ৰাজ্যত ৰাসোৎসৱ : ডুমডুমা-গোলাঘাট-ৰহা-ওদালগুৰি-চামগুৰিত কৃষ্ণ বন্দনা
ডুমডুমা ফিল’বাৰীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱ উদযাপন
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ গাভৰুভেটিত আধ্যাত্মিক চিন্তা চৰ্চাৰে যোৱা ৪৫ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ৷ অসম অৰুণাচলৰ সীমান্তৰ পূৱ প্ৰান্তত ঐতিহাসিক ফিল’বাৰীত অগনন ৰাইজৰ ভক্তিভৰা সেৱা আধ্যাত্মিকতা আৰু জাতিভেদ বৰ্ণ-বৈষম্যৰ আঁৰত, গাভৰুভেটি কলা কৃষ্টি সংঘৰ উদ্যোগত আৰু আৰু সমগ্ৰ ফিল’বাৰীবাসী ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ প্ৰতি বছৰে উচ্ছাসেৰে শৰতৰ হিম চেঁচা বতৰত অনুষ্ঠিত হয় এই পৰম মংগল শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ৷ ৰাস মহোৎসৱৰ দ্বিতীয় দিনা নিশা মন্ত্ৰী ৰূপেশ গোৱালাই উপস্থিত হৈ চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ৰাস মহোৎসৱ উদযাপন সমিতিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পুঁজিৰ নগদ ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে৷ তিনিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত ছাত্ৰছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ ৰাস মহোৎসৱত ব্ৰজৰ গোপীগণৰ ভূমিকাত অভিনয় কৰিছে স্থানীয় শিশু আৰু যুৱক-যুৱতীসকলে। ৰঙীন পোহৰ, বাঁহীৰ সুৰ আৰু ভক্তিৰ সঙ্গীতৰ মাজেৰে এক অনুপম দৃশ্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এই ৰাসখনত প্ৰতি বছৰে বিহাৰী সম্প্ৰদায় আৰু চাহ জনগোষ্ঠীৰ বহু শিশুৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু অভিনয়ে অধিক আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰে ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শকৰ৷ এতিয়া মুঠতে ফিল’বাৰীত এটি স্বৰ সৰ্বত্ৰে- শৰতৰ কাল ৰাত্ৰি অতি বিতোপন, ৰাস ক্ৰীড়া কৰিতেৰে কৃষ্ণ গৈল বন।”
গোলাঘাটত কৃষ্ণবন্দনা
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰঃ ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। চৌদিশে কেৱল শ্ৰীকৃষ্ণৰ ৰাস লীলা। ব্যতিক্ৰম নহয় গোলাঘাটত। গোলাঘাটৰ পূব প্ৰান্তৰ কমাৰবন্ধা ৰাইদঙীয়া বামুণ গাঁৱৰ শ্ৰী শ্ৰী শংকৰদেৱ কলা কৃষ্টি চৰ্চা মণ্ডলে এইবাৰ অনুষ্ঠিত কৰিছ সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণী অনুষ্ঠান উদযাপন কৰে ৰাইদঙ্গীয়া বাসীয়ে। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰে আকৰ্ষণীয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন সাংস্কৃতিক দলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। সত্ৰীয়া সংস্কৃতিৰ মৃদঙীয়া গায়ন বায়নেৰে আগবঢ়াই লৈ যায় সাংস্কৃতিক শোভাযাত্ৰা। অসমীয়া সমাজৰ পৰা বৰ্তমান লোপ পাবলৈ ধৰা চৈদিয়া গৰুগাড়ীৰ পৰা অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কৃষ্টি সংস্কৃতি তথা ৰীতি-নীতি পৰম্পৰাৰে পালন ৰাস।
ৰহাত ৰাসলীলাত মুগ্ধ দৰ্শক
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰঃ ৰাজ্যৰ চৌদিশে শৰতৰ পূৰ্ণিমা হিমসনা নিশাত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাই মুহিত কৰিছে ৰাজ্যবাসীক। নগাঁও জিলাৰ ৰহাৰ নিকটৱৰ্তী বাৰপূজীয়াতো বুধবাৰে অনুষ্ঠিত হ’ল ৰাস উৎসৱ। বাৰপূজীয়া ৰাধে-কৃষ্ণ তিৱা মহিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীকৃষ্ণ ৰাসলীলা উৎসৱত বুধবাৰে দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰিলে বাৰপূজীয়া। স্থানীয় শতাধিক তিৱা মহিলা, জীয়াৰী,বোৱাৰীয়ে অংশ ল’লে ৰাস লীলাত। কোনোৱে লৈছে শ্ৰীকৃষ্ণ ভাৱ, কোনোৱে লৈছে শংখচূড় ভাৱ। কোনোৱা জীয়ৰী যদি ৰাধা, কোনোবা মাতৃ আকৌ গোপীৰ বেশত খোলৰ তালে তালে ককাল ভাঙি অভিনয় কৰিলে ৰাস লীলাত। মহাপুৰুষ শংকৰদেৱৰ সৃষ্ট কেলি গোপাল নাটকৰ ৰাসলীলাৰ এই মনোমোহা বৃন্দাৱনৰ কৃষ্ণৰ গোপী সহিতে কেলিৰ ৰসত বুৰ গ’ল সকলো। শিশু কৃষ্ণৰ পৰা আৰম্ভ কৰি শিশু গোপীৰ ভাৱলৈকে অংশ লৈছে বহুতে। মুঠতে ভগৱন্ত কৃষ্ণৰ কাম জয় ক্ৰীড়াত ৰংগ মনেৰে সকলোৱে উবুৰি খাই পৰিছে। উল্লেখ্য যে, চলিত বৰ্ষত নৱম বৰ্ষত উপনীত হোৱা বাৰপূজীয়া ৰাধে-কৃষ্ণ মহিলা সমিতিৰ ব্যতিক্ৰম হ’ল ৰাস মহোৎসৱৰ উদযাপনৰ বাবে সকলোবোৰ কাম মহিলাৰ দ্বাৰাই ব্যৱস্থাপনা কৰা হয়। উল্লেখ্য যে, বুধবাৰে কেলি গোপাল নাটক আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ সংগীত জগতৰ দুই ভোটাতৰা ড০ ভূপেন হাজৰিকাক প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে একে মুখে পৰিবেশন কৰিলে কালজয়ী গীত “মানুহে মানুহৰ বাবে” আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত-” গীত পৰিবেশন কৰে। যিটো সময়ত ধৰ্মীয় অনুষ্ঠানবোৰত মহাপুৰুষ গুৰু দুজনাৰ ঘোষাৰে শুভ কামবোৰৰ আৰম্ভণি হৈছিল, কিন্তু তাৰ বিপৰীতে প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে আৰু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত -গীতে স্থান পালে প্ৰাৰ্থনা গীত হিচাপে। মন কৰিবলগীয়া যে, বাৰপূজীয়া ৰাধে-কৃষ্ণ তিৱা মহিলা সমিতিৰ উদ্যোগত বৃহস্পতি বাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই স্থানীয়ভাৱে আয়োজন কৰিছে জুবিন গাৰ্গ সোঁৱৰণি এক সংগীতানুষ্ঠান।
ওদালগুৰিৰ ৰাসত জুবিনক শ্ৰদ্ধাঞ্জলি
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰঃ ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। সমান্তৰালবাৱে বাক্সাৰ ওদালগুৰিতো ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাজ্যত উলহ মালহেৰে আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ৷ সমান্তৰালভাৱে বাক্সাৰ শালবাৰীৰ ওদালগুৰিতো কালিৰে পৰা ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে ৮২তম সাৰ্বজনীন শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ৷ সদ্যপ্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হয় ৰাসৰ কাৰ্যসূচী৷ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজকে৷
চামগুৰিত কেলিগোপাল নাটৰ আধাৰত “মহাৰাস”
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰঃ “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন” শৰৎকাল অনন্য আৰু পৃথক। এই শৰততেই উদযাপন কৰা হয় শ্ৰীশ্ৰীকৃষ্ণৰ “ৰাসক্ৰীড়া”। শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উখল-মাখল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চামগুৰিৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।নিশা চামগুৰিৰ আউনিআটী শাখা সত্ৰটো মঞ্চস্থ হ’ল গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত “মহাৰাস”। শতাধিক দৰ্শকৰ মাজে মাজে কৃষ্ণ সহিতে গোপী সকলে কৰা এই ৰাস লীলাত যেন দ্বিতীয় বৃন্দাবনলৈ পৰিনত হৈ পৰিল ৭৯বৰ্ষ অতিক্ৰম কৰা চামগুৰিৰ আউনিআটী শাখা সত্ৰৰ অঞ্চল।