নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰতলিৰ পৰা জনসমুদ্রৰ বুকুত জুবিন, বিমর্ষ পৰিৱেশত অশ্রুসিক্ত নয়নেৰে অগণিত অনুৰাগী

‘মোৰ প্রতিবাদী সত্তাৰ পৰিধি/তহঁতে বুজি নাপাবি৷ মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ/সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ/মাথোঁ মোৰ ৰং সলনি হ’ব/পানীৰ সোৱাদ সলনি হ’ব…৷’ সুনীলিম সমুদ্রৰ প্রতি অদ্যম বাসনা আছিল তেওঁৰ৷ সেই সাগৰ তলিতে লক্ষ লক্ষ অনুৰাগীক শোক সাগৰত পেলাই জীৱনৰ মাত্র ৫৩টা বছৰতে সৰগৰ বাট বুলা অমৃতকণ্ঠ জুবিন গার্গৰ নশ্বৰদেহ বুকুৰে আঁকোৱালি ল’লে জন্মভূমিৰ জনসমুদ্রই৷

বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃজার্তিক বিমানবন্দৰৰ পৰা কাহিলিপাৰা–সৰুসজাই লাখ লাখ জনতাই চকুপানী নিগৰাই অন্তিম শ্রদ্ধা জনায় জুবিন গার্গক৷ প্রিয় শিল্পীৰ অবর্তমানত শোকদগ্ধ হূদয় লৈ উজাগৰী নিশা কটোৱা অগণিত গুণমুগ্ধ মূক–মৌন৷ সেমেকা চকুত অশ্রুৰ ধল৷ গোমা আকাশখনেও যেন ধৰি ৰাখিব পৰা নাই প্রিয়জনক হেৰুওৱাৰ বেদনা৷ দুখবোৰ বৰষুণৰ কণা হৈ নামি আহিছে ধৰালৈ৷ এক অপ্রকাশ্য বিষাদ–বিমর্ষ পৰিৱেশৰ মাজতে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে নতুন দিল্লীৰ পৰা জুবিন গার্গৰ নশ্বৰদেহ কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এক্সপ্রেছ বিমানখন৷

ইয়াৰ পাছতেই উৎকণ্ঠাৰ অৱসান ঘটিল৷ জীৱনত অন্তিমবাৰৰ বাবে প্রিয় ‘গ’ল্ডী’ক আদৰিবলৈ বিমানবন্দৰত অপেক্ষা কৰিছিল গৰিমা শইকীয়া গার্গেই৷ বিমানৰ পৰা সুবিশাল কফিনত বাহিৰলৈ অহাৰ পাছতে সৃষ্টি হ’ল এক শোকাৱহ পৰিস্থিতি৷ ওৰেটো জীৱন একেলগে আগুৱাই যোৱাৰ প্রতিশ্রুতি দি আদবাটতে হঠাতে প্রতিশ্রুতি ভংগৰ বেদনাত দগ্ধ গৰিমা শইকীয়া গার্গৰ কৰুণ কন্দনে একাকাৰ কৰি তুলিলে বিমানবন্দৰৰ আকাশ–বতাহ৷ প্রিয় গ’ল্ডীক গামোচা আৰু ফুলেৰে শ্রদ্ধা জ্ঞাপন কৰিলে গৰিমাই৷ এটা সময়ত সকলো অপেক্ষাৰ অন্ত পেলাই অনুৰাগীৰ শেষ অভিবাদন গ্রহণ কৰিবলৈ কফিনৰ হিমশীতল আৱেগৰ মাজত সম্পূর্ণ শান্তিপূর্ণভাৱে পুষ্পসজ্জিত এম্বুলেঞ্চত গৃহাভিমুখে ৰাওনা হ’ল যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গ৷

অস্থিৰ মানুহজনৰ শান্ত–সমাহিত ৰূপক লৈ আজি অশান্ত হৈ পৰিল শান্তিপ্রিয় অনুৰাগীসকল৷ বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা ৬.৩০ ঘণ্টাৰ গৃহমুখী যাত্রাৰ সময়তো লক্ষ লক্ষ অনুৰাগীয়ে আৱেগমিশ্রিত কণ্ঠৰে চিঞৰি চিঞৰি ক’লে– ‘চকু মেলা, সাৰ পোৱা, মোলৈ চোৱা৷’ ৰাইজে কিবা অনুৰোধ কৰিলে কোনোদিনেই আবদাৰক সঁহাৰি নিদিয়াকৈ তেওঁ থকা নাছিল৷ কিন্তু এইবাৰ একো সঁহাৰি তেওঁ নিদিলে৷ বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ গৃহমুখী যাত্রাত ওৰেটো ৰাজপথ লাখ লাখ অনুৰাগীয়ে প্রিয় শিল্পীগৰাকীক আজি অকলশৰে আহিবলৈ নিদিলে৷

ওৰেটো ৰাজপথ প্রিয় শিল্পীগৰাকীৰ অমৰ সৃষ্টিৰে মুখৰিত কৰি অগণন গুণমুগ্ধই জনালে শেষ অভিবাদন৷ অসমীয়াৰ হূদয়ৰ স্পন্দন জুবিন গার্গ৷ উজাগৰী নিশা পাৰ কৰি চকুৰ পানীৰে বাট নেদেখা হোৱা কোটি কোটি অনুৰাগীয়ে আজিও আশা কৰিছে–স্বভাৱসুলভ সৰলতাৰে গভীৰ নিদ্রা পৰিহাৰ কৰি ঘপকৈ উঠি তেওঁ যেন সকলোকে ক’ব– ‘ঘেণ্টা’ মই ধেমালিহে কৰিছিলোঁ৷

প্রশাসনে পৰিকল্পনা কৰিছিল যে কাহিলিপাৰাৰ বাসগৃহত প্রিয় শিল্পীগৰাকীৰ নশ্বৰদেহ ৰখাৰ ব্যৱস্থা কৰিব৷ এঘণ্টা পৰিয়ালৰ সৈতে অন্তিমবাৰ নিৰলে থকাৰ সুযোগ দিব অমৃতকণ্ঠক৷ কিন্তু যাৰ জন্মই হৈছে জনতাৰ বাবে, তেওঁক জনতাৰ মাজৰ পৰা আঁতৰাই নিয়া দুঃসাহস কৰিব কোনে? প্রশাসনৰ সকলো পৰিকল্পনাক ওফৰাই কাহিলিপাৰাৰ বাসভৱনলৈ প্রিয় শিল্পীগৰাকীক সান্নিধ্য দিলে লাখ লাখ অনুৰাগীয়ে৷

গণশিল্পী জুবিন গার্গক চকুৰে নেদেখিলেও কফিন কঢ়িয়াই অনা এম্বুলেঞ্চখন হাতেৰে এবাৰ স্পর্শ কৰি হ’লেও অশ্রু–ঞ্জলি যাচিলে গুণমুগ্ধই৷ একাংশই অসমীয়াৰ স্বাভিমান গামোচা আৰু পুষ্পবৃষ্টিৰে শেষ প্রণাম জনালে প্রিয় শিল্পীক৷ অকল সর্বসাধাৰণ ৰাইজেই নহয়, প্রিয় শিল্পীগৰাকীক হেৰুওৱাৰ দুখে দগ্ধ কৰিলে কর্তব্যৰত আৰক্ষীসকলকো৷

বৰঝাৰ বিমানবন্দৰৰ পৰা কাহিলিপাৰালৈ শিল্পীগৰাকীৰ গৃহমুখী যাত্রাত কেইবাজনো আৰক্ষীয়ে চকুপানী মচি মচিয়েই দায়িত্ব সমাপন কৰিলে৷ এফালে কর্তব্যৰ তাড়না আৰু আনফালে প্রিয় শিল্পীক চিৰদিনলৈ হেৰুওৱাৰ বেদনাত সকলো দুখ বুকুত সামৰি নিষ্ঠাৰে দায়িত্ব পালন কৰি গ’ল অসম আৰক্ষীৰ এইসকল জুবিন অনুৰাগীয়ে৷ কাহিলিপাৰাৰ ঘৰত প্রায় এঘণ্টা সময় পৰিয়ালৰ কাষত ৰখাৰ পাছতেই বিয়লি শিল্পীগৰাকীৰ নিঠৰ দেহসহ পুষ্পসজ্জিত এম্বুলেঞ্চখন সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পৰ ৰাজহুৱা শ্রদ্ধাঞ্জলিথলীলৈ নিয়াৰ পাছতে সৃষ্টি হয় বিৰ দি বাট নোপোৱা অৱস্থা৷

পুৱাৰে পৰা ভাত–পানী এৰি প্রিয় শিল্পীগৰাকীক এপলক চাবলৈ অপেক্ষা কৰা সৰুসজাইৰ জনসমাগম নিমিষতে ৰূপান্তৰিত হ’ল বৃহৎ জনসমুদ্রলৈ৷ জালুকবাৰীৰ পৰা বশিষ্ঠ পর্যন্ত অনুৰাগীৰ ভিৰৰ বাবে ৰাষ্ট্রীয় ঘাইপথত সৃষ্টি হ’ল অভাৱনীয় যান–জঁটৰ৷ অৱশ্যে আজিৰ যান–জঁটৰ কোলাহল নহয়৷ প্রিয় শিল্পীৰ জনপ্রিয় সৃষ্টিৰাজিৰ বহিঃপ্রকাশ৷ জীৱিত কালত জুবিন গার্গে বিচাৰিছিল তেওঁৰ মৃত্যুৰ দিনাখন ‘মায়াৱিনী ৰাতিৰ বুকুত’ শীর্ষক গীতটোৰে গুঞ্জৰিত হৈহৈ থাকক চৌপাশ৷ গুণমুগ্ধসকলে আজি সেইখিনি আশাও পূৰণ কৰিলে৷

জাতি–ধর্ম–কর্মৰ ভেদাভেদ পাহৰি আজি সকলোৱে সেয়েহে সমস্বৰে গালে প্রিয় শিল্পীগৰাকীৰ অমৰ সৃষ্টিক৷ সমগ্র অসমৰ লগতে গুৱাহাটী মহানগৰীৰ আকাশে–বতাহে গুঞ্জৰিত হ’ল জুবিনৰ ‘মায়াৱিনী’৷ জুবিনময় হৈ পৰিল প্রতিটো বাট–পথ৷ শিল্পীগৰাকীৰ স্মৃতিৰে আৱেগিক প্রাক্ শৰতৰ বতাহ শোকার্ত কৰি আজি প্রকৃতিয়েও যেন প্রিয়তমক হেৰুওৱাৰ দুখত দুটোপাল চকুলো টুকিলে৷ অভাৱনীয়ভাৱে মহানগৰীৰ আন প্রান্তত ফৰকাল বতৰৰ পৰিৱর্তে শিল্পী জুবিন গার্গৰ নশ্বৰদেহ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পৰ ৰাজহুৱা শ্রদ্ধাঞ্জলিথলীত প্রৱেশৰ কিছু মুহূর্তৰ পাছতেই মুষলধাৰ বৰষুণ এজাকে জীপাল কৰি গ’ল সমগ্র সৰুসজাই অঞ্চল৷

গাজনি–ঢ়েৰেকনিৰে প্রায় এঘণ্টা ধৰি নিৰৱচ্ছিন্নভাৱে অহা মুষলধাৰ বৰষুণজাকে যেন অন্তিম শ্রদ্ধা জ্ঞাপন কৰিলে জুবিন গার্গক৷ বৰষুণ তেওঁ ভাল পাইছিল৷ নিজৰ গানতো বৰষুণৰ কথা লিখিছিল৷ গাইছিল– ‘এজাক বৰষুণে মোক ধুই থৈ গ’ল৷’ বৰষুণৰ এই ভয়াৱহ ৰূপেও আজি স্তিমিত কৰিব নোৱাৰিলে জুবিন অনুৰাগীৰ হেঁপাহক৷ বৰষুণত তিতি–বুৰিয়েই অজস্র গুণমুগ্ধই অশ্রু–ঞ্জলিৰে অন্তিম শ্রদ্ধা জনালে অমৃতকণ্ঠক৷ জুবিন গার্গ অমৰ হওক ধ্বনিৰে মুখৰিত হৈ পৰিল সৰুসজাইৰ শ্রদ্ধাঞ্জলিৰ বাকৰি৷ আজিও দর্শনার্থীৰ বাবে মুকলি থাকিব শ্রদ্ধাঞ্জলিথলী৷ নিশাও অজস্র গুণমুগ্ধই অশেষ কষ্ট স্বীকাৰ কৰি হ’লেও মৰমৰ শিল্পীগৰাকীক শ্রদ্ধা নিবেদিলে৷ সর্বসাধাৰণ ৰাইজৰ লগতে আজি সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পৰ ৰাজহুৱা শ্রদ্ধাঞ্জলিথলীত উপস্থিত হৈ শিল্পীগৰাকীৰ নশ্বৰদেহত শেষ শ্রদ্ধা অর্পণ কৰিলে কেন্দ্রীমন্ত্রী সর্বানন্দ সোণোৱালে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রয়াত শিল্পীগৰাকীৰ সহধর্মিণী গৰিমা শইকীয়া গার্গকো গভীৰ সমবেদনা জ্ঞাপন কৰে৷ সৃষ্টিত যাৰ সাধনাৰ বৃষ্টি, কণ্ঠ–শব্দ সুৰত যাৰ সুদূৰ দৃষ্টি সেইগৰাকী প্রাণৰ জুবিন অসমীয়াৰ বুকুত কায়িকভাৱে নহ’লেও এক আৱেগ হৈ চিৰদিন জীয়াই থাকিব৷

জুবিন গার্গক মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ প্রদানৰ আহ্বান অসম সাহিত্য সভাৰ
অসমীয়া জাতিৰ হূদস্পন্দন, কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, কবি, ক্রীডাবিদ জুবিন গার্গক ‘ভাৰতৰত্ন’ প্রদানৰ আহ্বান জনাইছে অসম সাহিত্য সভাই৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিজ্ঞপ্তিত সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, ডপ–সভাপতি পদুম ৰাজখোৱা আৰু প্রধান সম্পাদক দেৱজিৎ বৰাই কয়– অসমৰ জনগণৰ দাবীৰ ওপৰত নির্ভৰ কৰি জুবিন গার্গক ‘ভাৰতৰত্ন’ প্রদান কৰিব লাগে৷ যিহেতু বিগত বর্ষসমূহত প্রচুৰ প্রতিভাসম্পন্ন এইগৰাকী ব্যক্তিৰ প্রতি কোনো মর্যাদাপূর্ণ সন্মান চৰকাৰীভাৱে প্রদান কৰা নহ’ল৷ তেওঁৰ অন্তিম যাত্রাত অভিলেখসংখ্যক গুণমুগ্ধৰ অংশগ্রহণে তেওঁৰ সমাজ জীৱনত অৰিহণা কিমান সেয়াই তাকেই প্রমাণ কৰে৷ সেয়ে অসম সাহিত্য সভাই হূদয়েৰে আশা কৰে যে বিশ্ববন্দিত শিল্পী জুবিন গার্গক কেন্দ্রীয় চৰকাৰে ‘ভাৰতৰত্ন’ প্রদান কৰিব লাগে৷ সভাই বিজ্ঞপ্তিটোত জানিবলৈ দিয়া মতে–কেন্দ্রীয় চৰকাৰৰ লগত এই সন্দর্ভত অসম সাহিত্য সভাই যোগাযোগ কৰিব৷ ইফালে সভাই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো এক পত্রযোগে জুবিন গার্গক মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ প্রদান কৰাৰ প্রসংগত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবে আহ্বান জনাব৷ অসম সাহিত্য সভাৰ কর্ণধাৰ সমিতিয়ে আজি এই সিদ্ধান্ত গ্রহণ কৰিছে৷

জুবিন গার্গক ‘ভাৰতৰত্ন’ প্রদানৰ দাবী অসম জাতীয় পৰিষদৰ
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গক ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰাৰ দাবী ডত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাৰতৰ প্রধানমন্ত্রীলৈ ই–মেহলযোগে এহমর্মে এখন স্মাৰক–পত্র প্রেৰণ কৰে৷ স্মাৰক–পত্রখনত কোৱা হয় যে জুবিন গার্গ কেৱল অসমৰে নহয়, সমগ্র ভাৰতৰে একক আৰু অনন্য সম্পদ আছিল৷ জুবিনৰ কণ্ঠ সমগ্র ভাৰতৰ ভিতৰত আছিল অদ্বিতীয়৷ ৪০টা ভাষাত ৩৪ হেজাৰ গান গোৱা কণ্ঠশিল্পী গোটেহ ভাৰততে কম আছে৷ তেওঁ মানৱতাৰ গান গাইছিল, ভালপোৱাৰ কথা কৈছিল, সমন্বয়ৰ সেতু গঢ়িছিল৷ সেয়ে জুবিন গার্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা আগবঢ়োৱা উচিত৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ

You might also like