ক’ৰোনা এফেক্টঃ ভোকাতুৰ বান্দৰৰ গেং ৱাৰ
মানৱৰ দর্প চূর্ণ কৰি সদম্ভে বিচৰণ কৰি থকা সংক্রমিত ভাইৰাছ ক’ভিড–১৯ৰ আন এক প্রভাৱ দৃশ্যমান হৈছে থাইলেণ্ড আৰু জাপানত৷ থাইলেণ্ডৰ ল’পবুৰি নামৰ ঠাইখনত অৱস্থিত ফ্রা প্রাং চাম য়ট মন্দিৰৰ কাহিনী এয়া৷ মন্দিৰটোত বহু বান্দৰৰ অৱস্থিতি বিদ্যমান৷ আৰু মন্দিৰটোলৈ আগমন ঘটা অসংখ্য পর্যটকে বিগত দিনসমূহত মন্দিৰৰ চাৰিওফালে বহি থকা এনে বান্দৰবোৰক আহাৰ যোগান ধৰাত পেটৰ ভোক নিবাৰণ কৰি আহিছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ আতংকই বিশ্বৰ পর্যটন খণ্ডলৈ অনা বিপর্যয়ৰ বাবে এই মন্দিৰটোতো নিমাওমাও পৰিৱেশ বিৰাজমান৷ এনে পৰিপ্রেক্ষিতত অতি অৰাজক পৰিস্থিতি সৃষ্টিৰ দিশে গমন কৰিছে অঞ্চলটো৷ মন্দিৰলৈ পর্যটকৰ আগমন নঘটাত ওচৰ–পাজৰৰ অঞ্চললৈ একো একোটা দলত বিভক্ত হৈ ওলাই আহিছে বান্দৰৰ গেং৷ ৰাস্তা, ঘৰ আদি সকলো স্থানতে পিটপিটাই ঘূৰি ফুৰিছে বান্দৰৰ এনে গেং৷ কোনোৱে খাবলৈ বুলি দলিয়াই দিয়া সামান্য খাদ্যক লৈ দুর্বাদল কাজিয়াত লিপ্ত হৈছে ভোকত কলমলাই থকা ভোকাতুৰ বান্দৰসমূহ৷ হাজাৰৰ হিচাপত থকা বান্দৰৰ এই সংখ্যাই চিন্তিত কৰি তুলিছে প্রকৃতিপ্রেমীসকলক৷ কেৱল পর্যটকৰ ওপৰত নির্ভৰশীল বান্দৰবোৰে এতিয়া কোনো মানুহে খাদ্য নিদিলে আক্রমণাত্মক ৰূপ লোৱাৰ এনে দৃশ্য ইউ টিউবৰ জৰিয়তে প্রত্যক্ষ কৰাত বিষয়টোৱে চর্চা লাভ কৰিছে ৷
দিক–বিদিক হৰিণা
আনহাতে জাপান চহৰৰ নাৰা পার্কৰ মাজতো সৃষ্টি হৈছে পশুবিলৈ৷ প্রায় এহাজাৰ মুকলি হৰিণাই বিচৰণ কৰি থকা এই নাৰা পার্ক পর্যটকৰ বাবে আকর্ষণীয় স্থল৷ পার্কখনলৈ গ’লে চিকা নামৰ হৰিণাৰ জাকৰ সৈতে ফটো উঠা আৰু সেইবোৰক খাদ্যৰ যোগান ধৰাটো এটা স্বাভাৱিক ঘটনা৷ কিন্তু ক’ৰোনাৰ বাবে প্রায় ৮৫ শতাংশলৈ হ্রাস পাইছে পর্যটকৰ সংখ্যা৷ স্বাভাৱিকভাৱে ইয়াৰ প্রভাৱ পৰিছে পার্কখনত৷ মানুহৰ পম খেদি ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছে হৰিণাবোৰে৷ দিনৰ উপৰি নিশাও চিঞৰি চিঞৰি ঘূৰি ফুৰিছে চিকা নামৰ সুন্দৰ হৰিণাবোৰ৷
ভেনিছ কেনেল দখল
ইটালীৰ ভেনিছ চহৰ৷ চালে চকুৰোৱা ভেনিছ চহৰ যেন মর্ত্যৰ স্বর্গ৷ চহৰৰ মাজেৰে বৈ যোৱা ভেনিছ কেনেল ইয়াৰ সৌন্দর্যৰ অন্যতম অলংকাৰ৷ এই কেনেলতে নাও বাই পর্যটকে আনন্দ লভে৷ কিন্তু ক’ৰোনাই ইটালীক সর্বাত্মকৰূপে গ্রাস কৰাৰ বাবে ইটালীৰ ভেনিছ চহৰতো বাদ কোনো মুকলি ঠাইতে মানুহৰ অৱস্থিতি শূন্য৷ এনে অৱস্থাতে পৰিলক্ষিত হ’ল কিছু আগতে চকুত নপৰা দৃশ্য৷ সেয়া হ’ল ভেনিছ কেনেলত এতিয়া সাঁতুৰি–নাদুৰি ফুৰিছে ডলফিন, বিভিন্ন প্রজাতিৰ মাছ, পেলিকান চৰাই আদিয়ে৷ আনকি ভেনিছৰ ৰাজপথলৈ ওলাই আহি সগর্বে ভ্রমি ফুৰিছে হাঁহ–কুকুৰা ৷