নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন অমান্যকাৰীক আৰক্ষীৰ শাস্তি, চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ মঙলবাৰে নিশা ১২ বজাৰ পৰা অহা ২১ দিনলৈ স্তব্ধ হ’ল সমগ্ৰ দেশ । প্ৰধানমন্ত্ৰী মোদীৰ এই লক ডাউনৰ ঘোষণাৰ প্ৰতি সঁহাৰি জনাই আজি নিজকে গৃহবন্দি কৰি ৰাখিলে সমগ্ৰ দেশৰ জনতাই । পিচে প্ৰধানমন্ত্ৰীগৰাকীৰ এই আহ্বানক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি ৰাজপথলৈ ওলাই আহিল একাংশ গুৰু-গোসাঁই নমনা একাংশ লোক ।

অৱশ্যে প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনাই ৰাজপথলৈ ওলাই অহা সেই একাংশ লোকক আৰক্ষী প্ৰশাসনে কৰিলে সুন্দৰ আতিথ্য ।

ৰাজ্যৰ বিভিন্ন জিলাত আজি লকডাউনৰ প্ৰথমটো দিনাই আইন উলংঘা কৰি ৰাজপথলৈ অনাহকত ওলাই অহা একাংশ লোকক আৰক্ষীয়ে লাঠিৰে পিঠিত কোবোৱাৰ বিপৰীতে একাংশক ৰাজপথতে আঠু কঢ়াই শাস্তি বিহে ।

বিশ্ববাসী ক’ৰোনাক লৈ আতংকিত হোৱাৰ সময়তে বিশ্বনাথত এইজন লোকে গুৰুত্বই নিদিলে প্ৰশাসনৰ আহ্বানক । যাৰ পৰিণতিত আৰক্ষীয়ে দিলে ভেকুলী জাপৰ দৰে চৰম শাস্তি-

ইপিনে নগাঁৱত আৰক্ষীয়ে আইন উলংঘনকৰি পথলৈ ওলাই অহা লোকৰ হাতত এখন বেনাৰ তুলি দিয়ে । য’ত লিখা আছিল- “মই এজন দায়িত্বহীন মূৰ্খ”

 

কিন্তু আইন উলংঘনকাৰী এনে একাংশক আৰক্ষীয়ে শাস্তি বিহাৰ পাছত অহা ২১ দিনলৈ কেনেদৰে সম্ভাৱ্য পৰিস্থিতিৰ পৰা এনেবোৰ লোকে শিক্ষা লব সেয়া হ’ব লক্ষণীয় ।

You might also like