নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

নিয়মীয়া বার্তা, ১৯ মার্চঃ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে আজি পুৱা ১১ বজাত সাংসদৰূপে শপতগ্ৰহণ কৰে ৰঞ্জন গগৈয়ে ।

উল্লেখ্য যে ৰাজ্যসভাৰ এগৰাকী মনোনীত সদস্যই অৱসৰ গ্রহণ কৰাৰ বাবে সেই খালী ঠাই পূৰণ কৰিবলৈ ৰাষ্ট্রপতিয়ে মুখ্য ন্যায়াধীশ গগৈক ৰাজ্যসভালৈ মনোনীত কৰি সন্তুষ্টি ব্যক্ত কৰিছিল ৷

আইনক পেছা হিচাপে লোৱা গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি পাছলৈ বিচাৰপতি হৈ শেষত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সেৱা আগবঢ়াই অসমবাসীক গৌৰৱান্বিত কৰিছে ৷

You might also like