নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ শনিবাৰে স্বাস্থ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়গৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত । ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতালকো গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ দৰেই গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াও অসম ক’ৰোনা মুক্ত নহয় । কিয়নো যোৱা ১৯ মাৰ্চৰ পৰা অসমলৈ আগমন ঘটিছে বাহিৰত থকা সকলো লোকৰ গতিকে এইসকলৰ ১৪ দিন হ’ব ৫ এপ্ৰিলত আনহাতে ২৫ মাৰ্চ তাৰিখৰ পৰা যদি চোৱা হয় তেতিয়া সেইসকল লোকৰ ৯ এপ্ৰিলত হ’ব ১৪ দিন । ৯ এপ্ৰিললৈকে যদি অসমত কোনো পজিটিভ ঘটনা পোহৰলৈ নাহে তেন্তে আমি অলপ হ’লেও ৰক্ষা পৰিব পাৰিম ।
অৱশ্যে কিছু কিছু লোকৰ ক্ষেত্ৰত এই ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ পিচতো মানুহজনক কোনো ধৰণৰ ক্ষতি কৰি নোৱাৰে কিন্তু সেইজনে মানুহে সেইকেইটা দিনৰ ভিতৰত যদি আন মানুহৰ সংস্পৰ্শলৈ আহিছে তেন্তে তেওঁলোকৰ ক্ষেত্ৰত ক’ৰোনা পজিটিভ হোৱাৰ সম্ভাৱনা থাকে । গতিকে অসম এতিয়াও ইয়াৰ পৰা মুক্ত নহয় বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।