অৰ্ধশতাধিক গৰাকীবিহীন পথৰ কুকুৰক ছিটা প্ৰদান SEDOৰ
বজালী জিলা সদৰ পাঠশালা নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত চেডো নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানে গ্ৰহণ কৰা এক ব্যতিক্ৰমী পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি তৃতীয় বৰ্ষৰ বাবে কাহিলী পুৱাতে পাঠশালা নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পদপথত ঘুৰি ফুৰা গৰাকীবিহীন বাটৰ কুকুৰক জ্বলাতংক ৰোগ প্ৰতিৰোধৰ বাবে চিতা প্ৰদান কৰা হয়৷
উল্লেখ্য যে ২৭ বছৰ পূৰ্বে পাঠশালাৰ একাংশ সুশিক্ষিত লোকৰ প্ৰচেষ্টাত জন্ম লাভ কৰা সামাজিক আৰু পৰিবেশ উন্নয়ন সংস্থা চমুকৈ চেডোৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি ২০২৩ চনৰ পৰা প্ৰতি বছৰ পহিলা জুলাইত সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি পাঠশালা নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পদপথত ঘুৰি ফুৰা গৰাকীবিহীন বাটৰ কুকুৰৰ জ্বলাতংক ৰোগ প্ৰতিৰোধৰ বাবে চিতা প্ৰদান কৰি আহিছে৷
উল্লেখ্য যে কৌশলেৰে পথৰ কুকুৰবোৰ ধৰি সংস্থাটোৱে ৰেবিজ ভাইৰাচৰ ভেকচিন প্ৰদান কৰা এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে চেডোৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ দীপজ্যোতি দাসে। পাঠশালা নগৰৰ ৰেলৱে ষ্টেশ্যন, নগৰ চাৰিআলি চ’ক, দৈনিক বজাৰ, ৰাষ্ট্ৰীয় ঘাইপথ চাৰিআলি চ’ক, মিলনপুৰ, মুগুৰীয়া, কেন্দুগুৰী চ’ক আদিত এই চিটা প্ৰদান কৰে সংস্থাটোৰ কাৰ্যকৰ্তা তথা পশু চিকিৎসক ক্ৰমে ডাঃ চক্ৰধৰ ডেকা, ডাঃ কিশোৰ দাস আৰু ডাঃ উজ্জ্বল কাকতিয়ে৷ আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে কয় যে এয়া নিসন্দেহে এক অতি প্ৰসংশনীয় পদক্ষেপ৷
তেওঁ চেডোৰ কাৰ্যকৰ্তাসকলক এনদৰে সমাজৰ হিতৰ বাবে কাম কৰি যোৱাৰ বাবে অভিনন্দন জনায় আৰু ভবিষ্যতেও এনেকুৱা কাম কৰি যাবলৈ উৎসাহ যোগায়৷ অনুষ্ঠানটোত উপস্থিত থাকি বজালী জিলা উন্নয়ন আয়ুক্ত ডাঃ আশ্ৰাফুল আমিনে এগৰাকী পশু বিজ্ঞানৰ ছাত্ৰ হিচাপে নিজেওঁ এটা কুকুৰক চিটা প্ৰদান কৰি অনুষ্ঠানটোৰ কাৰ্যকৰ্তাসকলক উৎসাহিত কৰে৷ তেওঁ কয় যে জলাতংক এবিধ মাৰাত্মক ৰোগ৷ পোহনীয়া কুকুৰতকৈ পদপথৰ কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগ বেছিকৈ হোৱাৰ সম্ভাৱনা থাকে৷
কিয়নো এই গৰাকীবিহীন কুকুৰবোৰত ভেকচিন দিয়া নহয়৷ সেয়েহে আজিৰ এই পদক্ষেপ সচাকৈ প্ৰশংসনীয় বুলি ডাঃ আমিনে ব্যক্ত কৰে৷ প্ৰায় অৰ্ধশতাধিক কুকুৰক ছিটা প্ৰদান কৰাৰ পিছতে সিহতক চিনাক্তকৰণৰ সুবিধাৰ্থে ডিঙিত একোডালকৈ ৰঙা ফিটা বান্ধি দিয়া হয়৷ কাৰ্যসূচীত স্বেচ্ছাসেৱী সংস্থাটোৰ সদস্য বিপুল মালাকৰ, দিগন্ত তালুকদাৰ, ৰমা ভূঞা, পৰাগ চৌধুৰী, ধৰণী দাস, ভাস্কৰ দাস, মিণ্টু পাটগিৰি, মুন্না মহন্ত, মুকুল দাল, ভূমিধৰ কাকতি, কিশোৰ বৰ্মণকে আদি কৰি স্বেচ্ছাসেৱী সংস্থাটোৰ বহু সদস্যই অংশগ্ৰহণ কৰে৷
নিয়মীয়া বাৰ্তা, পাঠশালাঃ Date of Published 3 July, 2025