নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰীছত আৱদ্ধ তেজপুৰৰ ছাত্ৰক উদ্ধাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অনুৰোধ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ   সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোনা আতংক। এই আতংকৰ মাজতে গ্ৰীছত আবদ্ধ হৈ আছে তেজপুৰৰ এজন ছাত্ৰ। ছাত্ৰ গৰাকীক উদ্ধাৰৰ বাবে হাহাকাৰ কৰিছে ছাত্ৰ কৌস্তভ্ বৰাৰ পিতৃ শিল্পী দিলীপ বৰাৰ লগতে পৰিয়ালৰ লোক সকলে।দু:চিন্তা আৰু উদিগ্ন হৈ পৰা পৰিয়ালৰ লোকে পুত্ৰ তথা মেধাৱী ছাত্ৰ গৰাকীৰ উদ্ধাৰৰ কাৰণে কাতৰ অনুৰোধ জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতি। উল্লেখ্য যে আমেৰিকাত অধ্যয়নৰত ছাত্ৰ গৰাকী শিক্ষামূলক অধ্যয়নৰ কাৰণে গ্ৰীছৰ ক্ৰেতা বিশ্ববিদ্যালয়লৈ গৈছিল আৰু তাতে ক’ৰোনা  ভাইৰাছৰ বাবে ছাত্ৰ গৰাকী আবদ্ধ হৈ আছে।

You might also like