ৱাকফ সংশোধনী আইন এক ‘সময়োচিত পৰিৱর্তন’
বিশেষ বাৰ্তা, ৬ মে’ : কেন্দ্রীয় চৰকাৰৰ বৈদেশিক পৰিক্রমা আৰু বস্ত্র দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্র মার্ঘেৰিটাই কালি মিজোৰামত এখন সংবাদ মেলত শেহতীয়াকৈ সংসদত গৃহীত ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য আৰু তাৎপর্যৰ ওপৰত আলোকপাত কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্বত এই আইনখনক এক ‘সময়োচিত পৰিৱর্তন’ বুলি অভিহিত কৰি কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে কয় যে এই আইনৰ উদ্দেশ্য হৈছে ঐতিহাসিক ভাৰসাম্যহীনতা সংশোধন কৰা আৰু অধিক স্বচ্ছতা, ন্যায়সংগত প্রতিনিধিত্ব, অন্তর্ভুক্তি আৰু দায়বদ্ধতাৰে পৰিচালিত হোৱাটো নিশ্চিত কৰা৷ আইনখন গৃহীত হোৱাৰ আঁৰত থকা গণতান্ত্রিক আৰু পৰামর্শমূলক দৃষ্টিভংগীৰ কথা উল্লেখ কৰি মার্ঘেৰিটাই কয় যে এই আইনৰ সংশোধনী বিগত ৫ মাহত ৩১জনীয়া যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) ৩৮খন বৈঠক, ৭,৭৭২খন আবেদনৰ পর্যালোচনা, ২৮৪টা প্রতিনিধি দলৰ পৰামর্শ, প্রায় ১ কোটি অনলাইন পৰামর্শৰ বিশ্লেষণ তথা ২৫ ঘণ্টাতকৈও অধিক সংসদীয় আলোচনাৰ মাজেৰে হয়৷ এই সংশোধনীৰ এটা মুখ্য বৈশিষ্ট্য হৈছে অন্তর্ভুক্তি, যাৰ ভিতৰত আছে প্রান্তীয় মুছলমান গোটবোৰৰ বাধ্যতামূলক প্রতিনিধিত্ব– বোহৰা আৰু আঘাখানি সম্প্রদায়ৰ লগতে পিছপৰা শ্রেণীৰ মুছলমানসকলৰ পৰা এজনকৈ সদস্য নিশ্চিত ৰূপত অন্তর্ভুক্তি কৰাৰ উপৰি দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ পৰা সদস্য ৱাকফ ব’ৰ্ডত অন্তর্ভুক্ত কৰা৷ ইয়াৰ লগতে এতিয়াৰে পৰা এক ঐতিহাসিক পদক্ষেপ হিচাপে অতি কমেও দুগৰাকী মুছলমান মহিলাই প্রতিখন ৱাকফ বোর্ড আৰু কেন্দ্রীয় ৱাকফ পৰিষদত সেৱা আগবঢ়াই দীর্ঘম্যাদী স্বীকৃতি নিশ্চিত কৰিব৷ সম অধিকাৰৰ ওপৰত বক্তব্য ৰাখি ৰাজ্যিক মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে মহিলা উত্তৰাধিকাৰীসকলে প্রথমে তেওঁলোকৰ আইনী উত্তৰাধিকাৰ লাভ নকৰিলে পৰিয়ালৰ ৱাকফ (ৱাকফ–আলাল–আউলাদ) এতিয়া নিষিদ্ধ কৰা হ’ব, যাৰ ফলত মহিলাৰ সম্পত্তিৰ অধিকাৰ উপেক্ষা কৰিবলৈ প্রায়ে ব্যৱহূত দীর্ঘদিনীয়া সুৰুঙা বন্ধ হ’ব৷ এই আইনখনে বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু অনাথসকলৰ বাবে বিত্তীয় সমর্থন অন্তর্ভুক্ত কৰাৰ বাবে ৱাকফ–আলাল–আউলাদ পৰিসৰ সম্প্রসাৰিত কৰিব, বিত্তীয় সুৰক্ষা, লিংগ ন্যায় আৰু সামূহিক উন্নতিৰ প্রতি আইনৰ প্রতিশ্রুতি শক্তিশালী কৰিব৷ ৱাকফ সম্পত্তিৰ অর্থনৈতিক সম্ভাৱনাৰ ওপৰত গুৰুত্ব দি ৰাজ্যিক মন্ত্রীগৰাকীয়ে উদ্বেগ প্রকাশ কৰে যে ৱাকফ সম্পত্তিৰ মূল্য প্রায় ১.২ লাখ কোটি হোৱা সত্ত্বেও ২০২৫ চনত তেওঁলোকৰ বার্ষিক উপার্জন আছিল মাত্র ১২৬ কোটি– যিয়ে স্পষ্ট ব’ৰ্ডৰ অদক্ষতা প্রতিফলিত কৰে৷ ই চাচাৰ কমিটীৰ ২০০৬ চনৰ কার্যকৰী ব্যৱস্থাপনাৰ সৈতে সম্ভাব্য বার্ষিক ৰাজহ ১২,০০০ কোটি পৰিসংখ্যাৰ সম্পূর্ণ বিপৰীত৷ সংশোধনীখনে গাঁথনিগত সংস্কাৰ, পেছাদাৰী পর্যবেক্ষণ আৰু দায়বদ্ধতা প্রণালী প্রৱর্তন কৰি এই ব্যৱধানটো সমাধান কৰিব৷ সত্যতা নিশ্চিত কৰাৰ দিশত এক পদক্ষেপ হিচাপে এই আইনে এতিয়া কেৱল কমেও পাঁচ বছৰ ধৰি ইছলাম ধর্ম পালন কৰা ব্যক্তিসকলক ৱাকফ ঘোষণা কৰিবলৈ অনুমতি দিব৷ ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফৰ ধাৰণা, য’ত দীঘলীয়া ব্যৱহাৰে ভূমিক ৱাকফৰ সম্পত্তিলৈ ৰূপান্তৰ কৰিব পাৰে, সংশোধনীত এই বিষয়টোও বাতিল কৰা হৈছে৷ এই আইনখনে ডিজিটেল শাসনৰ সূচনা কৰিছে৷ সকলো ৱাকফ ৰেকর্ড এতিয়া এক ৰাষ্ট্রীয় ডিজিটেল প’র্টেলত কেন্দ্রীভূত কৰা হ’ব, যাৰ দ্বাৰা পঞ্জীয়ন, পৰিৱর্তন, অডিট, লীজ আৰু মোকর্দমাৰ তথ্য ৰাজহুৱাভাৱে প্রাপ্ত কৰিব পাৰিব৷ ভূমি ৰেকর্ড আৰু জিঅ’টেগিঙৰ সৈতে একত্রীকৰণে স্বচ্ছতা বৃদ্ধি কৰিব আৰু বেদখল আৰু অপব্যৱহাৰ দূৰ কৰাত সহায় কৰিব৷ আইনখনক ‘নৈতিক পুনৰ নির্ধাৰণ’ বুলি অভিহিত কৰি ৰাজ্যিক মন্ত্রীগৰাকীয়ে পুনৰ কয় যে এই আইনখনে এক নতুন ভাৰত গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ পবিত্র মার্ঘেৰিটাই উত্তৰ–পূবক, বিশেষকৈ মিজোৰামৰ উন্নয়নৰ প্রতি চৰকাৰৰ প্রতিশ্রুতি পুনৰ ব্যক্ত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতৰ ‘অষ্টলক্ষ্মী’ৰ অংশ হিচাপে অভিহিত কৰে৷