Britain’s Got Talent -ৰ ফাইনেলত অসমৰ বিনিতা চেত্ৰী
🔹 Britain’s Got Talent -ৰ ফাইনেলত অসমৰ বিনিতা চেত্ৰী
🔹 উত্তৰ-পূবৰ প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে ইতিহাস সৃষ্টি ৯ বছৰীয়া বিনীতাৰ
বিশেষ বাৰ্তা, ২৫ মে’ : অসমৰ ৯ বছৰীয়া বিনীতা চেত্ৰীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ পৰা Britain’s Got Talent (বিজিটি)ৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে ইতিহাস সৃষ্টি কৰিছে। ছেমি ফাইনেলত তেওঁ এক শক্তিশালী নৃত্য প্ৰদৰ্শন আগবঢ়াই জনসাধাৰণৰ ভোট লাভ কৰে আৰু ৩১ মে’ৰ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’বলগীয়া Britain’s Got Talent 2025ৰ লাইভ গ্ৰেণ্ড ফিনালেত স্থান লাভ কৰে।
ছেমি ফাইনেলত জয়লাভ কৰাৰ পিছত বিনীতাই কয়- ‘মই নিজে অতিশয় সুখী অনুভৱ কৰিছোঁ।মই ছেমি ফাইনেলৰ বাবে বহুত কষ্ট কৰিছিলোঁ আৰু ফাইনেলৰ বাবে মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰিবলৈ ওলাইছোঁ।”
অসমৰ বাসিন্দা বিনীতাই বৰ্তমান লাখ লাখ মানুহৰ হৃদয়ত স্থান লাভ কৰাৰ লগতে জিলিক উঠিছে। ইয়াৰ পূৰ্বে ভাইৰেল ভিডিঅ’ ক্লিপত তেওঁ বিজিটিৰ মঞ্চলৈ যোৱা যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰিছিল যে Britain’s Got Talentত অনুষ্ঠান পৰিৱেশন কৰাটো তেওঁৰ সদায় সপোন আছিল। “মই দেউতাৰ লগত ইয়ালৈ আহিছোঁ”- তাই খুব শুৱলাকৈ কয় আৰু লগতে কয়- “মই জিকিব বিচাৰোঁ আৰু এটা গোলাপী ৰঙৰ ৰাজকুমাৰীৰ ঘৰ কিনিব বিচাৰোঁ।” তাইৰ সৰলতা আৰু আত্মবিশ্বাসে বিচাৰক আৰু দৰ্শকৰ হৃদয় জয় কৰিছিল।
বিচাৰকে বিনীতাৰ স্থিৰতা, শক্তি আৰু একাগ্ৰতাৰ বাবে প্ৰশংসা কৰি তেওঁৰ অভিনয়ক “সঁচাকৈয়ে যাদুকৰী” বুলি অভিহিত কৰে। বিচাৰকৰ প্ৰশ্নৰ সময়ত অসমৰ বিনীতাৰ উত্তৰে বিচাৰকৰ হৃদয় চুই যাবলৈ সক্ষম হৈছিল আৰু দৰ্শকৰ মুখত হাঁহি কঢ়িয়াই আনিছিল।
৯ বছৰীয়া বিনীতা চেত্ৰীয়ে সমগ্ৰ প্ৰতিযোগিতাখনত অবিশ্বাস্য শক্তি, প্ৰতিভা আৰু স্থিৰতা প্ৰদৰ্শন কৰিছে। মাত্র কেইদিনমান বাকী থকা ফাইনেলৰ প্ৰদৰ্শনৰ বাবে অসমৰ লগতে সমগ্ৰ বিশ্বৰ অনুৰাগীয়ে বিনীতাক উৎসাহিত কৰিছে- বিজিটি ২০২৫ৰ ট্ৰফী আঁজুৰি অনা বিনীতা।