নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ সমগ্র বিশ্বৰ লগতে ভাৰততো ক’ৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে অসমত এই মহামাৰীক লৈ সৃষ্টি হৈছে আতংক৷ ইতিমধ্যে দেশত এই ভাইৰাছত আক্রান্তৰ সংখ্যা ১১৬জনলৈ বৃদ্ধি পাইছে ৷ এনে অৱস্থাত ৰাজ্যত এই ভয়াৱহ ভাইৰাছে যাতে মহামাৰীৰ সৃষ্টি কৰিব নোৱাৰে, তাক লৈ চৌদিশে সচেতনতামূলক ব্যৱস্থা আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰাজহুৱা স্থান তথা ৰাজ্যৰ ৰাষ্ট্রীয় উদ্যানলৈ দেশী–বিদেশী পর্যটকৰ আগমন বন্ধ ৰখা হৈছে ৷ ইয়াৰ মাজতে সোমবাৰে নলবাৰীত ক’ৰোনা ভাইৰাছ আক্রান্তৰ সন্দেহত শিশুসহ দুগৰাকী ব্যক্তিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে ৷ আনহাতে, শিৱসাগৰত চেন্নাইৰ পৰা উভতি অহা এজন যুৱকক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা সন্দর্ভত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে ৷ ইফালে, মানকাচৰত ছুইজাৰলেণ্ডৰ এক দম্পতী চাইকেলেৰে উপস্থিত হোৱাক লৈ আতংকৰ পৰিৱেশ সৃষ্টি হয় ৷ ক’ৰোনাত আক্রান্ত হোৱা সন্দর্ভত এই দম্পতীক পৰীক্ষা কৰাৰ বাবে স্থানীয় ৰাইজে সীমান্ত সুৰক্ষা বাহিনীক দাবী তোলে ৷ অৱশ্যে পৰীক্ষাৰ অন্তত দুয়োৰে গাত ক’ৰোনা ভাইৰাছ নথকাটো স্পষ্ট হয় ৷ বিশ্বজুৰি সৃষ্টি হোৱা এনে পৰিৱেশৰ মাজতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আৰু নামেৰী ৰাষ্ট্রীয় উদ্যান দেশী–বিদেশী পর্যটকৰ বাবে বন্ধ ৰখা হৈছে ৷ পৰিৱেশ আৰু বন মন্ত্রালয়ে ১৭ মার্চৰ পৰা ২৯ মার্চলৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান বন্ধৰ ঘোষণা কৰিছে ৷ ইফালে, ছিপাঝাৰত এজন জার্মানীৰ নাগৰিকক লৈ স্থানীয় ৰাইজৰ মাজত কিছু আতংকৰ সৃষ্টি হয় ৷ স্থানীয় এজন বন্ধুৰ সৈতে গোৱাৰ পৰা ছিপাঝাৰলৈ অহা জার্মানীৰ লোকজনৰ আজি স্বাস্থ্য পৰীক্ষা কৰি ১৪ দিনৰ পর্যবেক্ষণত ৰখা হৈছে ৷
উল্লেখ্য যে ক’ৰোনা ভাইৰাছক লৈ আতংকিত নহ’বলৈ ৰাজ্য চৰকাৰে জনসাধাৰণক আহ্বান জনাইছে ৷ বিষয়টোক কেন্দ্র কৰি আজি ৰাজ্যপাল জগদীশ মুখীয়েও স্বাস্থ্য বিভাগৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৷ ৰাজভৱনত অনুষ্ঠিত এই বৈঠকত ৰাজ্যপালগৰাকীয়ে স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হাৰ পৰা ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে কি ধৰণৰ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিছে, সেই সম্পর্কে তথ্য সংগ্রহ কৰে ৷ ৰাজ্যপালে ঘৰে ঘৰে সচেতনতামূলক বার্তা প্রেৰণৰ বাবে আশাকর্মীসকলক নিয়োগৰ বাবে পৰামর্শ দিয়ে ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও সোমবাৰে ক’ৰোনা ভাইৰাছ প্রতিৰোধ সম্পর্কীয় পর্যালোচনা বৈঠকত মিলিত হয় ৷ মুখ্যমন্ত্রীয়ে স্বাস্থ্য বিভাগে হাতত লোৱা বিভিন্ন প্রস্তুতিৰো বুজ লয় ৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে অসমৰ প্রতিটো বিমানবন্দৰত ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰীক্ষা সম্পর্কে সবিশেষ তথ্য সংগ্রহ কৰে ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে এলানি নির্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি তৃণমূল পর্যায়ত কর্মৰত আশাকর্মী আৰু অংগনৱাড়ী কর্মীসকলক নিজ নিজ অঞ্চলৰ ঘৰে ঘৰে অহা এসপ্তাহৰ ভিতৰত ক’ৰোনা ভাইৰাছ সম্পর্কে সতর্কতামূলক শিক্ষা প্রদান কৰিবলৈ কোৱা হৈছে ৷