ভাৰতক আক্রমণ -ৰ পূর্বে ১৪বাৰ জন্ম ল’ব লাগিব বাংলাদেশে : ড০ শর্মা
🔹 ভাৰতক আক্রমণ -ৰ পূর্বে ১৪বাৰ জন্ম ল’ব লাগিব বাংলাদেশে : ড০ শর্মা
বিশেষ বাৰ্তা, ২২ মে’ : বাংলাদেশে আমাৰ এটা চিকেন নেকত আক্রমণ কৰিলে আমি বাংলাদেশৰ দুটা চিকেন নেকত আক্রমণ কৰিম৷ এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেৰগাঁৱত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ এটা চিকেন নেক আছে, কিন্তু বাংলাদেশত দুটা চিকেন নেক আছে৷ তেওঁলোকে আমাৰ এটাত হামলা দিলে আমি তেওঁলোকৰ দুটাত হামলা দিম৷ মেঘালয়ৰে চিটাগং বন্দৰলৈ আমাৰ পৰা তেনেই ওচৰ৷
মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ভাৰতবর্ষ কিমান শক্তিশালী ৰাষ্ট্র সেয়া সকলোৱে জানে৷ অপাৰেচন সিন্দূৰত ভাৰতৰ শক্তি প্রতিপন্ন হৈছে৷ বাংলাদেশে ভাৰতক আক্রমণ কৰিবলৈ হ’লে কমেও ১৪বাৰ জন্ম ল’ব লাগিব৷ সেয়ে বাংলাদেশক ইমান গুৰুত্ব দি লাভ নাই৷ বাংলাদেশ এখন সৰু ৰাষ্ট্র৷
আনহাতে, বাংলাদেশৰ মৌলবীয়ে তেওঁলোকৰ মানচিত্রত অসমক সামৰি লোৱা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে মানচিত্রত সামৰি ল’ব পাৰে৷ আমিও তেনেধৰণৰ মানচিত্র এখন উলিয়াই দিলেই হ’ল৷ মানচিত্র বনোৱাত কাৰো আপত্তি নাই৷ আমাৰো পুৰোহিত, বিদগ্ধ পণ্ডিতে চিটাগং প’ৰ্টকে ধৰি তেওঁলোকৰ অঞ্চল অসমত অন্তর্ভুক্ত কৰি মানচিত্র প্রকাশ কৰিব পাৰে৷