ৰাজ্যসভালৈ মনোনীত ৰঞ্জন গগৈ
নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰা হৈছে ৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে এক অধিসূচনাযোগে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰিছে ৷ ৰাজ্যসভাৰ এগৰাকী মনোনীত সদস্যই অৱসৰ গ্রহণ কৰাৰ বাবে সেই খালী ঠাই পূৰণ কৰিবলৈ ৰাষ্ট্রপতিয়ে মুখ্য ন্যায়াধীশ গগৈক ৰাজ্যসভালৈ মনোনীত কৰি সন্তুষ্টি ব্যক্ত কৰিছে ৷ কেন্দ্রীয় চৰকাৰৰ অধিসূচনাত সোমবাৰৰ পৰাই প্রাক্তন মুখ্য ন্যায়াধীশ গগৈ ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হ’ল ৷ উল্লেখ্য যে শতিকা পুৰণি ৰাম জনমভূমি বাবৰি মছজিদ গোচৰৰ ঐতিহাসিক ৰায়ৰ লগতে কেইবাটাও গুৰুত্বপূর্ণ ৰায় দি দেশবাসীৰ মাজত চর্চিত হোৱা প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্রহণ কৰিছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০০১ চনত বিচাৰপতি হিচাপে ন্যায়িক ব্যৱস্থাত কেৰিয়াৰ আৰম্ভ কৰা ন্যায়াধীশ ৰঞ্জন গগৈ ২০১০ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল ৷ ২০১১ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰাৰ পাছত ২০১২ চনৰ ২৩ এপ্রিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ৷ ২০১৮ চনৰ ৩ অক্টোবৰত দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰা ন্যায়াধীশ ৰঞ্জন গগৈয়ে ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্রহণ কৰিছিল ৷ অসমৰ প্রাক্তন মুখ্যমন্ত্রী কেশৱ চন্দ্র গগৈৰ পুত্র ডিব্রুগড়ত ১৯৫৪ চনৰ ১৮ নৱেম্বৰত জন্মগ্রহণ কৰা ৰঞ্জন গগৈয়ে নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা ইতিহাসত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰাৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰাই আইনৰ ডিগ্রী লাভ কৰিছিল ৷ আইনক পেছা হিচাপে লোৱা গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি পাছলৈ বিচাৰপতি হৈ শেষত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সেৱা আগবঢ়াই অসমবাসীক গৌৰৱান্বিত কৰিছে ৷