নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ মহামাৰী ক’ৰোণা ভাইৰাছে দিনক দিনে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কামৰূপ জিলাৰ বেজেৰাৰ অসমীয়া মাধ্যমৰ আগশাৰীৰ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান উদয়ন শান্তি নিকেতন,বেজেৰাই দেখুৱালে মহানুভৱতা । ক’ৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ বিদ্যালয়খনে প্ৰদান কৰে ২৫ হাজাৰ টকাৰ এককালীন সাহায্য । বিদ্যালয় খনৰ বেজেৰাস্থিত ইউকো বেংক বেজেৰা শাখাৰ পৰা একাউন্ট নং ১২০৭০১১০০৭৩৬৮১ নম্বৰৰ যোগেদি বিদ্যালয়খনৰ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰিত আৰ , টি, জি এছ যোগে অসম আৰোগ্য নিধি ৩২১২৪৮১০১০১ নম্বৰৰ একাউন্টত পঁচিশ হাজাৰ টকা আগবঢাই ।
বিদ্যালয়খনৰ অধ্যক্ষ হেমন্ত শৰ্মাই জানিব দিয়া মতে,উদয়ন শৈক্ষিক আৰু সমাজকল্যাণ ন্যাসে উদয়ন পৰিয়ালৰ হৈ উক্ত ধনৰাশি মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ প্ৰেৰণ কৰে ৷ বিদ্যালয়খনৰ এনে পদক্ষেপৰ শলাগ লৈছে সৰ্বসাধাৰণ ৰাইজে ৷ লগতে বিদ্যালয় সমাজ কল্যাণ শৈক্ষিক ন্যাসৰ সভাপতি চণ্ডীচৰণ ডেকাই চৰকাৰে ঘোষণা কৰা লক ডাউন মানি চলি সকলোকে ঘৰতে থাকি ক’ৰোণা ভাইৰাছৰ সৈতে যুঁজিবলৈ আহ্বান জনায় ।