নলবাৰীৰ পশুপালন-পশু চিকিৎসা বিভাগৰ চাৰি বিষয়া-কৰ্মচাৰীক বঁটা প্ৰদান
বিশেষ বাৰ্তা, ১২ মাৰ্চঃ নলবাৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ চাৰি দক্ষ বিষয়া-কৰ্মচাৰীক বিভাগীয়ভাৱে সন্মানিত কৰি বঁটা প্ৰদান কৰা হয়।এই উপলক্ষে আজি নলবাৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত আয়োজিত এক বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটীৰ পৰা পশু চিকিৎসা পৰিষদৰ দল এটা আহি কাৰ্যালয়টোৰ চাৰি শিতানত চাৰি ভিন্ন কৰ্মক্ষেত্ৰৰ বিষয়া-কৰ্মচাৰীক বঁটা প্ৰদান কৰি উৎসাহিত কৰে।নলবাৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ সুবোধ বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত জিলাখনৰ শ্ৰেষ্ঠ পশু চিকিৎসা বিষয়া হিচাপে ডাঃ দীপক ঠাকুৰীয়া, নলবাৰী জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ গাণণিক হিচাপে কৰেন কলিতা, এছভিএফএ ভোগদত্ত ডেকা, চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী ৰবীন্দ্ৰ নাথ শৰ্মাক ফুলাম গামোচা, স্মাৰক, নগদ ধন আদি প্ৰদান কৰা হয়। এই চাৰিগৰাকী ভিন্ন কৰ্ম ক্ষেত্ৰৰ বিষয়া-কৰ্মচাৰীয়ে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়।ইপিনে, জানিব পৰা মতে, ইয়াৰে বঁটাপ্ৰাপক কৰেন কলিতা নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক পদৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী। কৰ্মচাৰী সমাজত বেছ জনপ্ৰিয় কৰেন কলিতাৰ আজিৰ বঁটা প্ৰদানে নলবাৰীৰ কৰ্মচাৰীসকলক উৎসাহিত কৰি তুলিছে। আনহাতে,আজিৰ অনুষ্ঠানত পশু চিকিৎসা পৰিষদ দলৰ হৈ উক্ত সভাত উপস্থিত থাকে ডাঃ বিভূতি চক্ৰবৰ্তী, ডাঃ অঞ্জনজ্যোতি শৰ্মা,ডাঃ হিতেশ দাসৰ লগতে ডাঃ সমৰ তালুকদাৰ, ডাঃ প্ৰমোদ কুমাৰ পাটোৱাৰী, কিশোৰ শৰ্মা আদিকে ধৰি বিভাগৰ কেবাগৰাকী বিষয়া-কৰ্মচাৰী।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন