নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাক অমৃত প্ৰবাহ সাংবাদিকতা বঁটা প্ৰদান

🔹 শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি-অমৃত প্ৰবাহ কাকত গোষ্ঠীৰ বঁটা প্ৰদান অনুষ্ঠান

🔹 কামিনী বৰুৱালৈ আদৰ্শ জননী বঁটা

বিশেষ বাৰ্তা, ১৬ আগষ্ট : বিগত দহটা বৰ্ষ সুন্দৰ আৰু সফলতাৰে অতিক্ৰম কৰি ১৫ আগষ্টৰ বিয়লিবেলা গুৱাহাটীৰ কটন কলেজ এলুমনাই হলত একাদশ বৰ্ষ উদযাপন কৰে অমৃতপ্ৰবাহ কাকত গোষ্ঠীয়ে৷ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যখনৰ এক ব্যতিক্ৰমী আৰু অনন্য কাৰ্যসূচীৰে ভৰা আদৰ্শ জননী বঁটা প্ৰদান কৰা হয় নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী কামিনী বৰুৱাক৷ আনহাতে, একেই অনুষ্ঠানত সাংবাদিক তথা ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাক প্ৰদান কৰা হয় অমৃত প্ৰবাহ সাংবাদিকতা বঁটা ৷ ইয়াৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদানেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা সন্মানীয় ২৬গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ বিশেষ ব্যক্তিবিশেষ সন্মান বঁটাৰে স্বীকৃতি প্ৰদান কৰা হয়৷

বঁটা প্ৰদান আৰু স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতিৰ সন্মানীয় সভাপতি তথা বিশিষ্ট সমাজকৰ্মী কৈলাস শৰ্মাই৷ অনুষ্ঠানত কায়িকভাৱে উপস্থিত থাকিব নোৱাৰিলেও ডিজিটেল ৰূপত আদৰণী ভাষণ প্ৰদান কৰে আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতি ৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক তথা অমৃতপ্ৰবাহ কাকতৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক মৃণালিনী দেৱীয়ে৷

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে সংবাদ জগতৰ মহীৰূহ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, বিশিষ্ট সমাজকৰ্মী সুনীতি সোণোৱাল, শিক্ষাবিদ তথা অমৃত নিউজৰ জন্মলগ্নৰে পৰা মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰা শিক্ষাবিদ ড° দয়ানন্দ পাঠক, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া দেৱজ্যোতি হাজৰিকা, বিশিষ্ট শিল্পী তথা চিকিৎসক ডা: অঞ্জন জ্যোতি চৌধুৰী উপস্থিত থাকে৷ এই অনুষ্ঠানত সাপ্তাহিক কাকত অমৃতপ্ৰবাহ কাকতৰ একাদশ সংখ্যাটি উন্মোচন কৰি বক্তব্য প্ৰদান কৰে যশস্বী সাংবাদিক কনকসেন ডেকাই৷

উল্লেখযোগ্য যে আদৰ্শ পিতৃ-মাতৃ প্ৰয়াত অমৃত কলিতা আৰু প্ৰয়াত শশীপ্ৰভা কলিতাৰ পুত্ৰ হীৰেন চন্দ্ৰ কলিতা আৰু বোৱাৰী শিক্ষয়িত্ৰী গীতা কলিতাৰ মূল উদ্যোগত বিগত কেইবাবছৰো ধৰি ১৫ আগষ্টৰ দিনটোত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আয়োজন কৰি অহা হৈছে৷ বঁটা প্ৰদান অনুষ্ঠানটিৰ আঁত ধৰে সাংবাদিক দৰ্শনা বৰুৱাই৷

২০২৫ বৰ্ষত বিশেষ ব্যক্তিবিশেষ সন্মান লাভ কৰা ব্যক্তিসকল হৈছে ক্ৰমে ৰূপজ্যোতি তালুকদাৰ, কাৰ্যবাহী অভিযন্তা, গুৱাহাটী জলবোৰ্ড;  দেৱেশ্বৰ মালাকাৰ, IAS.(Retd), Commissioner and Secretary (Retd), Member, APSC (Retd, Member, 7th Assam State Finance Commission); ডা: জয়ন্ত বিশ্ব শৰ্মা, বিশিষ্ট চিকিৎসক, সমাজকৰ্মী, লেখক; ড° পাৰ্থসাৰথি মহন্ত, আৰক্ষী আয়ুক্ত, গুৱাহাটী মহানগৰ আৰক্ষী,  ৰঞ্জন ভূঞা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, কামৰূপ জিলা আৰক্ষী;  ৰাজা বৈশ্য, চক্ৰ বিষয়া, গুৱাহাটী ৰাজহ চক্ৰ;  বিমান প্ৰসাদ বৰকাকতি, বিশিষ্ট ব্যৱসায়ী-সমাজকৰ্মী; ডা: কৃশাণু ক্ৰোৰী, MD, বিশিষ্ট চিকিৎসক/সমাজকৰ্মী,  ডা: নীলমণি কলিতা, চিকিৎসা বিষয়া, ৰঙিয়া;  জিতু দলে, IRS, আয়ুক্ত, কৰ বিভাগ, অসম চৰকাৰ;  ড° প্ৰণতি তালুকদাৰ মুদিয়াৰ, সহযোগী অধ্যাপক, পুঠিমাৰী মহাবিদ্যালয়;  ৰাহুল চন্দ্ৰ দাস, ACS, সঞ্চালক, সাংস্কৃতিক সঞ্চালকালয়, অসম;  তুলসী ৰঞ্জন কলিতা, ACS, কালেক্টৰ, গুৱাহাটী পৌৰ নিগম; সুজিত দে, সহকাৰী মহাপ্ৰবন্ধক, ভাৰতীয় ষ্টেট বেংক, গুৱাহাটী স্থানীয় প্ৰধান কাৰ্যালয়; দেৱজিৎ দাস, মুখ্য অভিযন্তা, ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষ, লোকনিৰ্মাণ বিভাগ, অসম চৰকাৰ;  কৃষ্ণাক্ষী শৰ্মা, সমাজকৰ্মী-প্ৰকৃতিপ্ৰেমী; চন্দ্ৰ কুমাৰ শইকীয়া, জ্যেষ্ঠ সাংবাদিক/ সম্পাদকপ্ৰধান, মিডিয়া এচ’ছিয়েচন অসম; পংকজ প্ৰতিম শৰ্মা, জ্যোতিষী, নৱগ্ৰহ দেৱালয়; দেওৰাম (সানচুমা) বৰমহেলা, প্ৰাক্তন সৈনিক, লেখক, সমাজকৰ্মী; ডা: কৃষ্ণা কেম্প্ৰাই, সমাজকৰ্মী, কাৰ্বি আংলং;  ইন্দ্ৰেশ্বৰ হাজৰিকা, সমাজকৰ্মী, মৰিগাঁও জিলা; জয়ন্ত শৰ্মা, খেলুৱৈ, সংগঠক, সক্ৰিয় সেনা, বীৰ লাচিত সেনা অসম; ৰিতু কলিতা, সামাজিক মাধ্যমৰ ইনফ্লুয়েঞ্চাৰ, ডা: নিগমানন্দ মিথাৰপাংছা, বিশিষ্ট সমাজসেৱক, কাৰ্বি আংলং; মিথুন দাস, অভিনেতা, গুৱাহাটী; মীনা বৈশ্য, শিল্পী/সমাজকৰ্মী
নলবাৰী জিলা।

সভাৰ আৰম্ভণিতে আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আদৰ্শ জননী তথা মহিয়সী নাৰী শশীপ্ৰভা কলিতাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য, ১ মিনিট থিয় হৈ মৌনতাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ প্ৰেক্ষাগৃহভৰ্তি ৰাইজৰ উৎসাহভৰা সহায়-সহযোগ আৰু উপস্থিতিৰে অনুষ্ঠানটি সফলতাৰে সম্পন্ন হৈ যায়৷

You might also like