Ola, Uber, Rapido : কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনাৰ পাছত Ola, Uber, Rapido-ৰ ৰাইডত মূল্যবৃদ্ধি ঘটিব। যাৰ ফলত গ্ৰাহকে বহুত বেছিকৈ খৰচ কৰিব লগা হব।
নতুনকৈ অনুমোদিত Motor Vehicle Aggregator Guidelines (MVAG) 2025 অনুসৰি, কেন্দ্ৰীয় চৰকাৰে এখন গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই নিয়ম অনুসৰি, Ola, Uber, Rapido আদি কেব এগ্ৰিগেটৰসকলৰ ৰাইডসমূহ এতিয়া আগৰ তুলনাত অধিক খৰচী হ’ব বুলি সংবাদত প্ৰকাশ পাইছে।
পিক আৱাৰত ডাবল ভাৰা
কেন্দ্ৰীয় চৰকাৰে নতুন নিৰ্দেশনাত অনুমতি দিছে যে পিক আৱাৰৰ সময়ত কেব এগ্ৰিগেটৰসকলে বেছিকৈ— মূল ভাৰাৰ দ্বিগুণ ল’ব পাৰে। এই পৰিৱৰ্তন MVAG 2025-ৰ অংশ, যি গাড়ীচালক আৰু যাত্ৰীৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰণয়ন কৰা হৈছে।
Ride বাতিল কৰিলে জৰিমনা
নতুন নিয়ম অনুসৰি,
-
যদি চালকে ride accept কৰাৰ পাছত বাতিল কৰে, তেতিয়া তেওঁক ভাৰাৰ ১০% (সর্বাধিক ১০০ টকা) জৰিমনা দিব লগা হ’ব।
-
এই একে জৰিমনাই যাত্ৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব, যদি তেওঁলোকে ride বাতিল কৰে।
MVAG 2025-ৰ অধীনত আন কিছু মুখ্য পৰিৱৰ্তন
-
একাধিক এগ্ৰিগেটৰত কাম কৰাৰ স্বাধীনতা। কেব এগ্ৰিগেটৰসকলে চালকক অন্য প্লেটফৰ্মত কাম কৰাত বাধা দিব নোৱাৰিব।
-
যাত্ৰাৰ অভিজ্ঞতাৰ মূল্যায়নৰ ব্যৱস্থা। App-ত চালক আৰু যাত্ৰী উভয়ক যাত্ৰাৰ অভিজ্ঞতাৰ ওপৰত rating দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
-
চালকৰ বাবে ৪০ ঘণ্টাৰ প্ৰশিক্ষণ বাধ্যতামূলক। onboarding পোৱাৰ আগতে চালকে অন্ততঃ ৪০ ঘণ্টাৰ প্রশিক্ষণ (physical আৰু virtual) গ্ৰহণ কৰিব লাগিব।
-
চালকৰ যোগ্যতা। চালকৰ বাবে তলত দিয়া ধৰণৰ নথিপত্র বাধ্যতামূলক —
-
বৈধ ড্ৰাইভিং লাইচেঞ্চ
-
সক্রিয় বেংক একাউণ্ট
-
মেডিকেল পৰীক্ষা
-
-
App-ৰ ভাষা সহনীয়তাঃ App-টো ইংৰাজী, হিন্দী আৰু ৰাজ্য/সংঘশাসিত অঞ্চলৰ চৰকাৰী ভাষাত উপলব্ধ হ’ব লাগিব।
-
ৱেবছাইটত তথ্য প্ৰকাশ বাধ্যতামূলক
কেব এগ্ৰিগেটৰে এটা অপেন ৱেবছাইট বজাই ৰাখিব লাগিব, য’ত তলত উল্লেখ কৰা তথ্য থাকিব —-
মালিকৰ তথ্য
-
ৰেজিষ্টাৰ্ড ঠিকনা
-
ভাৰাৰ গঠন
-
কাষ্টমাৰ সেৱাৰ যোগাযোগ
-
অফাৰ কৰা সেৱা
-
-
ভেহিকল লোকেশ্বন আৰু ট্ৰেকিং ডিভাইচ
যানবাহনত লগোৱা tracking device-সমূহে ঠিকঠাক কাম কৰা লাগিব, আৰু সেই feed ৰাজ্য চৰকাৰৰ Command and Control Centre-ৰ সৈতে সংযুক্ত থাকিব লাগিব।
এই নতুন নিয়মসমূহৰ লক্ষ্য হ’ল— সুৰক্ষা, স্বচ্ছতা আৰু উত্তম সেৱা নিশ্চিত কৰা। যাত্ৰী আৰু চালক উভয়ৰ বাবে অধিক জবাবদিহিতা আনিব বুলি চৰকাৰে আশা কৰিছে। তাৰ পিছতো পিক আৱাৰৰ ডাবল ভাৰা আৰু বাতিলৰ জৰিমনা বিষয়টো গ্ৰাহকৰ বাবে এটা বেছি খৰচী বিষয় হিচাপে চিহ্নিত হৈছে।
Niyomiya Barta Desk, Date of Published, 3 July, 2025