নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ ছেপ্টেম্বৰৰ পুৱতি নিশালৈ সুৰাৰ পার্টীত কিয় ৰখা হৈছিল জুবিনক

🔹 কি পৰিস্থিতিত ছিংগাপুৰত মৃত্যু হ’ল প্রাণৰ শিল্পীৰ

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : অসমবাসীৰ হিয়াৰ স্পন্দন জুবিন গার্গৰ মৃত্যুৰ ৰহস্যক লৈ অব্যাহত আছে বিতর্ক–প্রতিক্রিয়া৷ নর্থ–ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ যোৱা জুবিন গার্গৰ কি পৰিস্থিতিত মৃত্যু হ’ল, তাক লৈ ইতিমধ্যে উত্থাপিত হৈছে একাধিক প্রশ্ণ৷ এইক্ষেত্রত অভিযোগৰ আঙুলি উঠিছে নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ লগতে ছিংগাপুৰস্থিত অসম এছ’চিয়েচনৰ একাংশ কর্মকর্তাৰ বিৰুদ্ধে৷ নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰাৰ বাবে জুবিন গার্গে ইচ্ছা প্রকাশ কৰা বুলি শেহতীয়াকৈ আয়োজকসকলে মন্তব্য প্রকাশ কৰি আহিছে যদিও জুবিন গার্গক যে একপ্রকাৰ জোৰকৈ ছিংগাপুৰলৈ নিয়া হৈছিল, সেয়া ইতিমধ্যে উন্মোচিত হৈছে৷

উল্লেখ্য যে জুবিন গার্গে নতুন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ বাবে যথেষ্ট কাম কৰি আছিল৷ চলিত বর্ষৰ অক্টোবৰ মাহত ছবিখন ৰিলিজ দিয়াৰ বাবেও প্রস্তুতি চলোৱা জুবিন গার্গে ছেপ্টেম্বৰ মাহটোত ছবিখনৰ বাবে যথেষ্ট কাম কৰিবলগীয়া আছিল৷ এনে কামৰ বোজা থকাৰ পাছতো জুবিনক একপ্রকাৰ হেঁচা প্রয়োগ কৰিয়েই ছিংগাপুৰলৈ নিয়া হৈছিল৷ জানিব পৰা মতে, জুবিনে তেওঁৰ একাংশ সহযোগীক ছিংগাপুৰলৈ যোৱাৰ ইচ্ছা নাই বুলি স্পষ্টকৈ কৈছিল৷ তাৰ পিছতো একমাত্র শ্যামকানু মহন্তৰ বাৰম্বাৰ হেঁচাৰ বাবে ছিংগাপুৰলৈ গৈছিল জুবিন গার্গ৷ ১৭ ছেপ্টেম্বৰৰ বিয়লি ছিংগাপুৰত উপস্থিত হোৱা জুবিনে সিদিনা হোটেলৰ কোঠাত কটোৱাৰ পিছত ১৮ ছেপ্টেম্বৰৰ বিয়লি ভাগতহে বাহিৰলৈ ওলাই আহিছিল৷ সন্ধিয়া হোটেলৰ সমীপৰ ৰাজপথতে আয়োজিত এক অনুষ্ঠানত চলি থকা ৱেষ্টার্ন সংগীত শুনি তাত অংশগ্রহণ কৰিছিল জুবিন গার্গে৷ নর্থ–ইষ্ট ফেষ্টিভেলত ২০ ছেপ্টেম্বৰতহে জুবিন গার্গে অনুষ্ঠান কৰাৰ কথা আছিল৷ লক্ষণীয়ভাৱে ছিংগাপুৰলৈ যোৱা জুবিন গার্গে তেওঁৰ সহযোগী শিল্পীসকলৰ পৰিৱর্তে কেৱল সিদ্ধার্থ শর্মা আৰু শেখৰকহে লগত লৈ গৈছিল৷

১৮ ছেপ্টেম্বৰত ৰাজপথৰ কাষৰ অনুষ্ঠানত অংশগ্রহণৰ পাছতেই হোটেলত নিশা হৈছিল সুৰাৰ পার্টী৷ শ্যামকানু মহন্ত আৰু ছিংগাপুৰস্থিত অসম এছ’চিয়েচনে আয়োজন কৰা এই পার্টী চলিছিল প্রায় পুৱতিনিশালৈ৷ এই পার্টীৰ পাছতেই হোটেলৰ কক্ষলৈ পুৱাৰ ভাগত শুবলৈ যোৱা জুবিনক পুনৰ আন এটা পার্টীৰ বাবে উঠাই অনা হৈছিল৷ আছাম এছ’চিয়েচনৰ একাংশ সদস্যৰ হেঁচাত জুবিন ওলাই গৈছিল৷ জানিব পৰা মতে, আছাম এছ’চিয়েচনৰ এজন সদস্য তথা ব্যৱসায়ীয়ে তেওঁৰ জন্মদিনৰ পার্টীৰ আয়োজন কৰিছিল৷ সেই পার্টীত যোগদানৰ বাবে জুবিনক এখন য়াটছত লৈ সাগৰৰ পৰা এটা আইলেণ্ডলৈ নিয়া হৈছিল৷ দৰাচলতে যিটো আইলেণ্ডৰ ওচৰতেই জুবিনৰ দুর্ঘটনা সংঘটিত হৈছিল সেই আইলেণ্ড তথা দ্বীপটো টুৰিষ্ট স্পট নাছিল৷ সাধাৰণ এটা আইলেণ্ডলৈ জুবিনক লৈ গৈ য়াটছৰ ভিতৰতেই চলিছিল সুৰাৰ পার্টী৷ ছিজাৰত আক্রান্ত জুবিনে পুৱতিনিশা পার্টী শেষ কৰি শোৱাৰ প্রয়োজন আছিল যদিও তেওঁক কিয় উক্ত পার্টীলৈ যাব দিয়া হৈছিল, তাক লৈ উঠিছে প্রশ্ণ৷ যথেষ্ট জিৰণিৰ আৱশ্যক হোৱা জুবিনক দুঘণ্টা শোৱাৰ পিছত শোৱাপাটীৰ পৰা উঠাই পুনৰ পার্টীলৈ লৈ যোৱাৰ বাবে দায়ী কোন, তাক লৈও উঠিছে প্রশ্ণ৷

লক্ষণীয়ভাৱে সাগৰত সাঁতুৰিবলৈ ভাল পোৱা জুবিনে এই সুযোগতে সাঁতুৰিব বিচাৰিছিল৷ এনে অৱস্থাত জুবিনৰ লগত যোৱা এছ’চিয়েচনৰ সদস্যসকলে তেওঁক সাঁতুৰিব দিছিল যদিও নিজে কিন্তু ইয়াৰ পৰা বিৰত আছিল৷ ছিজাৰত আক্রান্ত বুলি জানিও জুবিনক পানীত নমাই দিয়াৰ উদ্দেশ্য কি আছিল, তাক লৈ ইতিমধ্যে বিভিন্নজনে সন্দেহ প্রকাশ কৰিছে৷ পৰিতাপৰ বিষয় যে য়াটছৰ এই ভ্রমণসূচীত কোনো দায়বদ্ধতা থকা অনুষ্ঠানৰ পৰিৱর্তে কেইজনমান প্রবাসী অসমীয়াই জুবিনৰ সৈতে বিচ্চ পার্টীৰ বাবেহে আগ্রহী আছিল৷ জুবিনক ওচৰতে পাই একাংশই ছিংগাপুৰ অসম এছ’চিয়েচনৰ নাম ব্যৱহাৰ কৰি জুবিনক এইদৰে লৈ যোৱাৰ পাছতেই সংঘটিত হয় এই দুর্ঘটনা৷ আটাইতকৈ ভয়ংকৰ খবৰটো হ’ল যে জুবিনক যিটো আইলেণ্ডলৈ নিয়া হৈছিল সেই আইলেণ্ডৰ পৰা ছিংগাপুৰৰ আটাইতকৈ ওচৰৰ চিকিৎসালয়খনৰ দূৰত্ব আছিল ডেৰ ঘণ্টাৰ বাট৷ অর্থাৎ জুবিন ছিজাৰত আক্রান্ত হোৱাৰ পাছত পানীত ডুবিবলৈ ধৰাত তেওঁক ততালিকে য়াটছলৈ উঠাই অনা হৈছিল, তাত প্রাথমিক চিকিৎসা দিয়াৰ পিছতো ফল নধৰাত খৰখেদাকৈ য়াটছখন ঘূৰাই অনা হৈছিল পাৰলৈ৷ আইলেণ্ডটোৰ পৰা পাৰলৈ অহাত সময় লৈছিল এঘণ্টাৰো অধিক৷ পুনৰ পাৰলৈ আনি জুবিনক ক’চগার্ডে জুবিনৰ পালছ ঘূৰাই আনিবলৈ চেষ্টা চলাইছিল যদিও ব্যর্থ হোৱাত চিকিৎসালয়ত ভর্তি কৰায়৷

স্বাভাৱিকতে প্রশ্ণ উত্থাপন হৈছে– জুবিন গার্গৰ সৈতে এই দুঃখজনক ঘটনা সংঘটিত হোৱাৰ পাছতো বহু কথা লুকুৱাই ৰাখিছিল তেওঁৰ ওচৰত থকা সংগীসকলে৷ সেয়াই নহয়, জুবিন গার্গৰ এনে অৱস্থাৰ কথা নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক অৱগত কৰাৰ পাছতো তেওঁৰ তথাকথিত ‘বিজনেছ মিটিং’ এৰি চিকিৎসালয়ত উপস্থিত হোৱা নাছিল৷ দৰাচলতে জুবিনৰ লগত সংঘটিত এই দুর্ঘটনা আৰু মৃত্যুৰ খবৰ যথেষ্ট সময় লুকুৱাই ৰখা হৈছিল৷ এইখিনিতে আন এক কথা উল্লেখ কৰা প্রয়োজন যে শ্যামকানু মহন্তই আয়োজন কৰা এই নর্থ–ইষ্ট ফেষ্টিভেল ইয়াৰ পূর্বে নতুন দিল্লীত, তাৰ পাছত বেংককত আৰু এইবাৰ ছিংগাপুৰত অনুষ্ঠিত কৰিছিল৷ এই ফেষ্টিভেলৰ বাবে অসমৰ পৰা বাছি বাছি নিয়া হৈছিল কেইবাজনো সাংবাদিকক৷ সততে সৰু সৰু খবৰৰ আপডেট দি থকা এই সাংবাদিকসকলে জুবিনৰ দুর্ঘটনাৰ খবৰ ৮ ঘণ্টা ধৰি লুকুৱাই ৰখাক লৈও যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ জুবিনৰ মৃত্যুৰ খবৰ লুকুৱাই ৰাখিবলৈ এইসকলক হেঁচা দিয়া হৈছিল নেকি নে ইয়াৰ আঁৰত আছে আন কিবা ৰহস্য আছে৷ এই সকলোবোৰ বিষয়ক লৈ এতিয়া ৰাজ্যত চলিছে তীব্র বিতর্ক৷ কেনেদৰে অসমীয়াৰ হিয়াৰ স্পন্দন জুবিন হেৰাই গ’ল, তাৰ সঠিক তথ্য লাগে প্রতিগৰাকী অনুৰাগীক৷

You might also like