নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণণে ব্ৰেড , বিস্কুট, পেকেজ ড্ৰিঙ্কিং ৱাটাৰ, চাউলৰ মিল, চিৰা মিল সমূহ লকডাউনৰ সময়ত খোলাৰ যি নিৰ্দেশনা দিছিল সেই নিৰ্দেশনা প্ৰত্যাখ্যান কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
শনিবাৰে কুমাৰ সঞ্জয় কৃষ্ণণৰ অধ্যক্ষতাত ৰাজ্যিক টাস্ক ফৰ্চৰ সভাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছিল । মুখ্য সচিবে সামাজিক দূৰত্ব বজাই কম সংখ্যক কৰ্মচাৰীৰ সহায়ত লকডাউনৰ সময়ত এইসমূহ ফেক্টৰীয়ে কাম কৰি যোৱাৰ নিৰ্দেশ দিছিল ।
শনিবাৰে নিশা ৮ বজাত ব্যক্তিগত চেটেলাইট চেনেল নিউজ লাইভৰ পৰিচালন সঞ্চালক চৈয়দ জাৰিৰ হুছেইন সৈতে ‘প্ৰেক্ষাপট’ অনুষ্ঠানত মুখ্য সচিবৰ এই নিৰ্দেশনা প্ৰত্যাখ্যান কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে কয় যে, যদি প্ৰয়োজনীয় নহয় তেন্তে এইসমূহ ফেক্টৰীয়ে উৎপাদন অব্যাহত ৰাখিব নোৱাৰিব ।