ঘগ্রাপাৰৰ বৰম্বৈ বৰপুখুৰী
- বীৰেন কলিতা
গুৰুত্বপূর্ণ ক্ষেত্রকে ধৰি পর্যটন কেন্দ্র, নিবনুৱাৰ সংস্থাপন, জৈৱিক সাৰ, মীন উৎপাদন আদিৰ আধাৰ যদিও কোনো এখন চৰকাৰে এই পুখুৰীটোক বিশেষ কোনো গুৰুত্ব প্রদান কৰা নাই বৰঞ্চ চৰকাৰী আঁচনি আবণ্টনেৰে লাখ লাখ টকা আত্মাসাৎ কৰাৰ প্রতিযোগিতাহে কৰি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে৷ পুখুৰীটোৰ অতীত ইতিহাস চাবলৈ বুৰঞ্জীগত বিশেষ সমল পোৱা নাযায়৷ মানুহৰ মুখে মুখে প্রচলিত লোকপ্রবাদমতে বৰম্বৈ বৰপুুুখুৰীটো আৰিমত্ত ৰজাই খন্দা বুলি জানিব পৰা যায়৷ ৰঙিয়াৰ ওচৰত থকা আৰিমত্ত গডৰ অস্তিত্ব বর্তমানও জিলিকি থকা দেখা যায়৷ এসময়ত পাগলদিয়া নদীৰ পূব প্রান্তত অৱস্থিত পূব বনভাগ মৌজা, পশ্চিম বনভাগ আৰু বডিগোগ বনভাগ মৌজা ৰঙিয়া চার্কোলৰ অন্তর্গত আছিল৷ হয়তো ইয়াৰ কাৰণে জনসাধাৰণৰ কথা–বতৰাত নলবাৰীতকৈ ৰঙিয়াৰ মানুহৰ লগত মিল আছিল৷ তাৰ কাৰণ হয়তো ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীটো ৷
আনহাতে আৰিমত্ত ৰজাৰ উপৰি ফেঙুৱা নামৰ আন এজন ৰজাই পূব বনভাগ মৌজাৰ কঠোৰাৰ সমীপত কোঠ মাৰিছিল বুলি প্রবাদ আছে৷ ফেঙুৱা ৰজাই পূব বনভাগ মৌজাৰ পৰা সৈন্যবাহিনীৰ কোঠ ৰঙিয়াৰ ওচৰৰ কঠোৰালৈ তুলি নিয়া বুলি লোকবিশ্বাস আছে৷ আৰিমত্ত ৰজাই বর্তমানৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তর্গত বৰজাৱৰীহাটী গাঁওত কি উদ্দেশ্যে বৰম্বৈ বৰপুখুৰীটো খান্দিছিল সেই সম্পর্কে বুৰঞ্জী নিমাত৷ উক্ত বৰম্বৈ বৰপুখুৰীটোৰ ওচৰতে বৰমপুৰ নামৰ এটা চুবুৰি আছিল৷ ইয়াৰ কাৰণে হয়তো পুখুৰীটো পূর্বৰ বৰমপুৰৰ পৰা বর্তমান বৰম্বৈ বৰপুখুৰী নামেৰে জনাজাত হ’ল৷ অতীতৰ বৰমপুৰ পুখুৰীটোৰ ওচৰত থকা বৰমপুৰ চুবুৰিত অধিকসংখ্যক ব্রাহ্মণ পৰিয়ালে বসতি স্থাপন কৰি আছিল৷ কালক্রমত প্রাকৃতিক দুর্যোগৰ সময়ত ব্রাহ্মণ পৰিয়ালৰ লোক সকল ওচৰৰ লাটিমা, নাৰপাৰা, নিমুৱা, আমৰা আদি গাঁৱত বসবাস কৰি আছে৷ বিভিন্ন গাঁৱত বসবাস কৰি থাকিলেও তেওঁলোকক আজিও বৰমপুৰীয়া নামেৰে জনাজাত হৈ আহিছে৷ আৰিমত্ত ৰজাই ব্রাহ্মণ পৰিয়ালৰ লগতে অঞ্চলটোৰ গাঁওৰ ৰাইজৰ বাবে খন্দাইছিল এই বৃহৎ বৰপুখুৰীটো৷ আনহাতে এই বৰম্বৈ বৰপুখুৰীটোৰ আশে–পাশে মকৰা পুখুৰী, কোদালধোৱা পুখুৰী, জোলাৰ পুখুৰী, শামুকখোলা পুখুৰী নামেৰে কেইবাটাও সৰু–বৰ পুখুৰী বিৰাজমান৷ ইফালে বৰ পুখুৰীটোৰ ওচৰ–পাজৰত বহুতো ওখ ঠাই আজিও বিদ্যমান৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বৰম্বৈ বৰপুখুৰীটোৰ আশ–পাশ এটা সময়ত লোকাৰণ্য হৈ আছিল ৷
ইপিনে ৰঙিয়াৰ বিদ্রোহী সন্তান হৰদত্ত আৰু বীৰদত্ত নামৰ দুই ভাই ককায়ে আহোম ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰি ৰঙিয়া অঞ্চলত শাসন কার্য চলাইছিল৷
সেই হৰদত্তৰ কন্যা পদুম কুঁৱৰীক বৰম্বৈ বৰপুখুৰীৰ ওচৰৰ ধনৰা গাঁওৰ ধনাই নামৰ এজন যুৱকৰ লগত বিয়া দিছিল৷
ধনৰাৰ যুৱক ধনাইৰ লগতে হৰদত্তৰ কন্যা পদুম কুঁৱৰীৰ বিবাহ উপলক্ষে এই বৰম্বৈ বৰপুখুৰীটো খন্দা বুলি দন্দুৱাদ্রোহ নামৰ বুৰঞ্জীত উল্লেখ আছে৷ বৰম্বৈ ৰজাদিনীয়া বৃহৎ পুখুৰীৰ পশ্চিমৰ ঠাইখিনিৰ নাম ২নং ধনৰা৷ কিন্তু এই ২নং ধনৰা অথবা বৰমপুৰ নামেৰে জনাজাত ঠাইখনত বর্তমান কোনো লোকে বসবাস নকৰে যদিও ২নং ধনৰা নামৰ ৰাজহ গাঁও আছে৷
ৰজাদিনীয়া এই বৃহৎ বৰপুখুৰীটোৰ সম্প্রতি পানীভাগত ৮৫ বিঘা আৰু চাৰিওটা বৃহৎ পাৰত ৪০ বিঘা মাটি আগুৰি আছে৷ এই বৃহৎ বৰপুখুৰীটো উন্নয়নৰ ক্ষেত্রত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই বিগত কোনো এখন চৰকাৰে৷ আনকি পুখুৰীটোলৈ অহা–যোৱা কৰিবলৈ পথ–দলঙৰ ব্যৱস্থা নাই৷ পর্যটনস্থলীৰ পূর্ণ সম্ভাৱনা থকা ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰী চৰকাৰৰ সদিচ্ছাত নিশ্চয়কৈ পর্যটন স্থলীলৈ ৰূপান্তৰিত হৈ উঠিব৷ পুখুৰীটোৰ চাৰিওটা পাৰ অতি আহল–বহল৷ পাৰত সৌন্দর্যবর্ধনেৰে গছ–গছনি ৰোপণ কৰি পার্কৰ লেখিয়াকৈ সজাব পৰাৰ ব্যৱস্থা আছে৷ তদুপৰি পানীভাগত থকা মেটেকা–পিতনি আদি সম্পূর্ণ ৰূপে চাফ–চিকুণ কৰিলে দেশী–বিদেশী নানা প্রজাতিৰ হঁাহ–চৰাই আদিৰে ভৰপূৰ হৈ পৰিব৷ বর্তমানে পুখুৰীৰ পানীভাগৰ ২/৩ অংশ মুকলিতে বিভিন্ন প্রজাতিৰ থলুৱা হঁাহ–চৰাই আদি থকাৰ লগতে সময়ে সময়ে বহুকেইবিধ বিদেশী ছাইবেৰিয়ান হঁাহ আহি জলকেলি কৰি থকা দেখা যায় শীতকালীন সময়ত৷ হঁাহ–চৰাইবোৰৰ সুললিত কণ্ঠস্বৰ, জলকেলি, জাকে জাকে আকাশলৈ উৰা মৰা, পুনৰ ঘূৰি আহি পুখুৰীত পৰা মনোমোহা দৃশ্যই পর্যটকসকলক মোহিত কৰিব বুলি নিশ্চয়কৈ ক’ব পাৰি৷ তদুপৰি মাঘ মাহত অঞ্চলটোৰ বিভিন্ন স্তৰৰ লোক এই বৃহৎ বৰপুখুৰীটোৰ পাৰলৈ বনভোজ খাবলৈ আহে৷ বিভিন্ন প্রজাতিৰ হাঁহ চৰাইবোৰৰ সুললিত কণ্ঠস্বৰ জলকেলিয়ে সকলোকে আপোন পাহৰা কৰে৷ বৰম্বৈ বৰপুখুৰীৰ দক্ষিণ পাৰৰ বাহিৰ ফালে ২৫ বিঘা মাটি থকা বুলি মানুহৰ মুখে মুখে প্রচলিত হৈ আছে৷ সেই মাটি বেদখল হৈ আছে৷ এতিয়া বৰম্বৈ ৰজাদিনীয়া বৃহৎ পুখুৰীৰ পাৰকে সামৰি লৈ পর্যটনৰ ক্ষেত্র হিচাপে গঢ়িবলৈ আহ্বান জনায় আছে বৃহত্তৰ ঘগ্রাপাৰ অঞ্চলৰ ৰাইজে ৷