মহিলা এদিনীয়া বিশ্বকাপ : বর্ষাপাৰাত আজি দক্ষিণ আফ্রিকা–ইংলেণ্ড
🔹 ভাৰত–শ্রীলংকাৰ উদ্বোধনী মেচত দর্শকৰ নতুন অভিলেখ
নিউজ ডেস্ক, ৩ অক্টোবৰ : দক্ষিণ আফ্রিকাই আজি গুৱাহাটীৰ বর্ষাপাৰাত ইংলেণ্ডৰ বিপক্ষে খেলি চলিত মহিলা এদিনীয়া বিশ্বকাপত অভিযান আৰম্ভ কৰিব৷ বিগত দুখন এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলিষ্ট দক্ষিণ আফ্রিকাই জয়েৰে প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে৷
বর্ষাপাৰাত প্রথমবাৰৰ বাবে খেলিবলগীয়া প্রটিয়াজ বাহিনীয়ে ইংৰাজ বাহিনীৰ সকলো প্রত্যাহ্বান গ্রহণৰ বাবে সম্পূর্ণৰূপে সাজু আছে বুলি মন্তব্য কৰি দলটোৰ অধিনায়িকা লউৰা ৱ’লভার্টে কয় যে ইংলেণ্ড দলটো যথেষ্ট শক্তিশালী যদিও ইয়াৰ বাবে আমি সম্পূর্ণৰূপে সাজু হৈছোঁ৷ বর্ষাপাৰাত বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত প্রত্যয়জনক আৰম্ভণি কৰিব বিচাৰিছোঁ৷ আশা ৰাখিছোঁ- সতীর্থসকলে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব৷
ইফালে, নেট স্কাইভাৰ–ব্রাণ্টৰ ইংলেণ্ড দলটোৱেও জয়েৰে আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে৷ যিহেতু দক্ষিণ আফ্রিকা শক্তিশালী দল গতিকে মেচখন ৰোমাঞ্চকৰ হোৱাটো নিশ্চিত বুলি ইংলেণ্ডৰ অধিনায়িকাগৰাকীয়ে মন্তব্য কৰে৷
উল্লেখ্যে যে গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অয়োজক দল ভাৰত আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত উদ্বোধনী মেচখনত দর্শকৰ উপস্থিতিয়ে এক নতুন অভিলেখ স্থাপন কৰে৷ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত দর্শকৰ উপস্থিতিৰ সংখ্যা আছিল ২২,৮৪৩৷ যিটো যিকোনো মহিলা বিশ্বকাপৰ গ্রুপ পর্যায়ৰ খেলত সর্বাধিক উপস্থিতিৰ অভিলেখ৷ ইয়াৰ পূর্বে ২০২৪ চনত ভাৰত–পাকিস্তানৰ মাজত অনুষ্ঠিত মহিলা টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়ৰ মেচখনত দর্শকৰ উপস্থিতিৰ সংখ্যা আছিল ১৫,৯৩৫৷