নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৰাষ্ট্রীয় উদ্যান–অভয়াৰণ্যত পর্যটকৰ প্রৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে গ্রহণ কৰা সজাগতামূলক ব্যৱস্থা হিচাপে অসমৰ সকলো ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্যত পর্যটকৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে ৷ অহা ২৯ মার্চপর্যন্ত এই নিষেধাজ্ঞা বলৱৎ থাকিব ৷ অসম চৰকাৰৰ পর্যটন বিভাগৰ তৰফৰ পৰা অসমলৈ অহা সকলো ঘৰুৱা আৰু বিদেশী পর্যটকলৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু অন্যান্য স্বাস্থ্য সম্পর্কীয় কর্তৃপক্ষই জাৰি কৰা স্বাস্থ্য সচেতনতাৰ নিয়ম পালন কৰি নিজৰ সুৰক্ষাৰ লগতে ভাইৰাছবিধৰ সংক্রমণ ৰোধ কৰাৰ ক্ষেত্রত সহযোগ কৰিবলৈ আহ্বান জনাইছে ৷ ঘৰুৱা পর্যটকসকলৰ ক্ষেত্রত ক’ৰোনা ভাইৰাছ সংক্রমিত অঞ্চলৰ পৰা অহাসকলে প্রয়োজনত স্বাস্থ্য পৰীক্ষাকে ধৰি সকলো ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷ চৰকাৰে পর্যটন বিভাগক হোটেল কর্তৃপক্ষ, ট্যুৰ অপাৰেটৰ, জীপ আৰু হাতী ছাফাৰী, বাহন চালক, অভ্যর্থনা কক্ষত বহা লোকসকলকে ধৰি পর্যটন খণ্ডৰ সৈতে জড়িত সকলোৰে মাজত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ ইয়াৰ লগতে সকলো পর্যটনস্থলী ভ্রমণ কৰা প্রতিগৰাকী ঘৰুৱা আৰু বিদেশী পর্যটকক নিৰীক্ষণ কৰিবলৈ পর্যটন বিভাগক নির্দেশ দিয়া হৈছে৷ বিভাগীয় বিষয়াসকলে নিজ নিজ অঞ্চলত জিলা কর্তৃপক্ষ আৰু স্বাস্থ্যকেন্দ্রসমূহৰ্ সৈতে মিলি ক’ভিড–১৯ ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰাটো নিশ্চিত কৰিব লাগিব৷ তদুপৰি সকলো পর্যটকক জনবহুল অঞ্চল আৰু ৰাজহুৱা জনসমাগমৰ পৰা আঁতৰি সামাজিকভাৱে নিলগত থকাৰ কৌশল অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷ যিকোনো ধৰণৰ সহায়, অনুসন্ধানৰ বাবে পর্যটকসকলে যোগাযোগ কৰিব পৰা বিষয়াসকলৰ যোগাযোগ নম্বৰ হৈছে– হৃদয় ৰঞ্জন দাস, উপ–সঞ্চালক, পর্যটন বিভাগ – ৯৪৩৫১–৮২৪৫১, গৌতম গগৈ – ৯৪৩৫৭–৯৬৩১৭, বাসৱ বৰা – ৯৮৫৪২–১১৩১৭, নীলিম বৰুৱা – ৯৮৫৪৮–৫৮৩৫৩ আৰু মানস ঠাকুৰ – ৯৮৫৪০–৯২১৯২ ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে অহা ২৮, ২৯ মার্চত হাইলাকান্দিত অনুষ্ঠিত হ’বলগীয়া অসম বিজ্ঞান সমিতিৰ সাধাৰণ সভাখনো স্থগিত ৰখা হৈছে ৷

             কাজিৰঙাত দেশী–বিদেশী পর্যটকৰ কাৰণে বন্ধ হ’ল বিশ্ব ঐতিহ্য ক্ষেত্র

ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ অভয়াৰণ্য আৰু ৰাষ্ট্রীয় উদ্যানসমূহৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানো পৰিৱেশ আৰুবন মন্ত্রালয়ে ১৭ মার্চৰ পৰা ২৯ মার্চলৈকেবন্ধ ঘোষণা কৰে৷ কাজিৰঙাত বর্তমানেও মাৰ যোৱা নাই ক’ৰোনাৰ আতংক৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা দেশী–বিদেশী পর্যটকৰ পৰা কাজিৰঙাতো ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰি যোৱা আমেৰিকান পর্যটকজনৰ দেহত ক’ৰোনা ভাইৰাছ ধৰা পৰাৰ বাতৰি বিয়পি পৰাৰ পাছৰ পৰা অধিক আতংকিত হৈ আছে কাজিৰঙাবাসী৷ অলপতে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস মুদী কাজিৰঙাৰ কঁহৰাস্থিত আদর্শ চিকিৎসালয়ত উপস্থিত হৈ ক’ৰোনা ভাইৰাছৰ দ্বাৰা ৰোগীক কেনেদৰে স্বাস্থ্য পৰীক্ষা কৰিছে, সেই সম্পর্কে বুজ লয়৷ ইতিমধ্যে কঁহৰা আদর্শ চিকিৎসালয়ত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে দুটাকৈ আইছলেচন ৱার্ড স্থাপন কৰা হৈছে৷ আনহাতে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ দেশ–বিদেশৰ পর্যটকৰ আগমন বর্তমানেও অব্যাহত আছে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি বিদেশী পর্যটকৰ দেহৰ পৰা কাজিৰঙাত যাতে ক’ৰোনা ভাইৰাছ বিয়পি নপৰে, তাৰবাবে পৰিৱেশ আৰু বন মন্ত্রালয়ে ১৭ মার্চৰ পৰা ২৯ মার্চলৈকে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দেশী–বিদেশী পর্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে৷ আনহাতে, আজিও বহুসংখ্যক দেশীয় পর্যটকৰ লগতে সাতজন অষ্ট্রেলিয়াৰ পর্যটকে কাজিৰঙাত এলিফেণ্ট আৰু জীপ ছাফাৰী কৰাৰ তথ্য পোৱা গৈছে ৷

                                  আজিৰ পৰা বন্ধ মানাহ ৰাষ্ট্রীয় উদ্যান

ক’ৰোনা ভাইৰাছ যাতে অসমত বিয়পিব নোৱাৰে, তাৰ বাবে ৰাজ্যৰ আন পর্যটন ক্ষেত্রসমূহৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যান আজিৰ পৰা বন্ধ থাকিব ৷ ২৯ মার্চলৈ বন্ধ থাকিব উদ্যানখন ৷ মানাহব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শর্মাই জনোৱা মতে আজিৰ পৰা মানাহ ৰাষ্ট্রীয় উদ্যান বন্ধ থকাৰ উপৰি বন্ধ থাকিব জীপ ছাফাৰী, হাতী ছাফাৰী ৷

             চাৰিদুৱাৰৰ নামেৰী ৰাষ্ট্রীয় উদ্যানত পর্যটকৰ আগমনত বাধা কর্তৃপক্ষৰ

ক’ৰোনাক কেন্দ্র কৰি সমগ্র ৰাজ্যত ব্যাপক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ নির্দেশানুযায়ী বন্ধ কৰি দিয়া হৈছে সকলো চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠান৷ ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ ৰাষ্ট্রীয় উদ্যানসমূহো অহা ২৯ মার্চলৈ বন্ধ ৰখাৰ বাবে অধিসূচনা জাৰি কৰা হৈছে ৷ সমান্তৰালভাৱে শোণিতপুৰৰ চাৰিদুৱাৰস্থিত জগতবিখ্যাত নামেৰী ৰাষ্ট্রীয় উদ্যানতো বন বিভাগে ২৯ মার্চলৈ বাতিল কৰিছে দেশী–বিদেশী পর্যটকৰ ভ্রমণসূচী ৷ ইফালে, চাৰিদুৱাৰৰ সমীপৰ ঢ়াৰিকাটিৰ দুজন যুৱক কালি কেৰালাৰ পৰা উভতি আহি নিজ বাসগৃহত উপস্থিত হৈছিল৷ ঘৰত উপস্থিত হোৱাৰ পাছতে যুৱক দুজনৰ প্রচণ্ড জ্বৰ হোৱাত চিকিৎসাৰ চাৰিদুৱাৰৰ ৩০খন বিছনাযুক্ত গ্রামীণ চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ বিশেষসূত্রে জানিব পৰা মতে, যুৱক দুজনৰ দেহত ক’ৰোনাত আক্রান্ত হোৱাৰ সম্পূর্ণ লক্ষণ থকাৰ সন্দেহ কৰি ততাতৈয়াকৈ যুৱকদ্বয়ক চিকিৎসালয়খনৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ উন্নত পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে৷ যুৱকদ্বয় ক্রমে ঢ়াৰিকাটিৰ মুন্না নৰহ আৰু সয়জিৱ ঙাটে ৷

You might also like