নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলীয় বাহনে ৰাজপথৰ ভেড়াক খুন্দা মৰাৰ গইনা লৈ বিজেপিৰ ধুবুৰী জিলা সভাপতিক দলবদ্ধ আক্ৰমণ

ঘটনাক লৈ তীব্ৰ চাঞ্চল্য - শীঘ্ৰে দোষীক কথায়ত্ত কৰাৰ দাবী

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্-মূহুৰ্তত বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক দলীয় বাহনে ৰাজপথৰ এটা ভেৰাক খুন্দা মাৰাৰ গইনা লৈ উন্মত্ত এটি দলৰ দলবদ্ধ আক্ৰমণৰ ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। জানিব পৰা মতে, মটেৰঝাৰ অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই ধুবুৰীলৈ উভতাৰ পথত গোলকগঞ্জৰ শিকাৰটাৰী অঞ্চলৰ ৰাজপথত জিলা সভাপতি ৰায়ৰ দলীয় বলেৰ’ বাহনখনে এটা ভেৰাক খুন্দা মাৰাৰ ঘটনাক লৈ সূত্ৰপাত ঘটিছিল সেই অপ্ৰতিকীৰ ঘটনাৰ। আনকি, ঘটনাটোৰ গইনা লৈ এচাম উদ্দণ্ড লোকে ৰায়ক দলবদ্ধ আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা চলায়। ঘটনা বিষম দেখি বিজেপিৰ জিলা সভাপতি গৰাকীয়ে বাহনখন লৈ তৎকালে সেই স্থান ত্যাগ কৰাৰ সময়ত আনকি সেই উন্মত্ত দলটোৰ একাংশই ৰায়ৰ বাহনখ লৈ খেদি অহাৰ সমান্তৰালকৈ শিলগুটিও নিক্ষেপ কৰা বুলি প্ৰকাশ। ইপিনে আহি আহি ধুবুৰীলৈ অহাৰ পথত পুনৰ গৌৰীপুৰৰ চৌৰংগী মোৰ নামৰ অঞ্চলত পুনৰ এজন যুৱকে বাহনখন আগভেটি ধৰি ৰায়ৰ সৈতে বাদানুবাদত লিপ্ত হৈছিল এজন যুৱকে। বিষয়টা অৱগত হৈ লগালগ গৌৰীপুৰ আৰক্ষীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ সেই যুবকজনকে ধৰি সহযোগী অইন এজন সহযোগীকো আটক কৰিছিল। ধৃত সেই দুইজন বানিয়ামাৰী গাঁৱৰ আশিক ইকবাল আৰু দেবত্তৰ হাসদহ গাঁৱৰ আনোৱাৰ আলী বুলি প্ৰকাশ। ইপিনে গৌৰীপুৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৰায়ে। অৱশ্যে, ঘটনাটোৰ সূত্ৰপাত ঘটা অঞ্চলটো গোলকগঞ্জ থানাৰ অন্তর্ভুক্ত হোৱা বাবে ৰায়ৰ এজাহাৰসহ অন্যান্য তথ্যপাতি গোলকগঞ্জ আৰক্ষীৰ চমজাই দিয়া বুলি গৌৰীপুৰ আৰক্ষী সূত্ৰে প্ৰকাশ। ইপিনে, জিলা সভাপতিগৰাকীৰ ওপৰত হোৱা অপ্ৰৰোচিত আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰী জিলা বিজেপিয়ে আৰু দোষীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like