প্ৰত্যাহ্বান নেওচি মুগা পালনত ব্যস্ত ঢকুৱাখনাৰ মুগা পালক
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : অসম-অসমীয়াৰ স্বাভিমানৰ প্ৰতীক,গৌৰৱৰ বাহক মুগা শিল্প। সোণালী সূতাৰ দেশ নামেৰে খ্যাত অসমৰ মুগাই সমগ্ৰ বিশ্বতে গঢ়ি তুলিছে এক সুকীয়া পৰিচয়। সোণালী সূতা বুলি কলেই মনলৈ আহে অসমৰ মুগা শিল্পৰ কথা। মুগা অসম আৰু অসমীয়াৰ বাবে এক উদ্যোগ বা জীৱিকাৰ উৎসই নহয় ই অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনতো যথেষ্ট বৰঙনি আগবঢ়াই আহিছে।ৰেচম শিল্পত চহকী অসমৰ গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাই নহয় টনকিয়াল কৰিছে আহিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি।অসমীয়াৰ সাতামপুৰুষীয়া এক পৰম্পৰা তথা পুৰ্বপুৰুষানুক্ৰমে চলি অহা এক পদ্ধতি হ’ল মুগা পালন।এই মুগা শিল্পৰ ক্ষেত্ৰত ঢকুৱাখনাৰ আছে এক সুকীয়া পৰিচয়।অতীজৰে পৰাই ঢকুৱাখনাৰ বহু লোকে মুগা পালনক বৃত্তি হিচাপে গ্ৰহণ কৰি প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ লগতে নিজৰ পৰিয়ালক আৰ্থিক দিশটো টনকিয়াল কৰি আহিছে।সম্প্ৰতি জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে কীটনাশকৰ প্ৰয়োগেও অসমৰ মুগা শিল্পলৈ কঢ়িয়াই আনিছে অশনি সংকেত।উদ্বেগজনক হাৰত হ্রাস পাইছে মুগাৰ উৎপাদন।ইয়াৰ মাজতো হতাশ হোৱা নাই মুগা শিল্পৰে চহকী ঢকুৱাখনাৰ একাংশ কৃষক। বিশেষকৈ মুগা শিল্পত জড়িত ঢকুৱাখনাৰ প্ৰায় দহ সহস্ৰাধিক পৰিয়ালে চলাই গৈছে জীৱন সংগ্ৰাম।ৰাজ্যৰ ৰেচম বিভাগে মুগা পালকসকলক পৰ্যাপ্ত সুবিধা প্ৰদান নকৰিলেও মুগা পালকসকলে সাতামপুৰুষীয়া পৰম্পৰা ধৰি ৰাখিছে।খেতি-বাতি সামৰি ঢকুৱাখনাৰ প্ৰায় চাৰি সহস্ৰাধিক কৃষক সম্প্রতি জড়িত হৈ পৰিছে ‘জাৰুৱা’ মুগা পালনত। গাঁঠিৰ ধন ব্যয় কৰি প্ৰতি হাজাৰ মুগাৰ সঁচত ৯-১০ হাজাৰ টকা দামত কিনি আনি বৰ্তমান ঢকুৱাখনাৰ এইসকল কৃষক ব্যস্ত হৈ আছে মুগা পালনত। বিশেষকৈ বাণিজ্যিক ভিত্তিত বিশেষ গুৰুত্ব থকা ‘জাৰুৱা’ মুগাৰো বজাৰ মূল্য হয়গৈ প্ৰতি হেজাৰত ৯-১২ হেজাৰ টকা পর্যন্ত। উল্লেখ্য যে,ম’বাইলৰ টাৱাৰ, চাহ-বাগিচাত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ, প্ৰাকৃতিক দুৰ্যোগেও মুগা পালকসকলৰ বাবে অসুবিধাৰ সৃষ্টি কৰি আহিছে।তথাপিও মুগা উৎপাদন কৰি জীৱন জীৱিকাৰ বাট বুলিছে বহু মুগা পালকে।সীমিত সুবিধাৰে মুগাপালকে মুগা পালন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজে স্বাৱলম্বী হ’বৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে।চৰম দুৰ্যোগৰ মাজতো মুগা পালকে মুগা পালন কৰি থকাৰ পিচতো ৰাজ্যৰ ৰেচম বিভাগে মুগাপালকৰ প্ৰতি দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰা নাই। অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ সবল কৰি তোলাএই সকল আদৰ্শ মুগা পালকে আজিও লাভ কৰা নাই চৰকাৰী সাহাৰ্য। এওঁলোকে এতিয়া চৰকাৰী সহায়ৰ বাবে আৰু মুগাৰ লগতে সূতাৰ উপযুক্ত মূল্য দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।
প্ৰেৰক পুলকজ্যোতি বৰা