নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোণা লক ডাউনঃ দেশৰ অৰ্থনীতিত লোকচান হ’ব ৮.৭৬ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ২০২৪ চনৰ ভিতৰত পাঁচ লাখ কোটি টকাৰ অৰ্থনীতিৰ সপোন দেখা ভাৰতে এতিয়া স্বৰাজোত্তৰ কালত প্ৰথমবাৰৰ বাবে সৰ্ববৃহত বিপৰ্যয়ৰ সন্মুখীন হ’ব লগা হৈছে। চীনত সৃষ্ট মহামাৰী ক’ভিড-১৯ ভাইৰাছৰ বাবে দেশ সম্পূৰ্ণৰূপে অচল হৈ পৰিছে। যোৱা দুটা মাহ ধৰি বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বিনিয়োগকাৰীয়ে বহু লাখ কোটি টকা হেৰুৱাৰ লগতে জনগণৰ জীৱনযাত্ৰাত ব্যাপক প্ৰভাৱ পৰিছে। কিন্তু দেশত কৰণা ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১দিনৰ বাবে সম্পূৰ্ণ ভাৰত লক ডাউন ঘোষণা কৰাত দেশৰ অৰ্থনীতি এতিয়া সম্পূৰ্ণ শয্যাগত। এক সমীক্ষাত প্ৰকাশ পোৱা মতে ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ আৰু লক ডাউন বাবে দেশে অৰ্থনীতিৰ ৮.৭৬ লাখ কোটি টকাৰ লোকচান মূৰ পাতি ল’ব লাগিব। দেশে ৩ সপ্তাহজোৰা লক ডাউনৰ সময়তে দেখা গৈছে যে বিদ্যুত, গেছ, জল সৰবৰাহৰ লগতে বিত্তীয় সেৱা আৰু সাধাৰণ প্ৰশাসন, প্ৰতিৰক্ষা আদি খণ্ড সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। প্ৰভাৱ পৰিছে কৃষি খণ্ডত। লক ডাউনৰ সময়ৰ প্ৰভাৱ মূল্যায়ন কৰোতে কেৱল ২১ দিনৰ বন্ধৰ ঘোষণা কৰিলেই উচিত নহ’ব। ইয়াৰ উপৰিও সামগ্ৰী বা পৰিসেৱা ক্ৰিয়া-কলাপ চক্ৰৰ সৈতে জড়িত অতিৰিক্ত দিনসমূহ সংযুক্ত কৰিব লাগিব। কিয়নো প্ৰতিটো খণ্ডতে নিজা নিজা গতিশীলতা আৰু পৃথক চক্ৰ লক্ষ্য যায়। সেই হিচাপে ২১ দিনৰ লগত আৰু ৭দিন যোগ দি এই সময়ৰ প্ৰভাৱ ২৮ দিনলৈকে হোৱাটো নিশ্চিত হৈছে। কিয়নো বিভিন্ন খণ্ডত মানৱ সম্পদ, সামগ্ৰী, পুঁজি আৰু ইয়াৰ উৎপাদন ক্ষমতা বিবেচনা কৰাৰ প্ৰয়োজন। সমীক্ষা মতে লক ডাউনৰ সময়তে দেশৰ খনিজ আৰু কোৱেৰী খণ্ডত ০.৩১ লাখ কোটি টকা, নিৰ্মাণ খণ্ডত (চিকিৎসাখণ্ড বাদ দি) ২.১৬ লাখ কোটি টকা, বাণিজ্য, হোটেল, পৰিবহন, যোগাযোগ আৰু সেৱা খণ্ডত ২.৪২ লাখ কোটি টকাৰ লোকচানৰ আশংকা কৰা হৈছে। আনহাতে বিত্তীয় ৰিয়েল ইষ্টেট আৰু পেছাদাৰী সেৱাসমূহৰ ক্ষেত্ৰত ২.৮১ লাখ কোটি টকাৰ লোকচান হ’ব বুলি অনুমান কৰা হৈছে। লক ডাউনৰ সময়ত এই সকলো খণ্ড মিলাই ৮.৭৮ কোটি টকাৰ লোকচান ভৰিব লাগিব ভাৰতে। উল্লেখযোগ্য যে ভাৰতজোৰা লক ডাউনৰ সময়ত ক্ষতিৰ জোৰা মাৰিবলৈ তথা জনগণক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিলেও উপৰিউক্ত ক্ষেত্ৰসমূহত হ’ব পৰা এই বৃহৎ পৰিমাণৰ লোকচানৰ মোকাবিলা দেশখনে কেনেদৰে কৰে সেয়া লক্ষণীয় হ’ব। প্ৰণিধানযোগ্য যে বিশেষজ্ঞৰ অধ্যয়ণ অনুসৰি কভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে লক ডাউনৰ সময় আৰু বৃদ্ধি কৰিব লগা হ’ব পাৰে। সেয়ে হ’ল বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰো অৰ্থনীতি থৰক-বৰক হৈ পৰাৰ সম্ভাৱনা আছে।

You might also like