নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বৰ লগতে অসমতো ত্রাসৰ সৃষ্টি কৰি অহাৰ সময়ত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনাইছে ৷ কিন্তু গোৱালপাৰাৰ ভিন্ন প্রান্তত যেন একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই ৷ জিলাখনৰ ভিন্ন প্রান্তত আজিও একাংশ ব্যৱসায়িক প্রতিষ্ঠান খোলা থকাৰ লগতে বহু লোকে একগোট হৈ বজাৰ কৰা পৰলক্ষিত হয় ৷ গোৱালপাৰা জিলাৰ মৰনৈস্থিত ইণ্ডাষ্ট্রিয়েল গ্রুথ চেণ্টাৰত শ শ কর্মচাৰীয়ে কাম কৰি আছে ৷ এভাৰেডি, কেলভিন, ভিচিএল আদি কোম্পানীকেইটাত শতাধিক যুৱকে একেলগে কাম কৰিছে যদিও স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্রত নাই কোনো বিশেষ ব্যৱস্থা ৷
প্রৱেশ পথত নাই ছেনিটাইজাৰ, নাই কোনো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা ৷ দূৰণিবটীয়া কর্মচাৰীসকল কেৱল আহিছে আৰু গৈছে ৷ ইফালে, কোম্পানীত এদিন উপস্থিত নাথাকিলে কৰা হয় দৰমহা কর্তন ৷ কোম্পানীৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে কর্মচাৰীসকলে ভয়তে আহিবলৈ বাধ্য হৈছে ৷ ইফালে, প্রতিদিনে বহিঃৰাজ্যৰ পৰা গ্রুথ চেণ্টাৰত সোমাইছে শ শ ট্ৰাক ৷ ট্ৰাকচালকৰ স্বাস্থ্য পৰীক্ষাৰ বাবেও নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে মৰনৈ আঞ্চলিক ছাত্র সন্থাৰ একাংশ সদস্যই সোমবাৰে ইণ্ডাষ্ট্রিয়েল গ্রুথ চেণ্টাৰত উপস্থিত হৈ ইণ্ডাষ্ট্রিয়েল গ্রুথ চেণ্টাৰটো অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়াৰ দাবী জনাইছে জিলা প্রশাসনৰ ওচৰত ৷ সততে কর্মচাৰীৰ জীৱনক লৈ হেতালি খেলা বহিঃৰাজ্যৰ এইসমূহ কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী জনাইছে ৰাইজে ৷