নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাইৰাছঃ এইডছৰ পৰা ক’ৰোনালৈকে এক চমু অৱলোকন

  • ড০ ৰঞ্জিত দত্ত

বর্তমান সময়ৰ সকলোতকৈ বেছি চর্চিত বিষয়টোৱেই হৈছে ক’ৰোনা ভাইৰাছ৷ বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা আৰম্ভ কৰি আমাৰ চুবুৰীয়া দেশ ভূটানলৈকে প্রায় আতংকৰ সৃষ্টিকাৰী এই ক’ৰোনা ভাইৰাছৰ বিষয়ে যোৱা পষেকটোত বাতৰিকাকত, আলোচনী, বৈদ্যুতিন মাধ্যম, ছ’চিয়েল মিডিয়া আদিত ব্যাপক আলাপ–আলোচনা হোৱা দেখা গৈছে৷ আমাৰ দেশতো শেহতীয়াকৈ এই ৰোগত আক্রান্ত লোক চিনাক্তকৰণ হোৱাৰ পিছত সমগ্র দেশৰ লগতে আমাৰ ৰাজ্যখনতো ব্যাপক সতর্কতা গ্রহণ কৰা দেখা গৈছে৷ এই ক’ৰোনা ভাইৰাছৰ বিষয়ে ইতিমধ্যে অসমৰ সংবাদ মাধ্যমতো যথেষ্ট আলোচনা–বিলোচনা হৈছে৷ সেয়েহে মই মোৰ এই নিবন্ধটোত এইডছৰ পৰা ক’ৰোনালৈকে সময়ে সময়ে বিশ্ববাসীৰ মাজত আতংকৰ সৃষ্টিকাৰী ভাইৰাছবোৰৰ বিষয়ে সাধাৰণ পাঠকৰ বোধগম্য হোৱাকৈ চমু এক অৱলোকন আগবঢ়াব খুজিছোঁ৷

ভাইৰাছ(Virus) এটি লেটিন শব্দ যাৰ অর্থ হ’ল বিষ৷ আমি সকলোৱে জানো যে আমাৰ পৃথিৱীত থকা ক্ষুদ্র ক্ষুদ্র বেক্টেৰিয়াৰ পৰা আৰম্ভ কৰি বৃহতাকায় নীলা তিমি লৈকে সকলো জীৱৰ দেহ কোষেৰে গঠিত হয়৷ কিন্তু আশ্চর্যজনকভাৱে ভাইৰাছৰ দেহ কোষেৰে গঠিত নহয়৷ ভাইৰাছ ইমান ক্ষুদ্র যে ইয়াক কেৱল ইলেক্ট্র’ন অনুবীক্ষণ যন্ত্রৰ দ্বাৰাহে দেখা পোৱা যায়৷ বহু বছৰ ধৰি এই ভাইৰাছৰ প্রকৃতি নির্ধাৰণ এক তর্ক–বিতর্কৰ বিষয় হৈ আছে৷ ভাইৰাছ এনেধৰণৰ পদার্থ, যাক জীৱ বুলি ক’ব নোৱাৰি অথচ জড় বুলিও ক’ব নোৱাৰি৷ জীৱ সৃষ্টিৰ আগতেই এই ধৰণৰ কণিকাৰ সৃষ্টি হৈছিল যাৰ ক্রমবিৱর্তনৰ ফলত বর্তমানৰ জীৱবোৰৰ উদ্ভৱ হৈছিল৷ ভাইৰাছৰ প্রকৃতি সম্পর্কে তিনিটা মতবাদ প্রচলিত৷ প্রথম মতবাদ অনুসৰি ভাইৰাছ একধৰণৰ জীৱ৷ কাৰণ ভাইৰাছে বংশবৃদ্ধি কৰিব পাৰে আৰু ইহঁতৰ বংশগতি নির্ণায়ক পদার্থ (যি পদার্থই এটা প্রজন্মৰ পৰা তাৰ পিছৰ প্রজন্মলৈ চৰিত্রবোৰ কঢ়িয়াই নিয়ে)DNA বাRNA থাকে৷ দ্বিতীয় মতবাদৰ মতে ভাইৰাছ একধৰণৰ জড় বস্তু, কাৰণ ভাইৰাছৰ দেহ কোষেৰে গঠিত নহয় আৰু ভাইৰাছক স্ফটিক পদার্থলৈ ৰূপান্তৰ কৰিব পৰা যায়৷ তৃতীয় মতবাদ মতে ভাইৰাছ জীৱ আৰু জড়ৰ মধ্যাৱস্থা, কাৰণ ইহঁতৰ জীৱ আৰু জড় উভয়ৰে চৰিত্র বিদ্যমান৷

১৮৯৬ চনত উইলিয়াম বাইজিৰিংকে ধঁপাত পাতৰ ম’জেইক ৰোগৰ জীৱাণুক প্রথমে ভাইৰাছ আখ্যা দিছিল৷ তাৰ পৰৱর্তী পর্যায়ত বিশ্বৰ বিভিন্ন দেশত বিভিন্ন জীৱ বিজ্ঞানীয়ে ভাইৰাছৰ বিষয়ে বহু গৱেষণা কৰিছে যদিও বর্তমানেও ভাইৰাছৰ প্রকৃত ৰহস্য, ৰহস্য হৈয়েই আছে৷ যাৰ ফলত সমগ্র বিশ্বতে সময়ে সময়ে ভাইৰাছজনিত ৰোগে আতংকৰ সৃষ্টি কৰি আহিছে৷ সকলোতকৈ আকর্ষণীয় বিষয়টো হৈছে এই যে ইহঁতে জীৱ দেহৰ ভিতৰতে সজীৱ হৈ থাকে আৰু বংশবিস্তাৰ কৰি পৰজীৱী হিচাপে জীয়াই থাকে৷ আৰু যেতিয়া ইহঁতে জীৱদেহৰ সংস্পর্শৰ পৰা আঁতৰি থাকে তেতিয়া প্রাণহীন জড় পদার্থৰ দৰে থাকে৷

ভাইৰাছৰ আকৃতি বিভিন্ন ধৰণৰ হয়৷ আকৃতি অনুসৰি ভাইৰাছক চাৰিটা ভাগত ভাগ কৰিব পাৰি৷ গোলাকাৰ, দণ্ডাকাৰ, ঘনকাকৃতি আৰু শুক্রানু বা লালুকী আকৃতিৰ৷ ভাইৰাছৰ গড় ব্যাস ৮–৪০০ মিলি মাইক্রন৷ আকাৰৰ ফালৰ পৰা আটাইতকৈ সৰু ভাইৰাছটো হ’ল ঘৰচীয়া জীৱ–জন্তুৰ মুখ আৰু ভৰিত ৰোগ সৃষ্টিকাৰী ৰাইন’ ভাইৰাছ৷ আনহাতে ডাঙৰ ভাইৰাছটো হ’ল মানুহৰ বসন্ত ৰোগ সৃষ্টিকাৰী ভাইৰাছ৷ ভাইৰাছৰ দেহ এক প্রটিন আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে আৰু এই আৱৰণৰ ভিতৰতেDNA বাRNA সোমাই থাকে৷

ভাইৰাছৰ দ্বাৰা মানুহকে ধৰি বিভিন্ন প্রাণী আৰু উদ্ভিদৰ অসংখ্য ধৰণৰ ৰোগ হয়৷ ভাইৰাছ খুব সহজে সংক্রমিত হ’ব পাৰে আৰু মাতৃ দেহৰ পৰা জন্মৰ সময়ত শিশুলৈ এই বেমাৰ বিয়পিব পাৰে৷ চিন্তনীয় বিষয় এইটো যে কোনোধৰণৰ এণ্টিবায়’টিকৰ দ্বাৰা ভাইৰাছজনিত ৰোগ সহজে নিয়ন্ত্রণ কৰিব নোৱাৰি৷ ভাইৰাছৰ দ্বাৰা হোৱা মানুহৰ কেইটামান উল্লেখযোগ্য ৰোগৰ ভিতৰত – জলাতংক, বসন্ত, পলি’, ডেংগু, এনকেফেলাইটিছ, হেপাটাইটিছ, এইডছ আদি আটাইতকৈ ভয়ানক৷ মানুহৰ দৰে উদ্ভিদতো ভাইৰাছে বিভিন্ন ৰোগৰ সৃষ্টি কৰি যথেষ্ট অর্থনৈতিক ক্ষতি কৰে৷ ধঁপাতৰ ম’জেইক ৰোগ, ফুলকবিৰ ম’জেইক ৰোগ, বিলাহীৰ পাত হালধীয়া পৰা ৰোগ আদি ভাইৰাছে সৃষ্টি কৰে৷ ভাইৰাছে আমাৰ পোহনীয়া জীৱ–জন্তুবোৰতো আক্রমণ কৰি ভৰি আৰু মুখৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰে৷

ভাইৰাছে মানুহৰ দেহত সৃষ্টি কৰা বিভিন্ন ৰোগ যেনে বসন্ত, পলি’, হেপাটাইটিছ আদিক টিকাকৰণ(Vaccine) কৰি প্রতিৰোধ কৰিব পৰা হৈছে যদিও যোৱা কেইটামান দশকত ভাইৰাছজনিত কিছু ৰোগে সমগ্র বিশ্বৰ সংবাদ মাধ্যমত শীর্ষ স্থান দখল কৰি আতংকৰ সৃষ্টি কৰি আহিছে৷ তাৰ ভিতৰত এইডছ, চার্ছ, ইব’লা, নিপাহ আৰু শেহতীয়াকৈ ক’ৰোনা ভাইৰাছ অন্যতম৷

এইডছ(AIDS) হ’লAquired Immuno Deficiency Syndrome. HIV (Human Immuno Dificiency Virus) নামৰ ভাইৰাছে মানুহৰ  দেহৰ আর্জিত স্ব–প্রতিৰোধ ক্ষমতা সম্পূর্ণ ধ্বংস কৰি পেলায় বাবে এই ৰোগত আক্রান্ত লোকজনৰ যিকোনো সাধাৰণ ৰোগৰ আক্রমণতো মৃত্যু হ’ব পাৰে৷Luc Montognininer নামৰ ফ্রান্সৰ বিজ্ঞানী এজনে ১৯৮৩ চনত এই ৰোগ আৱিষ্কাৰ কৰিছিল৷ মানুহৰ শৰীৰত এবাৰHIV সোমালে এইবিলাকৰ বংশবৃদ্ধি দ্রুতগতিত হয় আৰু সর্বশৰীৰত বিস্তাৰ লাভ কৰে৷ আজিলৈকে এনে ভাইৰাছৰ বিৰুদ্ধে কোনো উপযুক্ত চিকিৎসা ব্যৱস্থা গঢ়ি উঠা নাই৷ সামাজিক শিক্ষাৰ যোগেদি উপযুক্ত প্রতিৰোধ ব্যৱস্থা হাতত ল’লে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷

২০০২–২০০৩ বর্ষত সমগ্র পৃথিৱীতে আতংকৰ সৃষ্টি কৰা আন এবিধ ভাইৰাছজনিত ৰোগ হ’ল –Severe Acute Respiratory Syndrome বা চমুকৈSARS + Cov. ২০০৩ বর্ষত চীনৰ গুৱাংডং প্রদেশত প্রথম এই ভাইৰাছে আক্রান্ত কৰা ৰোগী চিনাক্তকৰণ হৈছিল৷ বনৰীয়া জীৱ–জন্তু আৰু বাদুলীৰ পৰা মানুহলৈ সংক্রমিত হোৱা এই ৰোগে ২০০৩ বর্ষত বিশ্বৰ প্রায় ২৬ খন দেশত আতংকৰ সৃষ্টি কৰিছিল৷ প্রধানতঃ এজন ৰোগীৰ পৰা আন এজন ৰোগীলৈ এই ভাইৰাছ অতি সহজে বিয়পিব পাৰে আৰু এই ৰোগত আক্রান্ত হোৱা লোকৰ শ্বাস–প্রশ্বাস ক্রিয়াত ব্যাঘাত জন্মে আৰু অতিপাত জ্বৰ উঠে৷ ৰোগী অতি সোনকালে দুর্বল হৈ পৰে আৰু উপযুক্ত চিকিৎসা নাপালে মৃত্যু মুখত পৰে৷

১৯১৯ চনৰ পৰা বর্তমানলৈকে সময়ে সময়ে কোনো কোনো দেশত সংবাদশীর্ষ দখল কৰা আন এবিধ ভাইৰাছজনিত ৰোগ হ’ল ছোৱাইন ফ্লু(Swine Flu) গাহৰিৰ দেহৰ পৰা আৰম্ভ হোৱা এই ৰোগH1 N1 নামৰ ভাইৰাছে সৃষ্টি কৰে৷ অতিপাত জ্বৰ, কাহ, দেহৰ বিভিন্ন অংশত বিষ আদি হ’ল এই ৰোগৰ লক্ষণ৷ অতি সহজে এই ৰোগ বিয়পিব পাৰে যদিও বর্তমান এই ৰোগ টিকাকৰণ ব্যৱস্থাৰ যোগেদি প্রতিৰোধ কৰিব পাৰি৷

কংগ’ ৰাষ্ট্রখনৰ ইব’লা নামৰ নদীৰ পাৰত থকা এখন গাঁৱত ১৯৭৬ চনত প্রথম ইব’লা ৰোগৰ চিনাক্তকৰণ হৈছিল৷ ইব’লা ভাইৰাছৰ দ্বাৰা আক্রান্ত ৰোগীৰ মৃত্যুৰ হাৰ অতি বেছি, প্রায় ৫০ শতাংশ৷ বিশেষকৈ বনৰীয়া জীৱ–জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্রমিত হোৱা এই ৰোগত আক্রান্ত লোকজনৰ অতিপাত জ্বৰ হৈ দেহৰ পৰা ৰক্তক্ষৰণ হোৱা দেখা যায়৷ ২০১৪ চনৰ পৰা ২০১৬ চনলৈ পশ্চিম আফ্রিকাৰ দেশবোৰত এই ৰোগে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু কংগ’ আদি দেশত মহামাৰীৰ সৃষ্টি কৰিছিল যদিও চিকিৎসা বিজ্ঞানীসকলে এই ৰোগৰ টিকা আৱিষ্কাৰ কৰি প্রতিৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷

১৯৯৮ চনত মালয়েছিয়াৰ এখন গাহৰি ফার্মৰ পৰা চিনাক্তকৰণ হোৱা নিপাহ ভাইৰাছ বর্তমান এছিয়া আৰু আফ্রিকাৰ বিভিন্ন দেশলৈ বিস্তাৰিত হৈছে৷ মূলতঃ বাদুলীৰ পৰা মানুহৰ দেহলৈ সংক্রমিত হোৱা এই ৰোগত আক্রান্ত ৰোগীজনৰ শ্বাসতন্ত্র আৰু স্নাযুতন্ত্র বিকল হৈ পৰে৷ মানুহৰ উপৰি ঘৰচীয়া জীৱ–জন্তুও এই ৰোগৰ দ্বাৰা অতি সহজে আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ ২০১৮ চনত ভাৰতৰ কেৰালা ৰাজ্যতো নিপাহ ভাইৰাছত আক্রান্ত হৈ ১৭জন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্রকাশ পাইছিল৷ বর্তমানলৈকে এই ৰোগৰ কোনো টিকা বা ঔষধ আৱিষ্কাৰ হোৱা নাই যদিও মানুহৰ মাজত সজাগতা বৃদ্ধি কৰি এই ৰোগ প্রতিৰোধ কৰিব পাৰি৷

এইডছ, ইব’লা, নিপাহ আদিৰ পিছত এইবাৰ আৱির্ভাৱ হৈছে ক’ৰোনা ভাইৰাছ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে এই মার্চ মাহৰ ৫ তাৰিখলৈ ক’ৰোনা ভাইৰাছে বিশ্বৰ প্রায় ৮১খন দেশৰ ৯৫০০০ জনতকৈ অধিক লোকক আক্রান্ত কৰিছে আৰু ৩৩০০ গৰাকী ৰোগী এই ৰোগত মৃত্যুমুখত পৰিছে৷ চীনৰ হুৱেইন প্রদেশৰ পৰা আৰম্ভ হোৱা এই ৰোগবিধে বর্তমান সমগ্র বিশ্বতে আতংকময় পৰিস্থিতি এটাৰ সৃষ্টি কৰিছে৷ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা এই ৰোগবিধক বিজ্ঞানীসকলেCovid-19 বুলি নামকৰণ কৰিছে৷ যদিও এই ৰোগত আক্রান্ত ৰোগীৰ মৃত্যুৰ হাৰ মাত্র ৩.৪ শতাংশ, তথাপি এই ৰোগ অতি সহজে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্রমিত হোৱাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই সকলো নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকT. A. Ghebreyesus ৰ মতে এই ভাইৰাছ বিধ আন সকলো ভাইৰাছতকৈ পৃথক আৰু এই ৰোগে বিশ্বৰ অর্থনীতিত প্রায় ২.৪ ত্রিলিয়ন ডলাৰৰ ক্ষতি কৰিব৷ এই ৰোগৰ কোনো টিকা বর্তমানপর্যন্ত আৱিষ্কাৰ নোহোৱালৈ চাই এই ৰোগত বিশ্বৰ প্রায় ১৫ মিলিয়ন লোক মৃত্যুমুখত পৰাৰ আশংকা কৰিছে৷

ভাইৰাছজনিত প্রায়বোৰ ৰোগেই অতি সংক্রামক আৰু অতি কম সময়ৰ ভিতৰতেই এই ৰোগবোৰ ভালেসংখ্যক লোকৰ মাজলৈ সংক্রমিত হ’ব পাৰে৷ গতিকে সাৱধানতা অৱলম্বন কৰি বহুধৰণৰ ভাইৰাছজনিত ৰোগৰ পৰা অতি সহজে আঁতৰি থাকিব পাৰি৷

ভাইৰাছ যদিও আমাৰ বাবে ক্ষতিকাৰক হিচাপেই পৰিগণিত হৈ আহিছে, তথাপি বহু ভাইৰাছে খৰাং পৰিস্থিতিৰ সময়ত উদ্ভিদক জীয়াই থকাত সহায় আগবঢ়াই আহিছে৷ বহু ভাইৰাছে মানৱ দেহৰ কিছুমান কার্যতো সহায় কৰে বুলি বহু বিজ্ঞানীয়ে দাবী কৰি আহিছে যদিও বর্তমানো এই ধৰণৰ পৰীক্ষা–নিৰীক্ষা প্রাথমিক পর্যায়তে আছে৷

ভাইৰাছৰ বিষয়ে আমি বর্তমানলৈকে অৱগত হোৱা তথ্যবোৰতকৈ আৰু হয়তো বহু তথ্য আমি নজনাকৈ সুপ্ত হৈ আছে, যাৰ বাবে আৰু অধিক পৰীক্ষা–নিৰীক্ষাৰ প্রয়োজন৷ এইডছ ইব’লা, নিপাহ, ক’ৰোনা আদিৰ দৰে ভৱিষ্যতে হয়তো আন বহু নতুন নতুন ভাইৰাছে মানৱ জাতিৰ বাবে দুর্বিষহ দিন কঢ়িয়াই আনিব৷ তাৰ বাবে এতিয়াৰ পৰাই বিশ্ববাসী সাজু হ’বৰ হ’ল ৷

সহকাৰী অধ্যাপক, উদ্ভিদ বিজ্ঞান বিভাগ
মাধৱদেৱ বিশ্ববিদ্যালয়,
নাৰায়ণপুৰ, লখিমপুৰ
ফোনঃ ৮০১১০–১০৩৬৭
           ৯৪৩৫৬–২৮৬৪২

You might also like