নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰলৈ সাংসদ বদৰুদ্দিন আজমলৰ ১.৫ কোটি টকা

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বজৰুদ্দিন আজমলে ।

বিশেষকৈ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ বাবে গ্ৰহণ কৰি আজমলে নিজৰ সাংসদ পুঁজিৰ পৰা ১.৫০ কোটি টকা আগবঢ়োৱাৰ কথা সদৰী কৰিছে ।

ইফালে ক’ৰোনা আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে সাংসদ ভূৱনেশ্বৰ কলিতা আৰু প্ৰদ্যুৎ বৰদলৈয়ে ১ কোটিকৈ টকা দিয়াৰ বিপৰীতে ৫০ লাখ টকা আগবঢ়াইছে সাংসদ আব্দুল খালেকে ।

You might also like