নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Boko Tragedy : ৰেলৰ খুন্দাত একেলগে ৩ মহিলাৰ প্ৰাণহানি

Boko Tragedy : বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ খুন্দাত একেলগে ৩গৰাকী মহিলাৰ মৃত্যু।

মৃত মহিলাকেইগৰাকী হল উত্তৰা দাস (৫০), ৰুমী দাস (৩৫) আৰু কৰৱী মালী (৩৫)।আটাইকেইগৰাকীৰ ঘৰ বকোৰ ২নং ছাটাবাৰীত।

প্ৰাতঃভ্ৰমণলৈ গৈ সংঘটিত হয় এই অঘটন। বামুণীগাঁও ৰে’ল ষ্টেচনৰ NN 240 গেটৰ সমীপত এই অঘটন।

একে সময়তে দুখন ৰে’লে অতিক্ৰম কৰিছিল সেই স্থান। গুৱাহাটী অভিমুখী ৰে’লখনে পিছ দিশৰ পৰা খুন্দা মাৰে তিনিওগৰাকীক। নিমিষতে ছিন্ন-ভিন্ন হয় মহিলা তিনিওগৰাকীৰ দেহ।

বৰ্তমানলৈ সেই স্থানত ২০গৰাকীকৈ পুৰুষ-মহিলাৰ ৰে’লৰ খুন্দাত মৃত্যু হৈছে। কামাখ্যা-যোগীঘোপা ৰে’লপথত এই অঘটন।

ইফালে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈছে।

Niyomiya Barta Desk, 18 August, 2025

You might also like