নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ সানপাৰা গ্ৰাণ্টৰ শ্যামৰায় নামঘৰত নিষিদ্ধ মাংস উদ্ধাৰ, উত্তেজনা

ৰাজ্যৰ ঠায়ে ঠায়ে সনাতনী হিন্দু মন্দিৰত চৰকাৰী নিষিদ্ধ ঘোষিত গো মাংস উদ্ধাৰ হোৱাৰ লেখিয়া আজি হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হিন্দু প্ৰধান অঞ্চল সানপাৰা গ্ৰান্টৰ শ্ৰীশ্ৰী শ্যামৰায় নামঘৰৰ সন্মূখত গো মাংস উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি শুৱালকুছিৰ নাতি দূৰৰ কৃষি প্ৰধান সানপাৰা গ্ৰান্টৰ  উক্ত নামঘৰৰ নামঘৰীয়া ভকত গণেশ কলিতাই অইন দিনৰ দৰে আজিও পুৱা নামঘৰ ধুৱাবলৈ যায় ৷ কিন্তু নামঘৰ চাফ চিকুন কৰি থাকোতে হথাতে দৃষ্টিগোচৰ হয় এটা কলা পলিথিন বেগ৷

তেওঁ বেগটো আতৰাই নামঘৰৰ চাকি ধূপ দি মাংগলিক কাৰ্য সমাপন কৰি মন্দিৰৰ কাষতে থকা দুজনমান ডেকাক কথাটো কোৱাৰ সময়তে পৰিত্যক্ত পলিথিন বেগটো দুটা কুকুৰে টানি নিয়ে ৷ লগে লগে স্থানীয় ৰাইজ গয়ৰহৰ লোক সকল উপস্থিত হয় ৷

ৰাইজে নিষিদ্ধ ঘোষিত গো মাংস বুলি নিশ্চিত হৈ আৰক্ষীক খবৰ দিয়ে ৷ শ্ৰীশ্ৰীশ্যামৰায় নামঘৰ ৰাইজ গয়ৰহে সনাতনী হিন্দু ধৰ্মৰ সাতাম পুৰুষীয়া ধৰ্মত আউল লগোৱা গৰ্হিত কামৰ বাবে তীব্ৰ গৰিহণা দিয়ে আৰু আৰক্ষীয়ে জোৰ তদন্তৰ জৰিয়তে দোষীক বিচাৰি  শাস্তিৰ দাবী জনাইছে ৷

বিশেষ বাৰ্তা, শুৱালকুছি : Date of Published, 3 July, 2025

You might also like