নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উই চেল্যুট ইউ

ক'ৰোনাৰ বিৰুদ্ধে ড০ হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত যুঁজে সাহস দিছে ৰাজ্যৰ লক্ষ লক্ষজনক

নিয়মীয়া বাৰ্তা ২৯ মাৰ্চঃ  যোৱা ২১ মাৰ্চত যোৰহাট পুলিবৰৰ চাৰে চাৰি বছৰীয়া কণমানি এটিৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত আতংকিত হৈ উঠিছিল সমগ্ৰ ৰাজ্য। লগে লগে সন্ত্ৰস্ত হৈ পৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগ। তাৎক্ষণিক ভাৱে কণমানিটিৰ কভিড ১৯ৰ চূড়ান্ত পৰীক্ষাৰ বাবে সম্পূৰ্ণ নমুনা প্ৰেৰণ কৰা হৈছিল লাহোৱালৰ আই চি এম আৰ-আৰ এম আৰ চি লেবৰেটৰীলৈ। পুৱতি নিশা কণমানিটিৰ কোভিড ১৯ৰ নিগেটিভ ফলাফল আহিছিল লাহোৱালৰ লেবৰেটৰাৰ পৰা। এই ৰিপৰ্ট নহা পৰ্যন্ত অধীৰ অপেক্ষাৰে বিনিদ্ৰৰজনী যাপন কৰিছিল এজন ব্যক্তিয়ে। কণমানিটিৰ নিগেটিভ ফলাফলৰ পিছত আশ্বস্ত হৈছিল তেওঁ। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এনেদৰেই ক’ৰোনা ভাইৰাছৰ আতংকৰ পিছত এতিয়া বহু উজাগৰী নিশা পাৰ কৰিছে কৰোনা প্ৰতিৰোধৰ প্ৰস্তুতিৰে । কৰোনা ভাইৰাছে বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ লগতে দেশজুৰি আতংকৰ সৃষ্টি কৰিছে। এই পৰ্যন্ত ভাৰতবৰ্ষত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১০২৬ জন হৈছে আৰু মৃত্যু হৈছে ২৭ জনৰ। অসমবাসীৰ বাবে সুখবৰ যে এই পৰ্যন্ত ৰাজ্যখনত ধৰা পৰা নাই ক’ৰোনা আক্ৰান্তৰ উপস্থিতি। কিন্তু দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিৰোধ মূলক ব্যৱস্থাৰ বাবে আৰম্ভ কৰিছে যুদ্ধ কালীন প্ৰস্তুতিয। এই প্ৰস্তুতিৰ সন্মুখৰ পৰা নেতৃত্ব দিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী গৰাকীয়ে বিৰামহীন ভাৱে পৰিদৰ্শন কৰিছে ৰাজ্যৰ ইখনৰ পিছত সিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল। কৰোনাৰ আতংকৰ প্ৰথম সময়ছোৱাতেই মন্ত্ৰীগৰাকীয়ে নিজে বাৰে বাৰে বৰঝাৰ বিমানবন্দৰ আৰু ৰেল ষ্টেচনত উপস্থিত হৈ বাহিৰৰ পৰা অহা যাত্ৰীৰ নিৰীক্ষণ প্ৰক্ৰিয়া পৰিদৰ্শন কৰিছে।ইটালী আমেৰিকা স্পেইনৰ দৰে উন্নত দেশ কোভিদ ১৯ ৰ ক্ষেত্ৰত যিদৰে অসহায় হৈ পৰিছে সেই সময়ত ভাৰত তথা অসমৰ দৰে জনবহুল দেশ তথা ৰাজ্যত এই ভাইৰাছে কি ভয়াৱহ ৰূপ লব পাৰে সেয়া সহজেই অনুমান কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে। সেই বাবে ভাৰত চৰকাৰে এতিয়া প্ৰতিৰোধমূলক ব্যৱস্থাহে যে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ একমাত্ৰ ব্যৱস্থা সেয়া প্ৰায় আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে। এনে অৱস্থাত অসমত ক’ৰোনা প্ৰতিৰোধৰ এক অঘোষিত যুঁজত যেন নামি পৰিছে স্বাস্থ্য মন্ত্ৰী ড০শৰ্মা। দিন-ৰাতি বিৰামহীনভাৱে তেওঁ মত বিনিময় কৰিছে বিশেষজ্ঞ চিকিতসকসকলৰ সৈতে, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলৰ সৈতে। প্ৰথম পৰ্যায়ত তেওঁ ধাৰাবাহিক ভাৱে ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ চিকিৎসালয়সমূহ পৰিদৰ্শন কৰাৰ উপৰি বাৰে বাৰে নিৰীক্ষণ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কেইটামান বেমাৰৰ ৰোগীক বাদ দি একমাত্ৰ কোভিদ ১৯ চিকিতসাৰ বাবে প্ৰস্তুত কৰি উলিওৱাৰ লগতে এই তিনিখন চিকিৎসা মহাবিদ্যালয়লৈ অহা বাকী ৰোগীসকলক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে বুজা বুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আনহাতে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত ক’ৰোনা আক্ৰান্তৰ বাবে আছুতীয়া অস্থায়ী কক্ষ নিৰ্মাণ কৰাৰ লগতে সোণাপুৰ, আমিনগাঁও, মহেন্দ্ৰ মোহন চৌধুৰী
হাস্পাতল আৰু শিঙিমাৰী  চিকিৎসালয় কেইখন কোভিদ ১৯ৰ চিকিৎসাৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে। একেদৰে কোভিদ ১৯ ৰ চিকিতসাৰ বাবে চিকিৎসকৰ টীমো সাজু কৰি তুলিছে স্বাস্থ্য
বিভাগে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ অধীনত প্ৰস্তুত কৰা হৈছে এনে এটা টীম। স্বাস্থ্য বিভাগে পাঁচ খন অস্থায়ী
কোভিদ ১৯ চিকিৎালয়ৰ নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সমগ্ৰ প্ৰস্তুতিৰ প্ৰায় একক ভাৱে নেতৃত্ব দিছে ড০ শৰ্মাই। বাৰে বাৰে তেওঁ উপস্থিত হৈছে চিকিৎসালয়সমূহত। নিজে পৰিদৰ্শন
কৰিছে প্ৰস্তুতি। আনকি চিকিৎসালয়সমূহত চলা ছেনিটাইজেচন ব্যৱস্থাৰো তদাৰক কৰিছে মন্ত্ৰীগৰাকীয়ে। তাৰ পিছতহে লগে লগে আকৌ সম্বোধন কৰিছে সংবাদ মেল। স্বাস্থ্য মন্ত্ৰী জনে বাৰে বাৰে সংবাদ মেলযোগে জনসাধাৰণৰ মাজত কৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। আনহাতে ৰাজ্যবাসীও যেন একমাত্ৰ স্বাস্থ্য মন্ত্ৰী ড০ শৰ্মাৰ বক্তব্যৰ বাবেই হৈ থাকে অপেক্ষাৰত। সমগ্ৰ ৰাজ্যত কৰোনা আতংকই এক ভয়াৱহপৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত এতিয়া ড০ শৰ্মাৰ ব্যক্তব্যই হৈ পৰিছে আশাৰ বাণী! লকডাউনৰ চতুৰ্থ দিনত সমগ্ৰ ৰাজ্য বাসী আবদ্ধ হৈ আছে নিজৰ ঘৰত।এই সময়ছোৱাত সকলোৰে বাবেটিভি আৰু মবাইলত ছ’চিয়েল মিডিয়াই হৈ পৰিছে একমাত্ৰ সম্বল। টিভি আৰু ছ’চিয়েল মিডিয়াযোগে মন্ত্ৰী ড০ শৰ্মাই সময়ে সময়ে আগবঢ়াই থকা প্ৰতিটো বক্তব্যৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে ৰাজ্যবাসীয়ে। এতিয়া আনকি ঘোৰ বিৰোধীয়েও ক’ৰোনা প্ৰতিৰোধৰ বাবে ক্ষেত্ৰত যুদ্ধসদৃশ তৎপৰতা চলোৱা মন্ত্ৰী ড০ শৰ্মাৰ দায়বদ্ধতা আৰু কৰ্মপদ্ধিতক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। ছ’চিয়েল মিডিয়াত বিভিন্নজনে ড০ শৰ্মাৰ সৰ্মথনত পোষ্ট দি থকা পৰিলক্ষিত হৈছে। দিন-ৰাতি একাকাৰ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰি স্বাস্থ্য মন্ত্ৰী ড০ শৰ্মাই নিজেই অঘোষিত যুদ্ধ আৰম্ভ কৰিছে। এই যুদ্ধ ৰাজ্যবাসীক মহামাৰীৰ পৰা ৰক্ষা কৰাৰ প্ৰতিৰোধমূলক যুঁজ। এগৰাকী মন্ত্ৰী হিচাপে নিজে সুৰক্ষিত স্থানত থাকি বিষয়া কৰ্মচাৰীক নিৰ্দেশ দি দায়িত্ব পালন কৰা স্বাস্থ্য মন্ত্ৰী জনে। তেওঁ নিজে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰাৰ বাবেই এতিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগ উজ্জীৱিত হৈ উঠিছে। মন্ত্ৰী গৰাকীৰ বিৰামহীন শ্ৰমে এতিয়া বিভাগটোৰ বিষয়াৰ পৰা চতুৰ্থবৰ্গৰ কৰ্মচাৰীলৈ সকলোকে নিজ কৰ্মৰ বাবে অনুপ্ৰাণিত কৰিছে। স্বাস্থ্য বিভাগৰ ৱাৰ্ড বয়ৰ পৰা শীৰ্ষ বিষয়ালৈ সকলোৱে এতিয়া ক’ৰোনা প্ৰতিৰোধৰ বাবেকৰিছে কঠোৰ পৰিশ্ৰম। ৰাজ্যৰ ভয়াৱহ বিপদৰ সময়ত ড০ শৰ্মাৰ এনে নেতৃত্বই এতিয়া আশংকা আৰু নৈৰাশ্যৰ মাজতো আশাৰ বতৰা কঢ়িয়াই আনিছে। চেল্যুট ইউ হেলথ মিনিষ্টাৰ।

You might also like