নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰোগ্য নিধিলৈ উদয়ন শান্তি নিকেতনৰ ২৫ হাজাৰ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ মহামাৰী ক’ৰোণা  ভাইৰাছে  দিনক দিনে সমগ্ৰ বিশ্বতে সংহাৰী  ৰূপ ধাৰণ কৰাৰ সময়তে কামৰূপ জিলাৰ বেজেৰাৰ অসমীয়া মাধ্যমৰ আগশাৰীৰ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান উদয়ন শান্তি নিকেতন,বেজেৰাই দেখুৱালে মহানুভৱতা । ক’ৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ বিদ্যালয়খনে প্ৰদান কৰে ২৫ হাজাৰ টকাৰ এককালীন সাহায্য । বিদ্যালয় খনৰ বেজেৰাস্থিত ইউকো বেংক বেজেৰা শাখাৰ পৰা একাউন্ট নং ১২০৭০১১০০৭৩৬৮১ নম্বৰৰ যোগেদি বিদ্যালয়খনৰ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰিত আৰ , টি, জি এছ  যোগে  অসম আৰোগ্য নিধি ৩২১২৪৮১০১০১ নম্বৰৰ একাউন্টত পঁচিশ হাজাৰ টকা আগবঢাই ।

বিদ্যালয়খনৰ অধ্যক্ষ হেমন্ত শৰ্মাই জানিব দিয়া মতে,উদয়ন শৈক্ষিক আৰু সমাজকল্যাণ ন্যাসে উদয়ন পৰিয়ালৰ হৈ উক্ত ধনৰাশি মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ প্ৰেৰণ কৰে ৷ বিদ্যালয়খনৰ এনে পদক্ষেপৰ শলাগ লৈছে সৰ্বসাধাৰণ ৰাইজে ৷ লগতে বিদ্যালয় সমাজ কল্যাণ শৈক্ষিক ন্যাসৰ  সভাপতি চণ্ডীচৰণ ডেকাই  চৰকাৰে ঘোষণা কৰা লক ডাউন মানি চলি সকলোকে ঘৰতে থাকি ক’ৰোণা ভাইৰাছৰ সৈতে যুঁজিবলৈ আহ্বান জনায় ।

You might also like