কংগ্ৰেছৰ সভাত বাংলাদেশ-ৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, শ্ৰীভূমি থানাত এজাহাৰ দাখিল
এই ঘটনাই ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীক আৰু দেশৰ স্বাভিমানক হানি কৰে, যি ভাৰতীয় আইনৰ অধীনত এক গম্ভীৰ অপৰাধ।
শ্ৰীভূমি জিলাত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত বাংলাদেশ-ৰ ৰাষ্ট্ৰীয় সংগীত ‘আমাৰ সোনাৰ বাংলা’ গোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় নাগৰিক অনুপম দাস চৌধুৰীয়ে শ্ৰীভূমি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।
অভিযোগত উল্লেখ কৰা হৈছে, ২৭ অক্টোবৰত শ্ৰীভূমিৰ কংগ্ৰেছকাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। অভিযোগকাৰীৰ মতে, এই ঘটনাই ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীক আৰু দেশৰ স্বাভিমানক হানি কৰে, যি ভাৰতীয় আইনৰ অধীনত এক গম্ভীৰ অপৰাধ।
অনুপম দাস চৌধুৰীয়ে নিজৰ আবেদনত দাবী কৰিছে— ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰি দোষীসকলক চিনাক্ত কৰিব লাগে; ঘটনাৰ ভিডিঅ’ ফুটিজ, সাক্ষ্য, আৰু অন্য সকলো প্ৰমাণ সংগ্ৰহ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ লগতে কৈছে, ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহ’বৰ বাবে সচেতনতামূলক পদক্ষেপ লোৱা আৱশ্যক।
অভিযোগপত্ৰত PINS আইন ১৯৭১ আৰু BNS আইন ২০২৩-ৰ প্ৰাসংগিক ধাৰাত তদন্ত আৰম্ভ কৰাৰ অনুৰোধ জনোৱা হৈছে। ঘটনাটোৱে ইতিমধ্যেই শ্ৰীভূমি অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ