নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীৰ মাফিয়াৰ ৰম্যভূমিত পৰিণত বিলাসীপাৰা, নীৰৱ আৰক্ষী-প্ৰশাসন

পশ্চিম অসমৰ ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত বিলাসীপাৰা মহকুমা সদৰ চহৰখন সম্প্ৰতি জুৱাৰীসকলৰ বাবে ৰম্যভূমিলৈ পৰিণত হৈছে। পিছে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে নীৰৱ ভুমিকালৈ প্ৰকাৰন্তৰে হাত উজানহে দিছে।

উত্থাপিত অভিযোগ অনুসৰি তীৰ মাফিয়াসকলে চহৰখনৰ অলিয়ে গলিয়ে নিৰ্বিঘ্নে চলাইছে জুৱাৰ ৰমৰমীয়া ব্যৱসায়। ফলত বিনষ্ট হব ধৰিছে সামাজিক, শৈক্ষিক পৰিৱেশ। এই অভিযোগ দীৰ্ঘদিনীয়া, পিছে আৰক্ষী প্ৰশাসনে ইমান দিনে তীৰৰ জুৱা স্থায়ীভাৱে বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।

ফলত চহৰখনৰ পুৰণি বজাৰ, বানিয়াপাৰা,চাচাপাৰা, থানামোৰ, পানবজাৰ আদিৰ লগতে বিভিন্ন অলি গলিত এইবিধ জুৱাৰ টিকট সহজলভ্যহৈ  পৰিছে । তীৰ খেলৰ মালিকপক্ষই কমিছনৰ অংকত এজেন্ট নিয়োগ কৰি বিনাদ্বিধাই টিকটসমুহ বিক্ৰী কৰি আহিছে। এজেন্টসকলেও অধিক মুনাফাৰ আশাত দিনটোৰ ভিতৰতে ধনবান হোৱাৰ সপোন দেখুৱাই টিকটসমুহ বিক্ৰী কৰি আহিছে।

অকল এয়ায় নহয়, হোৱাটচ্ এপৰ যোগেদিয়েও এইবিধ জুৱাৰ টিকট বিক্ৰী কৰি আহিছে। ফলত বিশেষকৈ খাটি খোৱা লোকৰ লগতে নৱপ্ৰজন্মক এইবিধ জুৱাৰ প্ৰতি সহজতে আকৰ্ষিত কৰি তুলিছে। সহজ ধনৰ আশাত তীৰ খেলৰ টিকট ক্ৰয় কৰি অঞ্চলটোৰ খাটি খোৱা লোক স্বৰ্বস্বান্ত হবলৈ ধৰিছে। ঠিক তেনেদৰে একাংশ নৱপ্ৰজন্মেও ধ্বংসৰ পথলৈ আগবাঢ়িছে।ইয়াৰ বিপৰীতে তীৰ মাফিয়া সকলে আভিজিত্য জীৱন অতিবাহীত কৰিবলৈ লৈছে।

আৰক্ষীয়ে  এনে সৰ্বনাশী জুৱাৰ মালিকপক্ষৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে।  জানিব পৰা মতে চহৰখনত কেবাটাও তীৰ খেলৰ ঘাটি সক্ৰিয়হৈ আছে। অবশ্যে সময়ে সময়ে আৰক্ষীয়ে তীৰ খেলৰ বিৰুদ্ধে অভিযান চলাই কেইজন মান এজেণ্টক আটক কৰি দায়িত্ব সামৰে যদিও সম্প্ৰতি সেয়াও বন্ধ কৰি জুৱাৰী সকলক উৎসাহিত কৰাৰ অভিযোগ উঠিছে।যিটো সময়ত ৰাজ্য চৰকাৰে জুৱাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে।

এনেকি বহিঃৰাজ্যৰ চৰকাৰী লটাৰী অসমত অবৈধ ঘোষনা কৰি বন্ধ কৰি দিছে।তেনে সময়তে বিলাসীপাৰাত তীৰ মাফিয়া সকলে কি দৰে জুৱাৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে সেয়া ৰহস্যৰ আবৰ্তত। এই সন্দৰ্ভত  সৰ্বনাশী তীৰ জুৱাৰ বিৰুদ্ধে  কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে সচেতন মহলে নৱ নিযুক্ত আৰক্ষী অধীক্ষকৰ লগতে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ  কামনা কৰিছে।

নিয়মীয়া বাৰ্তা, বিলাসীপাৰা : Date of Published, 3 July, 2025

You might also like