নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ পৰা মিঞা বিতাড়নৰ দাবী বীৰ লাচিত সেনাৰ

এইবাৰ নাহৰকটীয়াত একপ্ৰকাৰ মিঞাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বীৰ লাচিত সেনাই। তদানীন্তন সময়ত সমগ্ৰ অসমতে সংঘটিত হৈ থকা প্ৰতিটো কু-কৰ্মত মিঞা সম্প্ৰদায়ৰ লোক জড়িত হৈ থকাটো সকলোৰে দৃষ্টিগোচৰ হৈছে। সেয়ে এই ভয়ংকৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি  এইবাৰ নাহৰকটীয়াত মিঞাৰ প্ৰৱেশ একপ্ৰকাৰ নিষিদ্ধ কৰিছে বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে।

এই সন্দৰ্ভত আজি নাহৰকটীয়াৰ সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি এই কথা স্পষ্ট কৰি দিয়ে বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে।এই স্মাৰক পত্ৰ অনুসৰি সংগঠনটোৱে নাহৰকটীয়াৰ প্ৰতিগৰাকী ভাড়াঘৰৰ মালিকক আগন্তুক ২ বা ৩ দিনৰ ভিতৰতে তেওঁলোকক অঞ্চলটোৰ পৰা বাহিৰ কৰি দিয়াৰ লগতে আগন্তুক দিনত কোনো কাৰণতে মিয়া যাতে লোকক ভাড়াঘৰ নিদিবলৈ আৰু ঠিকাদাৰ সকলকো অঞ্চলটোত কোনো কাৰণতে যিকোনো নিৰ্মান কাৰ্যত জড়িত নকৰিবলৈ সকীয়াই দিয়ে।

তদুপৰি দুদিনে পূৰ্বে নাহৰকটীয়াত এগৰাকী নাবালিকা কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱা মিঞা মাছ বেপাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰা, বলবমৰ নামত নাহৰকটীয়া জয়পুৰত অতি উচ্চ প্ৰাৱল্যৰ শব্দৰে হিন্দী ভোজপুৰী গীত বজাই সৃষ্টি কৰা হুলস্থুলীয়া পৰিৱেশ বন্ধ কৰা, দিনক দিনে নাহৰকটীয়াত বৃদ্ধি পোৱা ড্ৰাগছৰ বেহা বন্ধ কৰা আৰু ইয়াৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায় সংগঠনটোৱে। মনকৰিবলগীয়া যে এই বিষয় কেইটাত যদিহে প্ৰশাসনে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সংগঠনটোৱে নিজা ববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলিও স্মাৰক পত্ৰ খনত সংগঠনটোৱে সকীয়াই দিয়ে।

বিশেষ বার্তা : নাহৰকটীয়া, ২৮ জুলাই

You might also like