নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ সুন্দৰীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড, পাঁচখনকৈ দোকান ভস্মীভূত

নিয়মীয়  বাৰ্তা, ৯ এপ্ৰিল : চিৰাং জিলাৰ বিজনীৰ সুন্দৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত বজাৰত থকা সোণাৰি দোকান, গেলামাল দোকান, চাহৰ দোকান, অনলাইন কাম কৰা দোকান ভস্মীভূত হয়। বজাৰত এটাৰ পিছত এটা কৰি ছয়টা গেছ চিলিণ্ডাৰ ফাটি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। পিছত অগ্নিনিৰ্বাপকৰ বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত ১৫ লাখ টকাৰ অধিক ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা যোৱা নাই।
প্ৰেৰক বৰ্ণালী তালুকদাৰ 
You might also like