নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ ওপৰত আস্থা–বিশ্বাস ৰখাৰ বাবে ৰয়েলছৰ ওচৰত কৃতজ্ঞ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ ‘আইপিএল দল এটাক নেতৃত্ব দিব পৰাটো মোৰ বাবে গৌৰৱৰ কথা৷ ইয়াৰ বাবে মই ৰাজস্থান ৰয়েলছৰ প্রতি চিৰকৃতজ্ঞ৷ মই পূর্বে ৰাজ্যিক দলক নেতৃত্ব দিছিলোঁ যদিও আন্তর্জাতিক স্তৰত কেতিয়াও এনে দায়িত্ব পোৱা নাছিলোঁ৷ মোৰ কেৰিয়াৰৰ উত্তৰণত ৰাজস্থান ৰয়েলছে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ আৰম্ভণিৰ পৰাই মোৰ পিছত দলটো থিয় হৈ আছে৷ এইবাৰ অধিনায়কৰ দায়িত্ব দি মোৰ প্রতি যি গভীৰ আস্থা ৰয়েলছৰ দলীয় মেনেজমেণ্টে ৰাখিছে তাক লৈ মই আপ্লুত হোৱাৰ লগতে দলক প্রত্যাশিত সফলতা দিবলৈও দৃঢ়৷’ – এই মন্তব্য ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ৷ উল্লেখ্য যে চলিত আইপিএলৰ প্রথম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিবলৈ অহা ৰাজস্থান ৰয়েলছ আজি বর্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত কলকাতা নাহটৰাহডার্ছৰ মুখামুখি হ’ব৷ ইয়াৰ পূৰ্বে সংবাদ মেলত অংশ লৈ ৰিয়ানে মেচৰ প্রস্তুতি তথা অধিনায়ক হোৱাৰ পিছত প্রথমবাৰৰ বাবে মিডিয়াৰ লগত বার্তালাপ কৰি নিজৰ অনুভূতি ব্যক্ত কৰে৷ গুৱাহাটীত দুয়োখন মেচতে ঘৰুৱা অনুৰাগীৰ সন্মুখত ৰয়েলছ দলক নেতৃত্ব দিব পৰাটো ৰিয়ানৰ বাবে ৰোমাঞ্চকৰ অভিজ্ঞতা হ’ব বুলিও অসম সন্তানজনে ব্যক্ত কৰে৷ আনহাতে, এচিএৰ ষ্টেডিয়ামৰ উইকেট, খেলপথাৰ তথা গেলাৰীৰ দর্শক তেওঁৰ বাবে চিনাকি হোৱাত নেতৃত্বৰ চাপ নাথাকে বুলিও কয়৷ ‘আজিৰ দিনটো মোৰ বাবে উল্লেখনীয়৷ আমি প্রথম মেচ হায়দৰাবাদত খেলিছিলোঁ৷ কিন্তু আজি আমাৰ প্রথম ঘৰুৱা মেচৰ লগতে মোৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে খেলিব৷ আশাকৰোঁ আমি ঘৰুৱা সমর্থকৰ আশীর্বাদ আৰু মৰম খেলপথাৰত পাম৷ ঘৰত খেলাৰ সুযোগে আমাক সফলতা দিয়াতো নিশ্চিত ৰূপত সহায় কৰিব৷’ – ৰিয়ানে লগতে কয়৷ ইফালে, যোৱা মেচৰ বিফলতা বা প্রথম মেচত আৰআৰ দলৰ বলিং বিভাগৰ দুর্বলতা সন্দর্ভত ৰিয়ানে কয় যে হৈ যোৱা মেচৰ কথা তেওঁ বিশ্লেষণ নকৰে৷ গুৱাহাটীত দুই চেম্পিয়ন কেকেআৰ আৰু চিএছকেৰ বিৰুদ্ধে জয়ৰ লক্ষ্যৰে খেলিবলৈ ৰয়েলছ সাজু হৈছে৷

ISBTত আটক বিহাৰৰ দুই গাঞ্জা ব্যৱসায়ী। নিচাযুক্ত সামগ্ৰীৰ ট্ৰেনজিট পইণ্ট ISBT। বহু পৰিমাণৰ গাঞ্জাৰ সৈতে আটক বিহাৰৰ অভিষেক কুমাৰ আৰু বিবেক ৰবি।

You might also like