নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইগন’ৰ সমাৱৰ্তনত স্বৰ্ণ পদক ছিপাঝাৰৰ বুলবুল চহৰীয়াৰ

🔹 ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ অধ্যাপক

নিয়মীয়া বাৰ্তা,  ৬ মাৰ্চ : ৰাষ্ট্ৰীয় পৰ্যায়ত মেধা শক্তিৰে উজলি উঠিছে এগৰাকী অসম-সন্তান। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় (IGNOU)ৰ ৩৮সংখ্যক সমাৱৰ্তনত “বিপণন ব্যৱস্থাপনা”(Marketing Mangaement ) বিষয়ৰ স্নাতকোত্তৰ পৰীক্ষাত অসমৰ বুলবুল চহৰীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কালি দিল্লীত অনুষ্ঠিত হোৱা সমাৱৰ্তন সমাৰোহৰ মুখ্য অতিথি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্টৰ তিৰুচিৰাপল্লিৰ সঞ্চালক পৱন কুমাৰ সিঙে আনুষ্ঠানিকভাৱে এই পদক অৰ্পণ কৰে । লক্ষণীয় যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত সমগ্ৰ দেশৰ ৫৬টা আঞ্চলিক কাৰ্যালয়ৰ ভিতৰত বাণিজ্যিক বিপণন বিষয়ত ন সহস্ৰাধিক পৰীক্ষাৰ্থী স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু শিখৰত অৱস্থান কৰিবলৈ সক্ষম হয় বুলবুল চহৰীয়াই। উল্লেখযোগ্য যে ছিপাঝাৰৰ মেধাৱী সন্তান বুলবুল চহৰীয়া যোৰহাটৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ ব্যৱসায় পৰিচালনা বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। অসমৰ পৰা সোণৰ পদক পোৱা একমাত্ৰ ছাত্ৰ হিচাপে বিবেচিত হৈছে বুলবুল চহৰীয়া।প্ৰজ্ঞা আৰু মেধাৰ বলত এনেদৰে ৰাষ্ট্ৰীয় স্তৰত উজলি উঠা বুলবুল চহৰীয়াৰ এই সাফল্যত ওপজা ভূমি ছিপাঝাৰবাসীৰ লগতে কৰ্মভূমি যোৰহাটৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে। বুলবুল চহৰীয়াই ২০২১ বৰ্ষৰ পৰা মহাবিদ্যালয়খনত সেৱা আগবঢ়াই আহিছে। ছিপাঝাৰৰ পৌৰসভাৰ অধীনৰ শীতলাবড়ি নিৱাসী বুলবুল চহৰীয়াক বিভিন্ন দল-সংগঠনে জ্ঞাপন কৰিছে অভিনন্দন।

প্ৰেৰক ৰঞ্জিত কুমাৰ নাথ

You might also like