নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতিকৰণ : বিজেপি চৰকাৰৰ প্ৰতি পূৰ্ণ আস্থা আটাছুৰ মিলন বুঢ়াগোহাঁই গোটৰ

আটাছু তথা আহোম জনগোষ্ঠীৰ ৰাইজ এইবাৰ জনজাতিকৰণৰ বিষয়ত সম্পূৰ্ণ আশাবাদী বুলি দাবী কৰে ৷ নহলে ফল বিষম হব বুলিহে মন্তব্য কৰে

জনজাতিকৰণৰ দাবীত সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মিলন বুঢ়াগোহাঁই গোট৷ আজি তিনিচুকীয়াত অনুষ্ঠিত হল কেন্দ্ৰীয় কায্যনিৰ্বাহক৷ ঘোষণা কৰিলে ১২ নৱেম্বৰৰ পৰা অসমজুৰি দীঘলীয়া কায্যসূচী ৷ এই লৈ আটাছুৰ কেন্দ্ৰীয় নেতৃত্বই অনুষ্ঠিত কৰে সংবাদ মেল ৷

সংবাদ মেলত আটাচুৱে কংগ্ৰেছ দল তথা সেই সময়ৰ হিতেশ্বৰ শইকীয়া চৰকাৰৰ পৰা তৰুণ গগৈ চৰকাৰলৈ কঠোৰ সমালোচনা কৰে৷ লগতে পুনৰ আদিত্য খাকলাৰী গোটক এটা ক্লাব বুলি অভিষিত কৰে ৷

আটাছু তথা আহোম জনগোষ্ঠীৰ ৰাইজ এইবাৰ জনজাতিকৰণৰ বিষয়ত সম্পূৰ্ণ আশাবাদী বুলি দাবী কৰে ৷ নহলে ফল বিষম হব বুলিহে মন্তব্য কৰে ৷

আটাছুৰ নেতৃত্বই জানিব দিয়া মতে জনজাতিকৰণ ঘোষণাৰ বিষয়টোক লৈ BJP চৰকাৰখনৰ প্ৰতি পূৰ্ণ আস্থা থকাৰ কথা জনোৱাৰ লগতে জনজাতিকৰণৰ ব্যৱস্থাৰে অসমৰ পৰা বাংলাদেশী সমস্যাতো সমাধান সম্ভৱ বুলি সংবাদ মেলত আটাছু নেতৃত্বই জানিব দিয়ে।

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ

You might also like