নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ থাকিব এএমচি

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ থাকিব অসম মেডিকেল কলেজ হাস্পতাল । ডিব্ৰুগড়ৰ ২৭ খন ব্যক্তিগত নাৰ্ছিং হোমে চৰকাৰৰ প্ৰতি সঁহাৰি আগবঢ়োৱাৰ পাচতেই অসম মেডিকেল কলেজ হাস্পতালক সম্পূৰ্ণ ৰূপে ক’ৰোনা ৰোগৰ চিকিৎসাৰ বাবে গঢ়ি তোলাৰ কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেৱল ক’ৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে সংৰক্ষিত হ’ব লগা অসম মেডিকেল কলেজ বন্ধ থাকিব সাধাৰণ ৰোগীৰ বাবে ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত সংবাদমাধ্য়মৰ সৈতে হোৱা কথোপকথনত এইটোও উল্লেখ কৰে যে কাৰ্ডিঅ’লজি, প্ৰসূতি আৰু জৰুৰীকালীন বিভাগহে উপলব্ধ হ’ব ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত । ডিব্ৰুগড়ৰ ২৭ খন ব্য়ক্তিগত চিকিৎসালয়ত সাধাৰণ ৰোগীয়ে চৰকাৰী হাস্পতালৰ দৰেই চিকিৎসা কৰাব পাৰিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

You might also like