ভাইৰাছৰ আতংকত গৃহবন্দী, অনিশ্চয়তাত টকিঅ’গামী ৯ ভাৰতীয় বক্সাৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ প্রায় এপষেক পূর্বে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰি আত্মবিশ্বাসী হৈ উঠা দেশৰ ৯ গৰাকী বক্সাৰে এতিয়া কেৰিয়াৰক লৈ শংকিত হৈ পৰিছে৷ বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছে তেওঁলোকলৈ গভীৰ অনিশ্চয়তা কঢ়িয়াই আনিছে৷
বহু কষ্ট আৰু অধ্যৱসায়ৰ বলত অলিম্পিকলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হোৱা বক্সাৰসকলে যি সময়ত অলিম্পিকৰ বাবে নিজকে প্রস্তুত কৰিব লাগিছিল, সেই সময়তে তেওঁলোক সম্প্রতি ১৪ দিনৰ বাবে গৃহবন্দী হৈ আছে৷ জর্দানত শেহতীয়াকৈ অনুষ্ঠিত অলিম্পিকৰ কোৱালিফায়িং প্রতিযোগিতাত অংশ লৈ দেশলৈ উভতি অহাৰ পিছৰে পৰা তেওঁলোক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা আঁতৰি থাকিবলৈ বাধ্যতামূলক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে৷
অসম কন্যা লাভলিনা বৰগোহাঁইকে ধৰি দেশৰ মুঠ ৯গৰাকী বক্সাৰে অলিম্পিকৰ প্রস্তুতিৰ বাবে চলিত মাহৰ শেষৰফালে আমেৰিকা আৰু ৰাছিয়া ভ্রমণলৈ যোৱাৰ কথা আছিল৷ কিন্তু ক’ৰোনা ভাইৰাছে বিশ্বত আতংক সৃষ্টি কৰাৰ পৰিপ্রেক্ষিতত এই সকলো কার্যসূচী ইতিমধ্যে বাতিল হৈছে৷
মন কৰিবলগীয়া যে জর্দানত অলিম্পিকৰ কোৱালিফায়িং প্রতিযোগিতাত অংশ লোৱাৰ পূর্বে ভাৰতীয় বক্সাৰসকলে ইটালীত এক উন্নত প্রশিক্ষণ শিবিৰত অংশ লৈছিল৷ এম চি মেৰীকম, মনীষ কৌশিক, বিকাশ কৃষণ, পূজাৰাণী, আশিস কুমাৰ, সতীশ কুমাৰ, অমিত পাংহাল আৰু অসম কন্যা লাভলিনাৰে গঠিত ভাৰতীয় দলটোৱে ইটালীৰ পৰা উভতি অহাৰ কিছুদিন পিছতে দেশখনত ক’ৰোনা ভাইৰাছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে৷ সম্প্রতি গৃহবন্দী হৈ থকা বক্সাৰসকলে নিয়মীয়া অনুশীলনত অংশ ল’ব নোৱাৰিলেও অৱশ্যে উদ্বিগ্ন নহয় ভাৰতীয় বক্সিং ফেডাৰেচন৷ মেৰীকমৰ দৰে অভিজ্ঞ তাৰকাৰে গঠিত দলটোৱে এইধৰণৰ সাময়িক সমস্যাৰ মোকাবিলা কৰিব পৰাকৈ শক্তিশালী আৰু পৰিপক্ব বুলি কালি আত্মবিশ্বাস প্রকাশ কৰে ফেডাৰেচনৰ সম্পাদক জয় কোহলিয়ে৷ খেলুৱৈসকলৰ স্বাস্থ্যৰ দিশটো ফেডাৰেচন আৰু চৰকাৰে চোকা নজৰত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে টকি’ অলিম্পিকত দেশৰ বক্সাৰসকলে সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হ’ব৷