নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযুক্তক লকআপ-ৰ পৰা উলিয়াই আৰক্ষীৰ সহযোগত প্ৰহাৰ দুই যুৱকৰ, ডবকাত উত্তেজনা

ডবকা আৰক্ষী থানাত সংগঠিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। লকআপ-ৰ ভিতৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইফ উদ্দিন নামৰ অভিযুক্তক উলিয়াই আনি দুই যুৱকে দুজন আৰক্ষী জোৱানৰ সহযোগত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷

যোৱা বুধবাৰে চাইফ উদ্দিন নামৰ যুৱকজনক ডবকাৰ মদাৰতলি গাঁৱৰ এগৰাকী অন্য সম্প্ৰদায়ৰ যুৱতী তথা তেওঁৰ পূৰ্বৰ প্ৰেমিকাৰ আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগত মদাৰতলীৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল ডবকা আৰক্ষীয়ে।

গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক মাজনিশা আৰক্ষী জোৱান অভিজিত বৰা আৰু গৃহৰক্ষী বাহিনীৰ জোৱান মৃণাল লস্কৰে থানাত প্ৰৱেশ কৰি লকআপৰ পৰা উলিয়াই আনে।

দুই আৰক্ষীৰ লগতে উক্ত সময়ত থানাত প্ৰৱেশ কৰে মদাৰতলী গাঁৱৰে ৰুদ্ৰ আৰু বিকাশ নামৰ দুই যুৱক। আটাইকেইজনে মাজনিশাৰ পৰা পূৱতি নিশালৈকে অভিযুক্ত ছাইফ উদ্দিনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

মাৰপিট কৰাৰ ফলত ছাইফ উদ্দিনৰ শৰীৰৰ বিভিন্ন অংশ ফাটি যোৱাৰ লগতে এখন কাণেৰে নুশুনা বুলি চিকিৎসকে কৰা পৰীক্ষাত ওলোৱা বুলি জানিব পৰা গৈছে। অকল মাৰপিটেই নহয় অভিযুক্ত যুৱক ছাইফক থানাৰ ভিতৰতে কাণত ধৰি আঁঠুকঢ়োৱাৰ লগতে যুৱকদ্বয়ে মাৰপিট কৰাৰ সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত ৰেকৰ্ডিং কৰাৰো অভিযোগ কৰে ভুক্তভোগী অভিযুক্তজনে।

পিছত পুৱতি নিশা আহত অৱস্থাতে অভিযুক্ত ছাইফক পুনৰ লকআপত সোমোৱাই থৈ তেওঁলোক থানাৰ পৰা আতৰি যায়। কালি আবেলি অভিযুক্ত ছাইফ উদ্দিনক হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত ডবকা আৰক্ষীয়ে হাজিৰ কৰোৱাৰ পাছত অভিযুক্তক সোধপোচ কৰাৰ অন্তত আদালতে জামিনত মুকলি কৰি দিয়ে। লগতে সাধাৰন লোকে অভিযুক্তক থানাৰ ভিতৰতে মাৰপিট কৰা ঘটনাক লৈ আৰক্ষীক ককৰ্থনা কৰাওঁ প্ৰহৃত ছাইফ উদ্দিনে অভিযোগ কৰে৷ আদালতৰ পৰা মুকলি হৈ অহাৰ পাছত পৰিয়ালৰ লোকে গুৰুতৰ ভাবে আহত ছাইফ উদ্দিনক ডবকা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰায়।

চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে নগাওঁ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে। ইফালে ঘটনা সন্দৰ্ভত হোজাই জিলা আৰক্ষীৰ শিৰ্ষ বিষয়াই তদন্ত আৰম্ভ কৰিছে।

Niyomiya Barta Desk, 12 September

You might also like