি চমুকৈ ’চিফট’ প্ৰতিষ্ঠানত উপস্থিত হৈ শুৱালকুছিৰ পাট মুগাৰ শিল্প পৰিদৰ্শন কৰি বিদেশী ৰাষ্ট্ৰদূতসকলে অভিভূট হৈ পৰে৷ ইয়াৰে কেইবাগৰাকী প্ৰতিনিধিয়ে শিপিনী ৰূপত অৱতীৰ্ণ হৈ তাতঁৰ পাতত বহি কাপোৰ উৎপাদন কৰাৰ প্ৰচেষ্টা চলায়৷ লগতে শিপিনীৰ লগত মতবিনিময়ো কৰি বস্ত্ৰশিল্পৰ বুজ লবলৈ চেস্টা কৰে৷ তেওঁলোকে তাতঁশালত বহি বিমল আনন্দ প্ৰকাশ কৰে ৷ ইয়াৰ পিছতে চিফটে অনুষ্ঠিত কৰা পাট-মুগা আৰু এড়ি কাপোৰৰ ষ্টলত বিদেশী প্ৰতিনিধিসকল উপস্থিত হৈ শুৱালকুছিৰ শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কাপোৰসমুহ দেখি আচাৰ্য প্ৰকাশ কৰে আৰু কাপোৰবোৰ লিৰিকি বিদাৰি চাই ’ভেৰি নাইচ’ বুলি কয়৷ প্ৰতিনিধি দলটোৱে পাট-মুগাৰ লগতে এড়ি বস্ত্ৰও ক্ৰয় কৰে ৷ লগতে আন আন সামগ্ৰীয়ো ক্ৰয় কৰে৷ এগৰাকীয়ে নাৰিকলৰে থলুৱাভাৱে তৈয়াৰী এটি হাতে লেম্ব আৰু কাঠেৰে নিৰ্মিত কামাখ্যা মন্দিৰ প্ৰতীকপটো ক্ৰয় কৰি কাপোৰ আৰু সামগ্ৰীসমুহক ভূয়সী প্ৰশংসা কৰে৷ প্ৰতিধিনি দলটোক বিহুৰ নৃত্যৰে আদৰণি জনোৱাৰ লগতে আপ্যায়ন কৰে অসমীয়া থলুৱা জলপান কোমল চাউল, চিৰা, আঠালগা দৈ, গুৰ, কলপাতত দিয়া পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাৰু, তিলপিঠা, নাৰিকল পিঠা, চুজিৰ লাড়ু, মিঠাই আদিৰে আপ্যায়ন কৰা হয় প্ৰতিনিধি দলটোক৷ আপ্যায়নৰ ব্যৱস্থা কৰে অসম গ্ৰামীন জীৱিকা অভিযানৰ তৰফৰ পৰা৷ আৰম্ভণিতে প্ৰতিনিধি দলটিক ফুলাম গামোচাৰে আদৰি চিফটলৈ নিয়া হয়৷ তাত দলটোৰ আগত শুৱালকুছি আৰু ইয়াৰ বস্ৰশিল্পৰ বিষয়ে এটি চমু আভাষ দাঙিধৰি চিফটৰ অধ্যক্ষা নিৰাঞ্জলী কাকতিয়ে৷ শুৱালকুছিলৈ অহা প্ৰতিনিধিসকল আছিল আমেৰিকা, বালাংদেশ, বুলগেৰিয়া, কলম্বিয়া, কষ্টাৰিকা, কিউবা, চাইপ্ৰাছ (Cyprus), ইটালী, ফিনলেণ্ড, আইচলেণ্ড, কেনিয়া, মালৱেছিয়া, পোলেণ্ড, চুইডেন, অস্ট্ৰিয়া , ভূটান, ব্ৰাজিল, ৰোমানিয়া আৰু পাপুৱা নিউ গিনিয়া (Papua New Guinea)৷ কামৰূপ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত কমল বৰুৱা, শুৱালকুছি খণ্ড উন্নয়ন বিষয়া মিনাক্ষী মহন্ত, বস্ত্ৰশিল্প বিভাগৰ হেণ্ডলুম বিষয়া বিপুল দাস প্ৰমুখ্যে কেবা গৰাকী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
প্ৰেৰক দিলীপ মেধি