বিশেষ বাৰ্তা, ৩ অক্টোবৰ : বিজয়া দশমীৰ পিছদিনাই বিলাসীপাৰাত সংঘটিত হ’ল এক শোকাৱহ ঘটনা। হাতীপোতা দ্বিতীয় খণ্ড গাঁৱত গৌৰাং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী নাবালিকাৰ । নাবালিকাগৰাকী গাঁওখনৰ হজৰত আলীৰ কন্যা আখিৰা বেগম (১২) বুলি জানিব পৰা গৈছে। গঞা ৰাইজে কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে অভিযান চলাইছে যদিও অদ্যাপি সফল হব পৰা নাই। কিশোৰাগৰাকীৰ সলিল সমাধিৰ ঘটনাক লৈ গাঁওখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লৈছে।
You might also like