🔹 সাহিত্য অকাডেমি অনুবাদ বঁটা ঘোষণা
🔹 কনকলাল বৰুৱাৰ ‘আর্লী হিষ্টৰী অৱ কামৰূপা’–অনুৰাধা শর্মা পূজাৰীৰ ‘কাঞ্চন’–হোমেন বৰগোহাঞিৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’ৰ অনুবাদ কর্মৰ বাবে সন্মান
বিশেষ বাৰ্তা, ৮ মার্চ : সাহিত্য অকাডেমি অনুবাদ বঁটা–২০২৪ কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ ২১টা ভাষাত ঘোষিত সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপকৰ তালিকাত স্থান লাভ কৰিছে দুই অসম-সন্তানে৷ অসমীয়াত বিশিষ্ট লেখক–অনুবাদক–সাংবাদিক অঞ্জন শর্মাই এই সন্মান লাভ কৰাৰ বিপৰীতে বড়ো ভাষাত সাহিত্যিক–শিক্ষাবিদ উত্তৰা বিছমুথিয়াৰীয়ে স্বীকৃতি লাভ কৰিছে৷ তদুপৰি প্রখ্যাত কথাশিল্পী প্রয়াত হোমেন বৰগোহাঞিৰ বহুপঠিত উপন্যাস ‘সাউদৰ পুতেকে নাও মেলি যায়’ বাংলা ভাষালৈ অনুবাদ কৰা বাবে পশ্চিমবংগৰ বিশিষ্ট লেখক বাসুদেৱ দাসেও বাছনিত উঠিছে সাহিত্য অকাডেমিৰ৷ উল্লেখ্য যে কালি নতুন দিল্লীৰ ৰবীন্দ্র ভৱনত সাহিত্য অকাডেমিৰ সভাপতি মাধৱ কৌশিকৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কার্যবাহী পৰিষদৰ বৈঠকে অনুবাদ বঁটাৰ বাবে মনোনীত ২১খন গ্রন্থৰ তালিকাত অনুমোদন জনায়৷ প্রতিটো ভাষাৰ বিপৰীতে গঠিত তিনিজনীয়া জুৰীৰ পৰামর্শমর্মে এই গ্রন্থকেইখন বাছনি কৰা হৈছে৷ অৱশ্যে নেপালী আৰু সংস্কৃত ভাষাৰ ক্ষেত্রত কালি অনুবাদ বঁটা ঘোষণা কৰা হোৱা নাই৷ পৰৱর্তী সময়ত এই ঘোষণা কৰা হ’ব বুলি সাহিত্য অকাডেমিৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ সাহিত্য অকাডেমি অনুবাদ বঁটাত আছে নগদ ৫০ হাজাৰ টকাৰ লগতে একোখনকৈ তাম্রপত্র৷ চলিত বর্ষৰ যিকোনো সময়তে অনুষ্ঠিতব্য এক বিশেষ অনুষ্ঠানত অনুবাদ বঁটাপ্রাপকসকলক আনুষ্ঠানিকভাৱে সাহিত্য অকাডেমিয়ে স্বীকৃতি জনাব বুলি সচিব ড০ কে শ্রীনিৱাসৰাৱে জানিবলৈ দিছে৷ কনকলাল বৰুৱাৰ জনপ্রিয় ইংৰাজী উপন্যাস ‘আর্লী হিষ্টৰী অৱ কামৰূপা’ অসমীয়া ভাষালৈ ‘পশ্চিম কামৰূপৰ ইতিহাস’ নামেৰে অনুবাদ কৰা বাবে অঞ্জন শর্মাই এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ অসম আন্দোলনৰ সময়ছোৱাত যিসকল শিল্পী–সাংবাদিক–লেখকৰ নিজস্ব ধাৰাৰ গীত আৰু লেখাই অসমীয়া জাতিটোক জগাই তুলিছিল, সেইসকলৰ ভিতৰত বজালী জিলাৰ পাঠশালাৰ অঞ্জন শর্মা অন্যতম৷ বিগত সময়ছোৱাত তেওঁ নিৰলস চিন্তা আৰু প্রজ্ঞাৰে সবলভাৱে সাহিত্য সৃষ্টিত মনোনিৱেশ কৰাৰ লগতে কেইবাখনো মূল্যৱান গ্রন্থ অসমীয়ালৈ অনুবাদ কৰিছে৷ তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্রন্থ হ’ল– ‘হিংসা নে অহিংসা’, ‘আন্ধাৰতে যি সাৰ পায়’, ‘অন্তহীন গগন ভাইৰাছ জীৱন’, ‘অসম আৰু অসম গণ পৰিষদ’, ‘ড্রাগ’, ‘এইডছ’, ‘আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ’ (মূল ইংৰাজী গ্রন্থৰ লেখক : সুধা মূর্তি), ‘ভিন্নজন ভিন্নমন : জীৱন তোমাক অভিবাদন’ (মূল ইংৰাজী গ্রন্থৰ লেখক : সুধা মূর্তি), ‘হিউয়েনচাং যদি এতিয়া অসমলৈ আহে’, ‘শিৰডী সাইবাবা আৰু অন্য সদ্গুৰু (যুটীয়া অনুবাদ হিমাংশু শেখৰ দাসৰ সৈতে, (মূল ইংৰাজী গ্রন্থৰ লেখক : চন্দ্রভানু সৎপথী), ‘জিজ্ঞাসা আৰু মীমাংসা (যুটীয়া অনুবাদ হিমাংশু শেখৰ দাসৰ সৈতে, (মূল ইংৰাজী গ্রন্থৰ লেখক : চন্দ্রভানু সৎপথী), ‘শ্রী সদ্গুৰু সাইনাথ সগুনোপাসনা (অনুবাদ), শ্রীগুৰু ভাগৱৎ’ (নৱাক্ষৰী অনুবাদ, প্রথম খণ্ড), ‘শ্রীগুৰু ভাগৱৎ’ (নৱাক্ষৰী অনুবাদ, দ্বিতীয় খণ্ড), ‘শ্রীগুৰু ভাগৱৎ’ (নৱাক্ষৰী অনুবাদ, তৃতীয় খণ্ড), ‘ইন্দিৰা গান্ধী : ব্যক্তি আৰু ব্যক্তিত্বৰ ওলোটা পিঠি’, ‘কোচবিহাৰৰ ইতিহাস’ (মূল বাংলা গ্রন্থৰ লেখক : খাঁ চৌধুৰী আমানতউল্লা আহমদ), ‘ইতিহাসে ৰিঙিয়াই : নৰনাৰায়ণ–চিলাৰায়’, ‘এগৰাকী যোগীৰ আত্মজীৱনী’ (মূল ইংৰাজী গ্রন্থৰ লেখক : পৰমহংস যোগানন্দ), ‘কোচবিহাৰ কিদৰে হ’ল বংগৰ অংগ’, ‘পাৰমাণৱিক সময়’, ‘অসম আন্দোলনৰ অসম্পূর্ণ ইতিহাস’, ‘লুইতপৰীয়াসকল সাৱধান আকৌ আহিছে মান…’, ‘ইতিহাসৰ গোলাম’, ‘হিমালয়ৰ এগৰাকী যোগীৰ সন্ধানত : এগৰাকী যোগীৰ আত্মকথা’ (মূল ইংৰাজী গ্রন্থৰ লেখক : শ্রীএম), ‘কোচবিহাৰৰ বুৰঞ্জী’ (মূল ইংৰাজী গ্রন্থৰ লেখক : ভগৱতীচৰণ বন্দোপাধ্যায়), ‘বিজনীৰ ৰাজবংশাৱলী’ (মূল বাংলা গ্রন্থৰ লেখক : তাৰিণী প্রসাদ সেন), ‘অসমৰ সংবাদ মাধ্যম : ১৭৫ বছৰীয়া বর্ণিল ইতিহাস আৰু বহিঃপ্রেক্ষাপট’ (সম্পাদনা) আৰু ‘বজালী বৈভৱ’ (অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি–বার্ষিক পাঠশালা অধিৱেশনৰ স্মৃতিগ্রন্থৰ সম্পাদক)৷ তদুপৰি তেওঁ মহাবাহু নামৰ এখন বহুভাষিক ৱেব মেগাজিনৰ সম্পাদক হিচাপেও কার্যনির্বাহ কৰি আছে৷ অঞ্জন শর্মাই মাহেকীয়া আলোচনী ব্রহ্মপুত্র, সাপ্তাহিক নীলাচলৰ অতিথি সম্পাদক আৰু অধুনালুপ্ত দৈনিক বাতৰি কাকত, এদিনৰ সংবাদৰো সম্পাদকৰ পদ অলংকৃত কৰিছিল৷ সাহিত্য অকাডেমি অনুবাদ সাহিত্য বঁটা অঞ্জন শর্মাই লাভ কৰাৰ পাছতে বজালীবাসী গৌৰৱান্বিত হৈ পৰিছে৷ বজালীৰ জিলা সদৰ পাঠশালাৰ জ্যোতিনগৰ নিৱাসী বিশিষ্ট লেখকজনক পাঠশালা প্রেছ ক্লাব, বজালী জিলা বার্তাজীৱী সংঘ, পাঠশালা সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান আৰু ব্যক্তিবিশেষে অভিনন্দন জনায়৷ সাহিত্য অকাডেমিৰ এই সন্মান লাভ কৰি তেওঁ কয় যে একাংশ বুৰঞ্জীমূলক গ্রন্থৰ প্রতি অনুৰাগ থকাৰ বাবে অংগীকাৰবদ্ধ হৈ ২০০৩ চনৰ পৰাই অনুবাদ কর্মত জড়িত হৈ পৰিছোঁ৷ কোচবিহাৰৰ ইতিহাস আৰু প্রাচীন কামৰূপ ইতিহাস আমাৰ শিপাৰ সৈতে জড়িত৷ কামৰূপৰ শিপা উদ্ধাৰ বিষয়ক গ্রন্থখনে মর্যাদা লাভ কৰাৰ বাবে ভাল লগা বুলি ব্যক্ত কৰে তেওঁ৷ লগতে তেওঁ পুনৰ কয়– ব্যক্তিগতভাৱে বঁটা–বাহনৰ প্রতি মই লালায়িত নহয়৷ কিন্তু কামৰূপৰ বিষয়টোৱে মান্যতা পোৱাত সুখী হৈছোঁ৷ আমি বিভিন্ন বিষয়ত বিভিন্ন প্রেক্ষাপটত নিজকে অসমীয়া বুলি কৈ থাকোঁ৷ কিন্তু সম্প্রতি আমাৰ অধিকাংশই ইতিহাস পাহৰাৰ উপক্রম হৈছে৷ প্রাচীন কামৰূপৰ ইতিহাস আৰু কোচবিহাৰৰ ইতিহাস অধ্যয়ন অবিহনে অসমৰ ইতিহাস সম্পূর্ণ নহয়৷ ইফালে, সাহিত্য অকাডেমি বঁটাপ্রাপক অনুৰাধা শর্মা পূজাৰীৰ জনপ্রিয় উপন্যাস ‘কাঞ্চন’ একে নামেৰে বড়ো ভাষালৈ অনুবাদ কৰাৰ বাবে উত্তৰা বিছমুথিয়াৰীয়ে অনুবাদ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ এই খবৰক লৈ আনন্দৰ বন্যা বৈছে সমগ্র কোকৰাঝাৰ জিলাত৷ কোকৰাঝাৰৰ তিতাগুৰি হালোৱাদল নিৱাসী তথা লোকসভাৰ প্রাক্তন সাংসদ চানচুমা খুংগুৰ বিছমুথিয়াৰীৰ সহধর্মিণী উত্তৰা বিছমুথিয়াৰী দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষা৷ শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ কেইবাখনো গ্রন্থ ৰচনা আৰু অনুবাদেৰে বড়ো সাহিত্যৰ ভঁৰাললৈ অনবদ্য অৱদান আগবঢ়াইছে৷ তেওঁৰ গ্রন্থসমূহৰ ভিতৰত ‘ৰাইখোছা ফিছা’ (২০০৬), ‘হাৱাইছৈ’ (২০০৮), ‘অনথোব’ (২০১৩), ‘অংগ্রমমৌন্দা’ (২০০৯) আৰু ‘গ্রীটিংছ কার্ড’ (২০২০)৷ তেওঁ বড়ো লেখক সন্থাৰ সম্পাদক আৰু বড়ো মহিলা লেখক সন্থাৰ সভাপতি হিচাপেও কার্যনির্বাহ কৰিছিল৷ ২০১৭ চনত কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাই নীনাকমল ব্রহ্ম বঁটাৰে সন্মানিত কৰা উত্তৰা বিছমুথিয়াৰীয়ে বিটিচিৰ শিক্ষা বিভাগৰ পৰা একেটা বর্ষতে শ্রেষ্ঠ শিক্ষকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল৷ কালি সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰাৰ খবৰ পোৱাৰ পিছতে উত্তৰা বিছমুথিয়াৰী উৎফুল্লিত হৈ পৰে৷ নিজ বাসগৃহত সাংবাদিকৰে হোৱা বার্তালাপত তেওঁ কয়– ‘কাঞ্চন’ পঢ়ি মই মোহাচ্ছন্ন হৈ পৰিছোঁ৷ পৰৱর্তী সময়ত এই জনপ্রিয় উপন্যাসখন বড়ো ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত লওঁ৷ কাঞ্চন চৰিত্রটো মোৰ অতি প্রিয়৷ কাঞ্চনে সমাজলৈ এক বার্তা প্রেৰণ কৰিছে৷ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰি মই যথেষ্ট সুখী হৈছোঁ৷ বড়ো জনগোষ্ঠীৰ নতুন প্রজন্মই অসমীয়া ক’ব পাৰিলেও ভালদৰে পঢ়িব নাজানে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে প্রতিবেশী ভাষা পঢ়িব পাৰিলে ভাল৷ তেওঁ জানিবলৈ দিয়া মতে ইতিমধ্যে ৫খন গ্রন্থ প্রকাশ পোৱাৰ বিপৰীতে আন ৪খন প্রকাশৰ পথত আছে৷ প্রখ্যাত কথাশিল্পী হোমেন বৰগোহাঞিৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’ বাংলা ভাষাত ‘সদাগৰেৰ পুত্র নৌকা বায়ে যায়’ নামেৰে অনুবাদ কৰাৰ বাবে সাহিত্য অকাডেমিৰ স্বীকৃতি লাভ কৰিছে পশ্চিমবংগৰ প্রখ্যাত লেখক বাসুদেৱ দাসে৷ কলকাতাত থাকিয়েই অসম আৰু অসমীয়া সাহিত্যৰ কথা লিখা বাসুদেৱ দাসে অসমীয়া সাহিত্যৰ উৎকৃষ্ট সৃষ্টিবোৰ বাংলালৈ অনুবাদ কৰি ইয়াৰ সুবাস পশ্চিমবংগ–বাংলাদেশত বিয়পাই দিছে৷ প্রয়াত হোমেন বৰগোহাঞিয়ে তেওঁৰ ‘সাৰাংশ’ নামৰ গ্রন্থখন বাসুদেৱ দাসৰ নামত উৎসর্গা কৰিছিল৷ তেওঁ প্রয়াত হোমেন বৰগোহাঞিৰ অধিকাংশ গ্রন্থই বাংলালৈ অনুবাদ কৰিছে৷