নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

🔹 অনুজ বড়া সভাপতি, বিমল মহন্ত সাধাৰণ সম্পাদক নিৰ্বাচিত

নিয়মীয়া বাৰ্তা, নাহৰকটীয়া, ২৬ ছেপ্টেম্বৰ : নাহৰকটীয়া মহাবিদ্যালয়ৰ ২০২৫-২৬ একতা সভাৰ নিৰ্বাচনত সভাপতিৰ পদত অনুজ বড়া বিজয়ী হোৱাৰ বিপৰীতে সাধাৰণ সম্পাদক পদত বিজয়ী হ’বলৈ সক্ষম হৈছে বিমল মহন্ত।

আজি অনুষ্ঠিত হোৱা মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদত অৱতীৰ্ণ হোৱা অনুজ বড়াই প্ৰতিদ্বন্দ্বী ঋষিকা বৰুৱাক ১৮৮টা ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, সাধাৰণ সম্পাদক পদত বিমল মহন্তই নিকটতম প্ৰতিদ্বন্দ্বী ৰেকিব আলীক ৫৫টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে। তদুপৰি সহকাৰী সাধাৰণ সম্পাদক পদত আকাশদ্বীপ দাসে দিলীপ যাদৱক ২৩৮টা ভোটত, সমাজ সেৱা সম্পাদক পদত সৌৰভ শৰ্মাই আনিচা আমন হকক ৩৬৩টা ভোটৰ ব্যৱধানত, লঘু ক্ৰীড়া সম্পাদক পদত পাৰবিন বেগমে তৰুণ নায়কক ১১৫টা ভোটত আৰু ছাত্ৰী জিৰণি কোঠা সম্পাদক পদত হিমাশ্ৰী চলিহাই নিকততম প্ৰতিদ্বন্দ্বী ভাগ্যদেৱী শেনচোৱাক ৬১টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে।

আনহাতে, উপ-সভাপতি পদত দুৰ্লভ চাংমাই, সাংস্কৃতিক সম্পাদক পদত লাৱণ্য কোঁৱৰ, সাহিত্য আৰু আলোচনী সম্পাদক পদত কৃষ্টিনাৰাণী টাইৰাই, বহি:ক্ৰীড়া সম্পাদক পদত গণেশ মাঝি আৰু ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত হীৰকজ্যোতি তালুকদাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে অতি শান্তিপূৰ্ণ পৰিৱেশত আৰু বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ এই নিৰ্বাচন সফলভাৱে সমাপ্ত হোৱা বাবে সকলো ছাত্ৰ ছাত্রীকে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু নিৰ্বাচনী বিষয়া প্ৰাঞ্জল কুমাৰ বৰদলৈয়ে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like